ETV Bharat / state

বশিষ্ঠত আৰক্ষীক আক্ৰমণৰ ঘটনাক লৈ ৩টাকৈ গোচৰ ৰুজু - Crime in Guwahati

Crime in Guwahati:পুৱতি নিশা মহানগৰীত পাব কৰ্তৃপক্ষই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি ম'বিল ঢালি জ্বলাই দিয়াৰ চেষ্টা চলাই আৰক্ষী জোৱানক । এই ঘটনা সন্দৰ্ভত দুই অভিনেত্ৰীসহ আটক ৫ অভিযুক্তক ।

Basistha Police Station
পাব কৰ্তৃপক্ষই গুৰুলা গুৰুলকৈ প্ৰহাৰ
author img

By ETV Bharat Assamese Team

Published : April 21, 2024 at 9:48 PM IST

|

Updated : April 21, 2024 at 10:19 PM IST

2 Min Read
Choose ETV Bharat
পাব কৰ্তৃপক্ষই গুৰুলা গুৰুলকৈ প্ৰহাৰ

গুৱাহাটী, ২১ এপ্ৰিল: যোৱা নিশা গুৱাহাটী মহানগৰীৰ বশিষ্ঠত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । আৰক্ষী কনিষ্টবলক ইক' বাৰৰ কৰ্মচাৰীয়ে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে । অভিযোগ অনুসৰি প্ৰদীপ বসুমতাৰী নামৰ আৰক্ষী কনিষ্টবল এজনে নিশা ৰঙালী বিহুৰ অনুষ্ঠান উপভোগ কৰি আহি ইক' বাৰত সুৰা সেৱন কৰিবলৈ উপস্থিত হয় । তেতিয়াই বাৰখনৰ কৰ্মচাৰী সৈতে কোনো বিষয়ক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত হয় আৰক্ষী কনিষ্টবলজনৰ । পিছত বাৰখনৰ কৰ্মচাৰীয়ে আৰক্ষী কনিষ্টবলজনক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি গাত ম'বিল ঢালি জ্বলাই দিয়াৰ চেষ্টাৰ অভিযোগ উত্থাপন কৰে কনিষ্টবলজনে । পিছত এই ঘটনাৰ বিষয়ে জানিব পাৰি তদন্তৰ বাবে যোৱা আৰক্ষীকো কৰ্তব্যত বাধা দিয়ে বাৰখনৰ কৰ্তৃপক্ষই ।

ইপিনে, বশিষ্ঠ থানাৰ আৰক্ষীক আক্ৰমনৰ ঘটনাক লৈ ৩ টাকৈ গোচৰ ৰুজু হৈছে থানাত । ২৬৭, ২৬৮, ২৬৯ নম্বৰত আৰক্ষীক প্ৰহাৰ, যুৱতীক অশালীন ব্যৱহাৰ আৰু কৰ্তব্যৰত আৰক্ষীক বাধা প্ৰদান কৰাক লৈ ৰুজু হৈছে গোচৰ । আনহাতে, এই পৰ্যন্ত চাঞ্চল্যকৰ ঘটনাৰে জৰিত ৫ অভিযুক্তক আটক কৰিছে বশিষ্ঠ আৰক্ষীয়ে । আটক কৰা ৫ ব্যক্তিৰ ভিতৰত বাৰখনৰ স্বত্বাধিকাৰী অংকুৰ দত্ত আৰু কৰ্মচাৰী দেৱকান্ত দেৱ নাথ, দুই অভিনেত্ৰীৰ লগতে আছে এজন যুৱক ।

ইতিমধ্যেই সমগ্ৰ ঘটনা সন্দৰ্ভত ইক' বাৰৰ চিচিটিভি পৰীক্ষা কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । পূৱ আৰক্ষী জিলাৰ ডিচিপিৰ নিৰীক্ষণত চলিছে সমগ্ৰ ঘটনাটোৰ তদন্ত । ইফালে, আক্ৰমণৰ বলি হোৱা কনিষ্টবল প্ৰদীপ বসুমতাৰীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।

উল্লেখ্য যে ইতিমধ্যে তিনি পক্ষৰ তিনি এজাহাৰৰ ভিত্তিত ৰুজু কৰা হৈছে তিনিটকৈ গোচৰ । ইয়াৰ পিচতেই কেনেকৈ পুৱতি নিশালৈ এখন বাৰ খুলি ৰাখিব পাৰে বুলি ৰাইজৰ মাজত হৈছে চৰ্চা । অভিযোগ অনুসৰি বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেবানন্দ দাস আৰু বশিষ্ঠৰ সহকাৰী আৰক্ষী আয়ুক্ত প্ৰাঞ্জল বৰাক মেনেজ কৰি দীৰ্ঘদিন ধৰি বাৰ কৰ্তৃপক্ষই এনেদৰে পুৱতি নিশালৈ বাৰ খুলি ৰখাৰ অনুমতি লাভ কৰিছে । এখন দুখন নহয়, অভিযোগ অনুসৰি বশিষ্ঠ অঞ্চলত কেইবাখনো বাৰ এনেদৰে ধনৰ বিনিময়ত মেনেজ হৈ এই দুই গৰাকী আৰক্ষী বিষয়াই প্ৰদান কৰি আহিছে পুৱতি নিশালৈ বাৰ খুলি ৰখাৰ অনুমতি। যাৰ ফলত বিগত দিন সমূহত সংঘটিত হৈ আহিছে কেইবাটাও ঘটনা ।

লগতে পঢ়ক:মাতাল মহানগৰী : আৰক্ষী জোৱানক ম'বিল ঢালি জ্বলাই দিয়াৰ অপচেষ্টা - Crime In Guwahati

Last Updated : April 21, 2024 at 10:19 PM IST