চুৰাইবাৰীত বৃহৎ পৰিমাণৰ নিষিদ্ধ কাহৰ চিৰাপ জব্দ - Cough Syrup Bottles Seized

🎬 Watch Now: Feature Video

thumbnail
নিষিদ্ধ কাহৰ চিৰাপ জব্দ (undefined)

By ETV Bharat Assamese Team

Published : February 12, 2024 at 10:54 PM IST

1 Min Read
Choose ETV Bharat

কৰিমগঞ্জ, 12 ফেব্ৰুৱাৰী : চুৰাইবাৰীত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ কাহৰ চিৰাপ জব্দ৷ এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰে বিপুল পৰিমাণৰ নিচাজাতীয় কাহৰ চিৰাপখিনি ৷ নিষিদ্ধ সামগ্ৰীখিনিৰ লগতে মেঘালয়ৰ 2 টা সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে ৷

অসমৰ পৰা ত্ৰিপুৰালৈ চোৰাংকৈ সৰবৰাহ কৰাৰ পথত নিচাযুক্ত কাহৰ চিৰাপ সমূহ জব্দ কৰে আৰক্ষীয়ে ৷ চুৰাইবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ মিলিয়ে জনোৱা মতে, সোমবাৰে পুৱা এ এছ 01 আৰ চি 1881 নম্বৰৰ বিভিন্ন সামগ্ৰী ভৰ্তি এখন ট্ৰাক আৰক্ষী আউটপোষ্টৰ সন্মুখত থকা চেকিং পইণ্টত উপস্থিত হোৱাৰ সময়ত কৰ্তব্যৰত আৰক্ষীয়ে সচৰাচৰৰ দৰেই নিয়মীয়া তালাচী চলায় ৷ এই তালাচীত ট্ৰাকখন থকা অন্যান্য সামগ্ৰীৰ আঁৰত লুকুৱাই ৰখা 10 টা কাৰ্টনত মুঠ 1600 বটল নিষিদ্ধ কাহৰ চিৰাপ জব্দ কৰে আৰক্ষীয়ে ৷  

জব্দ কৰা নিষিদ্ধ সামগ্ৰীখিনিৰ বজাৰ মূল্য কেইবা লাখ টকা বুলি জানিব পৰা গৈছে ৷ ইফালে আটকাধীন সৰবৰাহকাৰী কেইটা মেঘালয়ৰ বাৰৱেল লিংডোহ আৰু শিবৰলাং তালাং বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : ভূমি বিবাদক কেন্দ্ৰ কৰি কাছাৰত মহিলাসহ আহত 5

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details