ETV Bharat / politics

বিজেপিয়ে পাকিস্তানৰ কোম্পানীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ - Bhupen Borah on Electoral bonds

Bhupen Borah: সন্ত্ৰাসবাদী সংগঠনৰ দৰে বিজেপিয়ে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভূপেন বৰাই । পাকিস্তানৰ কোম্পানী, জুৱাৰীৰ পৰা বিজেপিয়ে ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ । ইফালে আপক শোণিপুৰৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ আহ্বানো জনাইছে ভূপেন বৰাই ৷

BHUPEN BORAH ON ELECTORAL BONDS
বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগেৰে ভূপেন বৰাৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : March 22, 2024 at 3:57 PM IST

3 Min Read
Choose ETV Bharat
বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগেৰে ভূপেন বৰাৰ সংবাদমেল

তেজপুৰ, ২২ মাৰ্চ : ‘‘এতিয়াও সময় আছে । পাৰিলে আপৰ প্ৰাৰ্থীগৰাকীয়ে শোণিতপুৰত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰক ৷’’ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ ৷ শুকুৰবাৰে তেজপুৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি বৰাই এই আহ্বান জনায় আম আদমি পাৰ্টীৰ প্ৰাৰ্থীগৰাকীক ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত কংগ্ৰেছৰ ১১ টা বেংক একাউণ্ট ফ্ৰীজ কৰা হৈছে আৰু বলপূৰ্বকভাবে বেংকত জমা থকা ১১৫.৩২ কোটি টকা উলিয়াই লৈ গৈছে । ইণ্ডি মিত্ৰজোঁটৰ জনপ্ৰিয়তাত ভীতিগ্ৰস্ত হৈ প্ৰধানমন্ত্ৰীয়ে এই কাম কৰিছে বুলি মন্তব্য কৰে ভূপেন বৰাই ।

বৰাই কয়, ‘‘ইলেক্ট’ৰেল বণ্ড স্কেম কৰিছে বিজেপিয়ে ৷ সন্ত্ৰাসবাদী সংগঠনে যেনেদৰে টকা সংগ্ৰহ কৰে তেনেদৰে এই বণ্ডৰ জৰিয়তে ধন সংগ্ৰহ কৰিছে । পাকিস্তানৰ কোম্পানী, জুৱাৰীৰ পৰা ধন সংগ্ৰহ কৰিছে বিজেপিয়ে । চি বি আই, ইনকাম টেক্স আৰু ইডিয়ে যিবিলাক ৰেইড মাৰিছিল সেই টকাৰ অধিকাংশ বিজেপি দলৰ ফাণ্ডত জমা হৈছে ।’’

আনহাতে ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলসমূহে যিমান টকা পায়, বিজেপিয়ে অকলে সেই পৰিমানৰ ৫০ শতাংশ পাইছে বুলি মন্তব্য কৰে ভূপেন বৰাই ৷ তদুপৰি বৰাই কয় যে কংগ্ৰেছ এটা প্ৰাচীন ৰাজনৈতিক দল হোৱাৰ পিচতো মাত্ৰ ১১ শতাংশহে পাইছে ৷ ইলেক্ট’ৰেল বণ্ড স্কেমৰ ক্ষেত্ৰত বিজেপিয়ে চিবিআইৰ ওপৰত হেঁচা প্ৰয়োগ কৰি বিষয়টো ঢাকি ৰাখিবলৈ চেষ্টা কৰিছিল বুলিও ভূপেন বৰাই অভিযোগ উত্থাপন কৰে ।

তেওঁ কয় যে বিজেপিয়ে দেশত অৰাজকতাৰ সৃষ্টি কৰিছে । কংগ্ৰেছৰ ২১০ কোটি টকাৰ ফিক্স ডিপজিটৰ লেনদেন বন্ধ কৰি দিছে বুলি কয় ভূপেন বৰাই ৷ তদুপৰি তেওঁ কয় যে দেশৰ ইতিহাসত কোনো ৰাজনৈতিক দলৰ বেংক একাউণ্ট বন্ধ কৰা পূৰ্বে নজিৰ নাছিল ৷ আনহাতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কংগ্ৰেছক পুৰণি দুটকীয়া নোট বুলি আখ্যা দিয়া সন্দৰ্ভত ভূপেন বৰাই কয় যে কংগ্ৰেছ পুৰণি দুটকীয়া নোট নে বিজেপি অচল ২০০০ টকীয়া নোট সেয়া ৪ জুনত প্ৰকাশ পাব ৷

ঐক্যমঞ্চত থকাৰ পিচতো আম আদমি পাৰ্টীয়ে এসমত দুখন আসনত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৷ সেই সন্দৰ্ভত ভূপেন বৰাই দলটোৰ প্ৰতি অনুৰোধ জনায় যাতে আপে শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে ৷ ইফালে শুকুৰবাৰে বিয়লি লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম কংগ্ৰেছে ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক: ডিব্ৰুগড়ত কি হ’ব সৰ্বানন্দ সোণোৱালৰ: পুংখানুপুংখ বাখ্যা বিধায়ক প্ৰশান্ত ফুকনৰ