ETV Bharat / state

ৰঙালীৰ ৰঙেৰে পৰিপূৰ্ণ ৰংঘৰৰ বাকৰি - RONGALI BIHU 2024

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 12:44 PM IST

Grand Celebration of Rangali Bihu at Ranghar in Sivsagar
ৰঙালীৰ ৰঙেৰে পৰিপূৰ্ণ ৰংঘৰৰ বাকৰি

RONGALI BIHU 2024 : বসন্তৰ বাউলী সময়ত, পহিলা ব'হাগত ৰঙালীৰ ৰঙেৰে পৰিপূৰ্ণ হ'ল ৰংঘৰ । ৰংপুৰত চৰিল ৰঙৰ জেউতি । পহিলা ব'হাগৰ দিনাই উদুলি-মুদুলি ৰংঘৰ চোতাল । ৰঙালীৰ ৰঙত বুৰ গ'ল ৰংপুৰীয়া । সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত পহিলা ব'হাগৰ বিহুত জীপাল ঐতিহাসিক ৰংঘৰ ।

ৰঙালীৰ ৰঙেৰে পৰিপূৰ্ণ ৰংঘৰৰ বাকৰি

শিৱসাগৰ, ১৪ এপ্ৰিল : আজি পহিলা ব'হাগ । অসমীয়াৰ আয়ুস ৰেখা বাপতি সাহোন ৰঙালী বিহুৰ আজি দ্বিতীয় দিন মানুহ বিহু । অসমীয়া সংস্কৃতিৰ পৰম্পৰা অনুসৰি আজিৰ দিনটোত প্ৰতিজন অসমীয়াই পুৱা সেৱা কৰ্ম কৰি জ্যেষ্ঠজনক সন্মান জনায় । তাৰ পাছতে আৰম্ভ হয় ৰঙালীৰ পাৰ ভঙা উচাহ । যেতিয়া এই উচাহ ৰংপুৰত হয় তেতিয়া এইয়া হয় সোণত সুৱগা চৰা ।

স্বৰ্গদেউৰ দিনৰে পৰা ৰংপুৰৰ ৰংঘৰৰ বাকৰি উখল-মাখল হৈ পৰে পহিলা ব'হাগত । স্বৰ্গদেউৰ আদেশ পোৱাৰ পাছতেই ৰংঘৰত আৰম্ভ হয় ৰঙালীৰ ৰং-ধেমালি । বাজি উঠে ঢোল-পেঁপা, গগনা, টাকুৰি ঘূৰাদি ঘূৰে নাচনী । পৰম্পৰা ৰক্ষা কৰি আজিৰ দিনটোত ৰংপুৰৰ ৰংঘৰৰ বাকৰিত দেখা গ'ল এক অনন্য পৰিৱেশ ।

সদৌ টাই আহোম ছাত্র সন্থাৰ উদ্যোগত ৰংঘৰৰ বাকৰিত আয়োজন কৰা ষষ্ঠদশ বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু সন্মিলনত ৰংঘৰ গুমগুমাই উঠিল ঢোলৰ চাপৰত । বাকৰিৰ ঘাঁহ মৰিল নাচনীৰ গচকত । ৰংপুৰ ৰঙীন হ'ল সংস্কৃতিৰ সমাহাৰত । ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি তলাতল ঘৰৰ পৰা হাতীত উঠি স্বৰ্গদেউ আহি ৰংঘৰত আসন গ্ৰহণ কৰাৰ পাছতে ৰংপুৰৰ ৰঙৰ মেলা আৰম্ভ হয় ।

বৃহত্তৰ অসমীয়া সংস্কৃতি প্ৰদৰ্শিত হয় ৰংঘৰত । কেৱল নৃত্য-গীতেই নহয় পহিলা ব'হাগত ৰংঘৰ বাকৰিত অনুষ্ঠিত হয় বিভিন্ন খেল-ধেমালি । মল্লযুঁজকে আদি কৰি বিভিন্ন খেল-ধেমালিৰে আজি ৰঙীণ হৈ পৰে ৰংঘৰৰ বাকৰি । এনে এক বৰ্ণিল পৰিৱেশত ৰঙালীক উপভোগ কৰে সহস্ৰাধিক ৰংপুৰীয়াৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ লোকে ।

লগতে পঢ়ক : ৩৭১ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি আউনীআটী সত্ৰত বোকাখেল - Rangali Bihu 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.