ETV Bharat / state

হাতত তৰোৱাল লৈ কোন বীৰে ধুতি পিন্ধি যুদ্ধ কৰিবলৈ যাব: দেৱব্ৰত শইকীয়া

author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 7:57 PM IST

Updated : Mar 9, 2024, 8:28 PM IST

Bronze Statue of Lachit Baarphukan: ১৭৫ কোটি টকা ব্যয়েৰে নিৰ্মিত বীৰ লাচিতৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ নিৰ্মাণত বিকৃত কৰাৰ অভিযোগ । মুখমণ্ডল, আহোমসকলৰ সাজ-পোচাকসমূহক বিকৃত ৰূপত উপস্থাপনৰ অভিযোগ ৷ গৱেষণা নকৰাকৈয়ে নিৰ্মাণ কৰাৰ অভিযোগ বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ ।

Debabrata Saikia alleges defacement in construction of Lachit's statue
বীৰ লাচিতৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ নিৰ্মাণত বিকৃত কৰাৰ অভিযোগ

বীৰ লাচিতৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ নিৰ্মাণত বিকৃত কৰাৰ অভিযোগ

গুৱাহাটী,৯ মাৰ্চ: যোৰহাটৰ হোলাঙাপাৰত থকা লাচিত মৈদামত আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ সৰ্বতোকালৰ এজন মহাবীৰ লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্ত্তি উন্মোচন কৰে । প্ৰতিমূৰ্তিটো উন্মোচনৰ পিচতে এই প্ৰতিমূৰ্তি বিকৃত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা দেৱব্ৰত শইকীয়াই উত্থাপন কৰিছে লাচিতৰ প্ৰতিমূৰ্তিটোত বিকৃত ৰূপ দাঙি ধৰাৰ গুৰুতৰ অভিযোগ ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিৰোধী দলপতিগৰাকীৰ অভিযোগ যে চৰকাৰে এই প্ৰতিমূৰ্তিটো বনোৱাৰ আগতে লাগতিয়াল গৱেষণা একোৱেই নকৰিলে । লগতে লাচিতৰ এই বিশাল প্ৰতিমূৰ্তিটোত আহোমসকলৰ সাজ-পোচাকসমূহক বিকৃত ৰূপ দিয়া হৈছে বুলি উল্লেখ কৰে দেৱব্ৰত শইকীয়াই ৷ কেৱল সেয়ে নহয়, এই প্ৰতিমূৰ্তিটোত লাচিতৰ মুখসজ্জাৰো বিকৃত ৰূপ দেখিবলৈ পোৱা গৈছে । এই গুৰুতৰ অভিযোগো উত্থাপন কৰে বিৰোধী কংগ্ৰেছী নেতাগৰাকীয়ে ।

শনিবাৰে সংবাদ মাধ্যমলৈ এক ভিডিঅ' প্ৰেৰণ কৰি তেঁও কয় যে, ৰাজ্যৰ বিভিন্ন ঠাইত থকা লাচিতৰ প্ৰতিমূৰ্তিসমূহৰ লগত এই প্ৰতিমূৰ্ত্তিটোৰ ৰূপ পৃথক যেন অনুভৱ হয় । সেয়ে দেৱব্ৰত শইকীয়াৰ দাবী যে চৰকাৰে বিসংগতি থকা এইসমূহ বিষয়ৰ ওপৰত বিবেচনা কৰি শীঘ্ৰে পুনৰ ঠিক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক । ৰাজনৈতিক নেতা হিচাপে নহয়, এগৰাকী আহোম সম্প্ৰদায়ৰ লোক হিচাপে এই দাবী কৰা বুলি উল্লেখ কৰিছে শইকীয়াই ৷

উল্লেখযোগ্য যে, মহা আড়ম্বৰেৰে শনিবাৰে প্ৰধানমন্ত্ৰীৰ দ্বাৰা উন্মোচিত হোৱা লাচিত বৰফুকনৰ ১২৫ ফুটৰ বিশাল প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰোতে প্ৰায় দুবছৰ সময়ৰ প্ৰয়োজন হৈছিল । ২০২২ চনত বীৰ লাচিতৰ প্ৰতিমূৰ্তিটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল ৷ এই প্ৰতিমূৰ্তিটো নিৰ্মাণৰ দায়িত্বত আছিল গুজৰাটৰ ষ্টেচু অব ইউনিটিৰ নিৰ্মাণকাৰী শিল্পী ৰাম ভাঞ্জী সুতাৰ ৷ ৰাম ভাঞ্জী সূতাৰ এগৰাকী অভিজ্ঞ ভাস্কৰ্যবিদ । লাচিত বৰফুকনৰ এই ১২৫ ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি ১৭৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে ৷ এই প্ৰতিমূৰ্তিটো গৱেষণা নোহোৱাকৈয়ে এতিয়া বিকৃতভাৱে নিৰ্মাণ অভিযোগে স্বাভাৱিকতে বিতৰ্কৰ সূত্ৰপাত ঘটাব ।

লগতে পঢ়ক: মূৰত মুগাৰ পাগুৰি, গাত পৰম্পৰাগত আহোম সাজেৰে লাচিতৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন প্ৰধানমন্ত্ৰীৰ

Last Updated :Mar 9, 2024, 8:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.