ইউনেস্ক'ৰ ভাৰতীয় প্রতিনিধিয়ে পৰিদৰ্শন কৰিলে চৰাইদেউ মৈদাম ক্ষেত্ৰ
World Heritage Site: ইউনেস্ক'ৰ ভাৰতীয় প্রতিনিধি বিশাল ভি শৰ্মাই পৰিদৰ্শন কৰিলে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ । বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ পূৰ্ণ সম্ভাৱনাৰ কথা দোহাৰিলে প্ৰতিনিধি গৰাকীয়ে । চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শনৰ আহ্বান জনালে ভাৰতীয় পৰ্যটকক ।

Published : March 1, 2024 at 8:55 PM IST
চৰাইদেউ,১ মাৰ্চ: বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত আগবঢ়িছে চৰাইদেউ মৈদাম । কোনো আসোঁৱাহ নথকাকৈ ইতিমধ্যে মৈদামৰ মনোনোয়ন ইউনেস্ক'ত গ্ৰহণ কৰা পাচতেই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম তালিকাত স্থান পোৱাৰ দিশে আগবাঢ়িছে আহোমৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদামস্থলী । শুকুৰবাৰে উপস্থিত হ'ল পেৰিছস্থিত ইউনেস্ক'ৰ ভাৰতৰ ৰাষ্ট্রদূত আৰু স্থায়ী প্রতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰা বিশাল ভি শর্মা ।
- " class="align-text-top noRightClick twitterSection" data="">
ইউনেস্ক'ৰ স্থায়ী প্রতিনিধি গৰাকীয়ে চৰাইদেউ মৈদামক্ষেত্ৰ ভ্ৰমণ কৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ পূৰ্ণ সম্ভাৱনাৰ কথা দোহাৰিলে সংবাদ মাধ্যমৰ আগত । উল্লেখযোগ্য যে ছশ বছৰীয়া আহোম শাসনকালৰ গৌৰৱোজ্জ্বল স্বাক্ষৰ, ঐতিহাসিক সমলেৰে ভৰপূৰ চৰাইদেউ মৈদামক্ষেত্ৰক বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত অন্তর্ভুক্ত কৰিবলৈ ভাৰতৰ পৰা একমাত্র চৰাইদেউৰ আহোম স্বৰ্গদেউসকলৰ মৈদামৰ নাম মনোনীত কৰি ইউনেস্ক' লৈ ড'ছিয়াৰ প্ৰেৰণ কৰিছিল ।
ইয়াৰ আধাৰতে বিগত বৰ্ষৰ ৭ অক্টোবৰৰ পৰা তিনিদিন ধৰি উত্তৰ-পূব এছিয়াৰ ইউনেস্ক'ৰ বিশেষজ্ঞ প্রতিনিধি লিম চিং চিয়াঙে চৰাইদেউ মৈদামক্ষেত্র ভ্ৰমণ কৰিছিল । মূল মৈদাম সমূহ পৰিদৰ্শন কৰাৰ পাচতেই সোমবাৰে চৰাইদেউ মৈদামৰ দাঁতিকাষৰীয়া বৰগোহাঁই পুখুৰী, চাৰিটা কুঁৱৰী মৈদাম, চাংমাই শাল, ৰজামৈদাম, শ-নিয়া আলি, লাংকুৰি দেওশাল, চুকাফা মৈদাম, যুৰীয়া মৈদাম, ফুলেশ্বৰী কুঁৱৰীৰ মৈদাম, শৱ ধোৱা আৰু পেটু ধোৱা পুখুৰী পৰিদৰ্শনকে আদি কৰি ঐতিহাসিক সমলসমূহ পৰিদৰ্শন কৰি তথ্য সংগ্ৰহ কৰিছিল ।
চৰাইদেউ মৈদামক্ষেত্রই বিশ্ব দৰবাৰত স্বীকৃতি লাভ কৰিব বুলি অসমবাসীয়ে অধীৰ আগ্রহেৰে বাট চাই থকা সময়তে ইউনেস্ক'ত ভাৰতৰ ৰাষ্ট্রদূত আৰু স্থায়ী প্রতিনিধি হিচাপে কার্যনির্বাহ কৰি অহা বিশাল ভি শৰ্মাই চৰাইদেউ মৈদামৰ প্রত্নতাত্ত্বিক স্থানলৈ পৰিভ্ৰমণ কৰিবলৈ অহা বিষয়টোৱে দীর্ঘদিনীয়া আশা পূৰ্ণ হোৱাৰ পথত বুলি স্পষ্ট হৈ পৰিছে ।
লগতে পঢ়ক: চৰাইদেউ মৈদামক চৰাইদেউ জিলাত অন্তৰ্ভুক্ত কৰাৰ প্ৰাসংগিকতা আছে: ধৰ্মেশ্বৰ কোঁৱৰ

