ETV Bharat / state

চিলাগাঁও সোণোৱাল সমন্বয়ক্ষেত্ৰত ৩ দিনীয়াকৈ খ্ৰীং খ্ৰীং বাইথ' পূজা

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 7:12 PM IST

Khring khring Baitho puja
চিলাগাঁও সোণোৱাল সমন্বয়ক্ষেত্ৰত ৩ দিনীয়াকৈ খ্ৰীং খ্ৰীং বাইথ' পূজা

Khring khring Baitho puja: সোণোৱাল কছাৰী জনগোষ্ঠীয়ে পৰম্পৰা অনুসৰি চিলাপথাৰৰ চিলাগাঁও সোণোৱাল সমন্বয়ক্ষেত্ৰত খ্ৰীং খ্ৰীং বাইথ' পূজাৰ আয়োজন কৰা হৈছে । শনিবাৰে প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে মূল তোৰণ উন্মোচন কৰা হয় ।

চিলাগাঁও সোণোৱাল সমন্বয়ক্ষেত্ৰত ৩ দিনীয়াকৈ খ্ৰীং খ্ৰীং বাইথ' পূজা

জোনাই, ১৬ মাৰ্চ : ধেমাজি জিলাৰ চিলাপথাৰ বাইথ' মন্দিৰৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে শনিবাৰৰ পৰা খ্ৰীং খ্ৰীং বাইথ' পূজা আৰম্ভ ৷ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ, ধেমাজি জিলা প্ৰশাসন, চিলাপথাৰ বাইথ' মন্দিৰ পৰিচালনা সমিতি, চিলাপথাৰ আঞ্চলিক সোণোৱাল কছাৰী কৃষ্টি বিকাশ কেন্দ্ৰ, কেন্দ্ৰীয় বাইথ' পূজা উদযাপন সমিতি আৰু চিলাপথাৰবাসী ৰাইজৰ সহযোগত শনিবাৰৰ পৰা এই খ্ৰীং খ্ৰীং বাইথ' পূজা আৰম্ভ হয় ৷

২ নং চিলাগাঁও সোণোৱাল সমন্বয়ক্ষেত্ৰত ৩ দিনীয়াকৈ আয়োজিত পূজাৰ কাৰ্যসূচী অনুসৰি বাইথ' মন্দিৰত ২৫ গছি বন্তি প্ৰজ্বলন কৰাৰ পিচতে মূল তোৰণ উন্মোচন কৰা হয় । তাৰ লগে লগে গছপুলি ৰোপণ আৰু পূজাৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে ২৫ খনকৈ পতাকা উত্তোলন কৰা হয় । অনুষ্ঠানত সোণোৱাল কছাৰী জনগোষ্ঠীৰ ৮ গৰাকীকৈ বৰেণ্য ব্যক্তিৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আৰু জাতীয় সংগঠনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হোৱা ৩ দিনীয়া কাৰ্যসূচীত গুৰুত্বপূৰ্ণ আলোনাচনা চক্ৰ, জনজাতীয় বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।

সোণোৱাল কছাৰীসকলৰ এই বাইথ' পূজাৰ অন্তিম দিনটোত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ সংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়া, সোণোৱাল কছাৰী পৰিষদৰ বিষয়ববীয়াৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে মুকলি সভাত উপস্থিত থকাৰ সম্ভাৱনা আছে । সোণোৱাল কছাৰীসকলৰ এই পৱিত্ৰ পূজা সফল কৰি তুলিবলৈ আয়োজক সমিতিয়ে ব্যাপক প্ৰস্তুতি চলাইছে লগতে ৰাইজৰ সহযোগিতাৰো কামনা কৰিছে ।

লগতে পঢ়ক :ফটো তুলি নিলে, অকল আশাটো দিলে : কিন্তু একোকে নিদিলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.