ETV Bharat / state

ধনশিৰিৰ অলৌকিক কাহিনীৰে পুষ্ট এটি শিৱ মন্দিৰৰ কথাৰে

author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 10:36 PM IST

Historical Shiva Temple in Golaghat
ধনশিৰিৰ অলৌকিক কাহিনীৰে পুষ্ট এটি শিৱ মন্দিৰৰ কথাৰে

Maha Shivratri 2024: মহাশিৱৰাত্ৰিৰ পৱিত্ৰ ক্ষণত চৰ্চিত গোলাঘাটৰ ধনশিৰি মহকুমাৰ এটি পৌৰাণিক শিৱ মন্দিৰ । বহু অলৌকিক গাথাৰে ভৰপূৰ শিৱ মন্দিৰটি ধনশিৰি মহকুমাৰ কোন স্থানত আছে ? কিয় বিখ্যাত এই মন্দিৰভাগ ? জানিবলৈ চাওক এই প্ৰতিবেদন ।

ধনশিৰিৰ অলৌকিক কাহিনীৰে পুষ্ট এটি শিৱ মন্দিৰৰ কথাৰে

সৰুপথাৰ, ৯ মাৰ্চ: ইতিহাস প্ৰসিদ্ধ স্থান ধনশিৰি । আছে বহু ঐতিহ্য, বহু গৰিমা । প্ৰত্নতাত্ত্বিত সমলৰে ভৰপূৰ ধনশিৰি । বিংশ শতিকাৰ প্ৰথমাৰ্ধৰ সময়চোৱা উল্লেখনীয় সময় বুলি বিবেচিত কৰিব পাৰি ধনশিৰি মহকুমাৰ বাবে । এই ধনশিৰি মহকুমাত আছে বহু পুৰণি মথ-মন্দিৰ । ৰজাদিনীয়া বহু প্ৰত্নতাত্ত্বিক ভগ্নাৱশেষ, শিলালিপি, মঠ-মন্দিৰ, পুখুৰী আদিৰে ভৰপূৰ ধনশিৰিৰ এক পুৰণি মন্দিৰৰ কথাৰে এই প্ৰতিবেদন ।

  • " class="align-text-top noRightClick twitterSection" data="">

ধনশিৰিৰ দুৱৰণি গাঁৱৰ শিৱ মন্দিৰ । এই মন্দিৰৰ আছে অলৌকিক মাহাত্ম । ১৯০৭ চনত স্থাপন হৈছিল এই মন্দিৰভাগ । জনশ্ৰুতি অনুসৰি ধনশিৰি মহকুমাৰ দুৱৰণি অঞ্চলত ঘন অৰণ্য কাটি বসতি কৰিছিল মানুহে । সেই অৰণ্যৰ মাজতেই উদ্ধাৰ হৈছিল এটি শিৱ লিংগ । সম্ভৱত তেতিয়াই প্ৰাণ পাইছিল শিৱ মন্দিৰভাগে । তেতিয়াৰে পৰাই মহাদেৱৰ বন্দনাৰে মুখৰিত হৈছিল ঐতিহ্যমণ্ডিত শিৱ মন্দিৰটি । কেৱল ইমানেই নহয় তাৰ পিছতেই সলনি হ'ল সময় । সুদূৰ বিহাৰৰ পৰা ৰামলীলাৰ উদ্দেশ্যেৰ আহিছিল বাবা পাৰশ নাথ দূৱে নামৰ এজন ব্যক্তি । জনশ্ৰুতি অনুসৰি বাবা পাৰশ নাথ দূৱেৰ হাততে ১৯০৭ চনত প্ৰাণ প্ৰতিষ্ঠা হৈছিল দুৱৰণি গাঁৱৰ শ্ৰীশ্ৰী শিৱ মন্দিৰ ।

উল্লেখ্য যে গৱেষণা কৰ্মৰ বাবেও মন্দিৰটিৰ চৰ্চা বিশেষভাৱে হৈছে । শিৱ মন্দিৰটিৰ স্থানত মুঠ ২০ বিঘা মাটি আছে । ২০3২৩ বৰ্ষত এই শিৱ মন্দিৰৰ বাকৰিতে শিৱ দৌলৰ আকৃতিৰে নতুনকৈ এটা মন্দিৰ স্থাপন কৰিবলৈ লোৱা হৈছে । য'ত দুৱৰণি অঞ্চলৰ প্ৰত্নতাত্ত্বিক সমলসমূহো সংগ্ৰহ কৰা হ'ব বুলি জানিব পৰা গৈছে । সৰুপথাৰৰ বিধায়ক গৰাকীৰ প্ৰচেষ্টাত ৯০ ফুট উচ্চতাৰ মন্দিৰ বৰ্তমানে নিৰ্মাণ কৰি থকা হৈছে । মন্দিৰ প্ৰতিষ্ঠাৰ লগত জড়িত বাবা পাৰশ নাথ দূৱেৰ সমাধিক্ষেত্ৰ মন্দিৰৰ বাকৰিতে সংৰক্ষিত কৰি ৰখা হৈছে । মহাশিৱৰাাত্ৰি উপলক্ষে দেখা গৈছে অগনন ভক্তৰ ভিৰ । শতায়ু গৰকা মন্দিৰটিৰ আছে বহু মাহাত্ম । শিৱৰ উপাসনাই মনোকামনা পূৰ্ণ হয় বুলি জনবিশ্বাস আছে ।

লগতে পঢ়ক: শতায়ু গৰকা শিৱ আৰাধনাস্থলীৰ অলৌকিক কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.