ETV Bharat / state

প্ৰচণ্ড গৰমৰ লগত কিদৰে মোকাবিলা কৰিছে মহানগৰবাসীয়ে ? - HEAT WAVE GRIPS Assam

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 9:20 PM IST

Excessive Heat in Guwahati: প্ৰচণ্ড গৰমৰ কবলত পৰিছে গুৱাহাটী মহানগৰ ৷ চাহিদা বৃদ্ধি পাইছে শীতল পানীয়ৰ ৷ বৃদ্ধি পাইছে ডাব নাৰিকলৰো দাম ৷

Excessive Heat in Guwahati
প্ৰচণ্ড গৰমৰ কবলত গুৱাহাটী (ETV Bharat Assam)

প্ৰচণ্ড গৰমৰ কবলত গুৱাহাটী (ETV Bharat Assam)

গুৱাহাটী, ১৫ মে’: প্ৰচণ্ড গৰমে দহিছে গুৱাহাটী মহানগৰীক ৷ বুধবাৰৰ দিনটোত গুৱাহাটী মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা হয় ৩৭ ডিগ্ৰী চেলছিয়াছ । উৎকট গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টাৰে মহানগৰবাসীয়ে সেৱন কৰা পৰিলক্ষিত হৈছে শীতল পানীয় । মহানগৰীৰ বিভিন্ন স্থানৰ পথৰ দাঁতিলৈ চকু দিলেই দেখা যায় বিভিন্নজনে ডাব নাৰিকল, কুঁহিয়াৰ ৰস, নেমুৰ পানী, আইচক্ৰীম আদি সেৱন কৰি থকা ।

ইফালে গুৱাহাটীত তাপমাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে অন্যান্য শীতল পানীয়ৰ লগতে নেমুৰ পানী, ডাব নাৰিকল, কুঁহিয়াৰ ৰসৰ আদিৰ চাহিদা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । ফলত সেইসমূহ দ্ৰব্যৰ ব্যৱসায়ীসকলৰ মুখত বিৰিঙি উঠিছে হাঁহি ।

গুৱাহাটী মহানগৰীৰ অন্যান্য স্থানৰ সমান্তৰালকৈ পাণবজাৰতো নেমু পানী, ডাব নাৰিকলৰ দোকানত গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে । কোনোৱে যদি নিজৰ কৰ্তব্যৰ মাজতে আহি সেৱন‌ কৰিছে নেমুৰ পানী, ডাব নাৰিকল; আন কোনোৱে বিদ্যালয়, মহাবিদ্যালয়ৰ পৰা ঘৰমৱা হওঁতে সেৱন কৰি গৈছে সেইসমূহ শীতল পানীয় ।

পাণ বজাৰত নেমুপানী আৰু ডাব নাৰিকল বিক্ৰী কৰা ব্যৱসায়ীসকলে জনোৱা মতে বিগত এক সপ্তাহমানৰ পৰা ব্যৱসায় ভাল হৈছে । গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা গ্ৰাহকসকল পাণবজাৰলৈ ডাব নাৰিকল, নেমুপানী বিচাৰি আহে বুলি ব্যৱসায়ীসকলে উল্লেখ কৰে । আনহাতে ব্যৱসায়ীসকলে উল্লেখ কৰা মতে চাহিদা অনুসৰি ডাব নাৰিকল সুলভ নোহোৱা হৈছে ৷ ফলত দামবৃদ্ধি হৈছে বুলি কয় ব্যৱসায়ীসকলে ৷

ইফালে প্ৰতিটো ডাব নাৰিকল 60 টকাকৈ বিক্ৰী হৈ আছে পাণ বজাৰত । আনহাতে প্ৰতি গিলাচ নেমুপানী বিক্ৰী হৈ আছে 20 টকাকৈ ।

লগতে পঢ়ক: উৎকট গৰমত চাটি-ফুটি ৰাইজৰ, উত্তাপৰ লগে লগে বাঢ়িছে ফলৰ ৰসৰো চাহিদা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.