ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে KMSS আৰু SMSS ৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 2:17 PM IST

Agitations against CAA
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে KMSS আৰু SMSS ৰ প্ৰতিবাদ

Agitations against CAA : ৰাজ্যত পুনৰ কা বিৰোধী আন্দোলন ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গোলাঘাটত প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিত আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে KMSS আৰু SMSS ৰ প্ৰতিবাদ

গোলাঘাট, 1 মাৰ্চ : বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গোলাঘাটত প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিত আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ ৷ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ কেইবাজনো মন্ত্ৰীয়ে বিভিন্ন সভা সমিতিত নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰাৰ কথা ঘোষণা কৰি আহিছে । তাৰ পিচতেই পুনৰ অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন ।

গোলাঘাট আৱৰ্ত ভৱনৰ সম্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদী সাব্যস্ত কৰে সংগঠনদ্বয়ে । এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বলপূৰ্বকভাৱে অসমৰ ওপৰত জাপি দিয়া কাৰ্যক তীব্ৰ ভাষৰে গৰিহণা দিয়ে সংগঠনদ্বয়ে ।

প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী আইনক জাতি বিৰোধী, অবৈধ আৰু অগণতান্ত্ৰিক, সাম্প্ৰদায়িক আখ্যা দিয়ে ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পিন্টু গগৈয়ে কয় যে কোনো কাৰণতে সাতামপুৰুষীয়া সম্প্ৰতি বিনষ্ট কৰিব পৰা এই নাগৰিকত্ব সংশোধনী আইন অসমত বলৱৎ কৰিবলৈ দিয়া নহ'ব ৷

এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বিজেপি চৰকাৰক অতি সোনকালে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷ অন্যথা পূৰ্বৰ দৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ অসমত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ দিয়ে ৷

ইফালে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ অহা আন্দোলনকাৰীৰ বিৰুদ্ধে সষ্টম হৈছে গোলাঘাট জিলা আৰক্ষী । সমান্তৰালকৈ চহৰখনৰ বিভিন্ন অঞ্চলত থকা টায়াৰ ব্যৱসায়ীসকলক আৰক্ষীয়ে কঠোৰ নিৰ্দেশনা দিয়ে যে দল-সংগঠনসমূহক কোনো কাৰণতে পুৰণি টায়াৰ নিদিয়ে । অন্যথা আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব টায়াৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে ।

লগতে পঢ়ক: কা বলৱৎ কৰাক লৈ যোৰহাট আছু আৰু যুৱ অধিবক্তাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.