ETV Bharat / state

চোৰাং কাঠৰ গাড়ী জব্দ কৰা বনকৰ্মীক দুৰ্বৃত্তৰ প্ৰহাৰ - Attack on forest guard

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 1:04 PM IST

Miscreant attack: চোৰাংকৈ কঢ়িয়াই অনা কাঠ জব্দ কৰাৰ বাবেই কাজিৰঙাত দুৰ্বৃত্তই বনৰক্ষীক প্ৰহাৰ কৰাৰ অভিযোগ ৷ একাংশ বন মাফিয়াৰ এই কাণ্ডই স্বাভাৱিকতে জোকাৰি গৈছে সমস্ত এলেকাটো ৷

Kaziranga
Attack on forest guard (ETV Bharat Assam)
কাজিৰঙাত বনৰক্ষীক প্ৰহাৰ দুৰ্বৃত্তৰ (ETV Bharat Assam)

কাজিৰঙা, ৮ মে': কাজিৰঙাত দুৰ্ঘটনাত পতিত চোৰাং কাঠ সৰবৰাহ কৰা বাহন । জব্দ কৰি অনা বাহনখনত থকা বনৰক্ষীক দুৰ্বৃত্তৰ আক্ৰমণ । তিনিগৰাকী বনৰক্ষী গুৰুতৰভাৱে আহত । মঙলবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি কাজিৰঙা বনবিভাগে দিৰিং অঞ্চলত অভিযান চলাই AS 25 DC 8637 নম্বৰৰ এখন টাটা মেজিক বাহন চোৰাংকৈ কঢ়িয়াই অনা কাঠসহ জব্দ কৰে । লগতে চোৰাংকৈ কাঠ কঢ়িওৱা বাহনখনৰ চালক জেলসিং হাঞ্চেক আটক কৰে ।

মুঠ ৬ গৰাকী বনৰক্ষীৰ তিনিগৰাকী বনৰক্ষী জব্দ কৰা বাহনত উঠি বোকাখাতৰ দিশে গৈ থকা অৱস্থাত একে দিশেৰে গৈ থকা এখন ট্ৰাকে উক্ত বাহনখনক পিছ পিনৰ পৰা খুন্দা মাৰে । ফলত মেজিকখনত থকা তিনিগৰাকী বনৰক্ষীসহ চালক জেলসিং আহত হয় ।

ইপিনে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে সেই স্থানত উপস্থিত হোৱা দুৰ্বৃত্তই আহতসকলক উদ্ধাৰ কৰাৰ পৰিৱৰ্তে আক্ৰমণহে কৰে । ফলত নৱ বৰুৱা, জালিনজা ইংতি, বিমল টেৰণ নামৰ বনৰক্ষী কেইজন গুৰুত্বৰভাৱে আহত হয় । পাছত আটাইকেইজন বনৰক্ষীক উদ্ধাৰ কৰি কঁহৰাস্থিত শ্বহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

একাংশ বন ধ্বংসকাৰীৰ বিৰুদ্ধে বনবিভাগে বিগত সময়চোৱাত অভিযান চলোৱাৰ বাবেই সেই কাঠ আৰু ভূ মাফিয়াই এইদৰে আক্ৰমণ কৰা বুলি আহত বনৰক্ষীয়ে অভিযোগ উত্থাপন কৰিছে ।

উল্লেখ্য যে, কাজিৰঙাত অব্যাহত আছে কাঠৰ চোৰাং বেহা ৷ একাংশ লোকক মেনেজ কৰি প্ৰায় প্ৰতি নিশাই অসাধু লোকৰ নেতৃত্বত কাঠৰ অবৈধ বেহা চলি থকাৰ অভিযোগ উঠিছে ৷

লগতে পঢ়ক: নাবালিকাক অপহৰণৰ চেষ্টা, দল-সংগঠনৰ তীব্ৰ গৰিহণা - Kidnapping Case In Dima Hasao

ড্ৰাগছ ব্যৱসায়ত জড়িত বিজেপি সদস্য়ক আটক - Anti Drugs Operation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.