ETV Bharat / state

কাজিৰঙাত বনৰক্ষীৰ গুলীত নিহত চোৰাং চিকাৰী - Encounter in Kaziranga

author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 1:04 PM IST

Poacher killed in Kaziranga : কাজিৰঙাত বনৰক্ষীৰ গুলীত নিহত এটা চোৰাং চিকাৰী ৷ চোৰাং চিকাৰীৰ দলটোত থকা আন কেবাজন সদস্য গভীৰ অৰণ্যত আত্মগোপন কৰাৰ সন্দেহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ ৷

Kaziranga National Park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Etv bharat assam)

কাজিৰঙাত বনৰক্ষীৰ গুলীত নিহত চোৰাং চিকাৰী (Etv bharat assam)

গোলাঘাট, 11 মে’: কাজিৰঙাত পুনৰ সক্ৰিয় হৈ পৰিছে চোৰাং চিকাৰী । এই সন্দৰ্ভত তথ্য লাভ কৰাৰ পাচতে উদ্যান কৰ্তৃপক্ষই শুকুৰবাৰে নিশা উদ্যানখনত অভিযান চলায় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূৱৰ অগৰাতলী বনাঞ্চলত চোৰাং চিকাৰীৰ বিৰুদ্ধে উদ্যান কৰ্তৃপক্ষই অভিযান চলায় ।

অগৰাতলী বনাঞ্চলৰ ৰঙামটীয়াৰ এৰাসুঁতি কেম্পৰ সমীপত চোৰাং চিকাৰী আৰু বনৰক্ষীৰ মাজত দোকমোকালিৰ সময়ত মুখামুখি সংঘৰ্ষ সংঘটিত হৈছিল । এই সংঘৰ্ষত নিহত হৈছে এটা চোৰাং চিকাৰী । মৃত চিকাৰীটোৰ পৰা উদ্যান কৰ্তৃপক্ষই উদ্ধাৰ কৰিছে এটা থ্ৰী ৱান ফাইভ ৰাইফলৰ লগতে তিনিজাঁই সজীৱ গুলী আৰু দুটা খালী কাৰ্টিজ ।

দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীক হস্তান্তৰ কৰা হৈছে বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, তিনিদিন পূৰ্বেই উত্তৰ দিশৰ পৰা কাজিৰঙা অভয়াৰণ্যত চোৰাং চিকাৰী সোমোৱাৰ উমান পাইছিল সংশ্লিষ্ট কৰ্তৃপক্ষই । চোৰাং চিকাৰীৰ দলটোত থকা আন দুই/তিনিজন লোক গভীৰ অৰণ্যত আত্মগোপন কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ।

চোৰাং চিকাৰীৰ দলটোত থকা বাকী সদস্যকেইজনক কৰায়ত্ত কৰিবৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ইয়াৰ বাবে ড্ৰোণৰ ব্যৱহাৰ কৰিছে বুলি জানিবলৈ দিছে ।

মৃত চোৰাং চিকাৰীটোৰ পৰিচয় বৰ্তমানেও উদ্যান কৰ্তৃপক্ষই জানিব পৰা নাই বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি মৃত চোৰাং চিকাৰীজন স্থানীয় লোক নহয় বুলি সন্দেহ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: চোৰাং কাঠৰ গাড়ী জব্দ কৰা বনকৰ্মীক দুৰ্বৃত্তৰ প্ৰহাৰ - Attack on forest guard

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.