ETV Bharat / state

বিশ্বনাথত মুখ্য নিৰ্বাচনী বিষয়া-নিৰ্বাচনী ব্যয় পৰ্যবেক্ষকৰ বৈঠক - lok sabha elections

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 10:26 PM IST

Election-centric review meeting in Biswanath
মুখ্য নিৰ্বাচনী বিষয়া আৰু নিৰ্বাচনী ব্যয় পৰ্যবেক্ষকৰ সভা

Lok Sabha election 2024: বিশ্বনাথত আজি উপস্থিত হয় মুখ্য নিৰ্বাচনী বিষয়া আৰু নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক ৷ নিৰ্বাচনী কোষৰ ভাৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীৰ সৈতে পৃথকে পৃথকে পৰ্যালোচনা সভা ৷

বিশ্বনাথ, ২২ মাৰ্চ : সমাগত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে বুজ ল'বলৈ শুকুৰবাৰে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু নিৰ্বাচনী ব্যয় হিচাপ পৰীক্ষকে বিশ্বনাথত পৃথকে পৃথকে দুখন বিশেষ পৰ্যালোচনা সভাত মিলিত হয় । পুৱা ১০ বজাত জিলা আয়ুক্তৰ সন্মিলন কক্ষত অনুষ্ঠিত প্ৰথমখন সভাত উপস্থিত থাকি ১১নং শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে ভাৰতৰ নিৰ্বাচন আয়ুক্তই নিয়োগ কৰা নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক, ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া পুণীত গুমাৱটে জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত, বিশ্বনাথ জিলাৰ কেইবাটাও গুৰুত্বপূৰ্ণ কোষৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে বৈঠকত মিলিত হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, ১১ নং শোণিতপুৰ লোকসভা সমষ্টিৰ অধীনত বিশ্বনাথ নিৰ্বাচন জিলাৰ অন্তৰ্গত বিশ্বনাথ আৰু বিহালী(অনুসূচীত জাতি) বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ত অৰ্থাৎ ১৯ এপ্ৰিলত ভোটগ্ৰহণ সম্পন্ন হ’ব । সেই উদ্দেশ্যে নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক গৰাকীয়ে আজি নিৰ্বাচনী জিলাখনৰ আদৰ্শ আচৰণ বিধি(এমচিচি), সংবাদ মাধ্যম প্ৰমাণীকৰণ আৰু নিৰীক্ষণ সমিতি(এমচিএমচি), নিৰ্বাচনী ব্যয় পৰ্যবেক্ষণ, সংবাদমাধ্যম আৰু প্ৰচাৰ আদি গুৰুত্বপূৰ্ণ কোষৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু কৰ্মচাৰীসকলৰ লগত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিগৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ৰ হিচাপ তন্ন-তন্নকৈ পৰীক্ষা কৰি লিপিবদ্ধ কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰে ।

আনহাতে দুপৰীয়া ১২ বজাত অনুষ্ঠিত আন এখন গুৰুত্বপূৰ্ণ সভাত অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত, নিৰ্বাচনী জিলাখনৰ নিৰ্বাচনী কোষসমূহৰ ভাৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীসকলৰ লগত মিলিত হয় । বিষয়া গৰাকীয়ে নিৰ্বাচনত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলক কঢ়িয়াই নিব লগা বাহনসমূহত জিপিএছ সংলগ্ন কৰাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অবলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে । ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া গৰাকীয়ে বিভিন্ন নিৰ্বাচনী কোষসমূহৰ প্ৰস্ততি আৰু অগ্ৰগতি সম্পৰ্কেও পৰ্যালোচনা কৰে । আজিৰ দুয়োখন পৰ্যালোচনা বৈঠকত জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ উপৰিও, অতিৰিক্ত জিলা আয়ুক্তত্ৰয় ধ্ৰুৱজ্যোতি দাস, ৰাকেশ ডেকা, হৃদয় কুমাৰ দাস, নিৰ্বাচনী বিষয়া প্ৰতীশা দত্ত, সহকাৰী আয়ুক্ত পুষ্পাংকৰ পাতিৰ প্ৰমুখ্যে বিষয়া কৰ্মচাৰীসকল আৰু নিৰ্বাচনী কোষৰ ভাৰপ্ৰাপ্ত বিষয়া সকল উপস্থিত আছিল ।

লগতে পঢ়ক : বিজেপিয়ে পাকিস্তানৰ কোম্পানীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ - Bhupen Borah On Electoral Bonds

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.