ETV Bharat / state

গুৱাহাটীত শান্তিপুৰত কংগ্ৰেছী প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ নিৰ্বাচনী প্ৰচাৰ সভা - Lok sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 9:29 PM IST

Congress candidate Mira Borthakur election campaign at Santipur in Guwahati
কংগ্ৰেছী প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ নিৰ্বাচনী প্ৰচাৰ সভা(সাংবাদিক)

Lok sabha election 2024 : বিজেপিক প্ৰতিহত কৰিবলৈ উঠি-পৰি লাগিছে কংগ্ৰেছী প্ৰাৰ্থীসকল ৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছী প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ গুৱাহাটীত মাৰাথন প্ৰচাৰ শিবামণি বৰা আৰু লুৰীণজ্যোতি গগৈৰ ৷

কংগ্ৰেছী প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ নিৰ্বাচনী প্ৰচাৰ সভা (সাংবাদিক)

গুৱাহাটী, ২ মে': সমাগত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ গুৱাহাটীত তীব্ৰতৰ হৈ পৰিছে বিজেপি আৰু কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ ।‌ বৃহস্পতিবাৰে কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ সমৰ্থনত কংগ্ৰেছ দলে গুৱাহাটীৰ শান্তিপুৰত থকা গোপাল চন্দ্ৰ আশ্ৰম চৌহদত এখন নিৰ্বাচনী প্ৰচাৰ সভা কৰে ।

এই সভাত কংগ্ৰেছৰ নেত্ৰী শিবামণি বৰা, অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মিডিয়া অধ্যক্ষ বেদব্ৰত বৰাই গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা‌ বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

সভাত ভাষণ দি কংগ্ৰেছৰ নেত্ৰী শিবামণি বৰাই কয় যে, বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে গুৱাহাটীবাসীৰ মৌলিক সমস্যা সমাধান কৰিব পৰা নাই । যোৱা 10 বছৰে একেৰাহে দুবাৰকৈ গুৱাহাটী লোকসভা সমষ্টিত বিজেপিৰ সাংসদ হৈছে । দুবাৰকৈ একেৰাহে অসমত বিজেপি চৰকাৰ হৈছে । কিন্তু গুৱাহাটীবাসীৰ মৌলিক সমস্যা খোৱা পানীৰ সমস্যা আৰু কৃত্ৰিম বানপানীৰ সমস্যা‌ সমাধান নহ'ল । তেওঁ কয় যে, মীৰা বৰঠাকুৰ গুৱাহাটীবাসী ৰাইজৰ বলিষ্ঠ কণ্ঠ ।‌ গতিকে মীৰা‌ বৰঠাকুৰক গুৱাহাটীৰ প্ৰকৃত উন্নয়নৰ স্বাৰ্থত জয়যুক্ত কৰিব লাগে ।

আনহাতে এই সভাত ভাষণ দি মীৰা বৰঠাকুৰে কয় যে, বিজেপি চৰকাৰৰ 10 বছৰৰ শাসনত মূল্য বৃদ্ধিয়ে ভয়ংকৰ ৰূপ লৈছে । চিলিণ্ডাৰৰ দাম 10 বছৰত 100 গুণ বৃদ্ধি কৰা হ'ল । নিৰ্বাচনী বণ্ড কেলেংকাৰী কৰি বিজে‌‌পিয়ে ঔষধৰ দাম বৃদ্ধি কৰিলে ।‌ লগতে দেশত ভেজাল‌ ঔষধৰ‌ বজাৰ মুকলি কৰিলে ।‌ অসমত মুখ্যমন্ত্ৰী‌ হিমন্ত বিশ্ব শৰ্মাই ব্যৰ্থ গুজৰাট‌ মডেলৰ নাম লৈ অসমত 11 হাজাৰ চৰকাৰী বিদ্যালয়‌‌ বন্ধ কৰিলে । কংগ্ৰেছ চৰকাৰ আহিলে দেশত বিজেপিৰ অপশাসনৰ বিলুপ্ত কৰিব বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে ।

ইফালে, সভাত ভাষণ দি অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, বিজেপি চৰকাৰে অসমীয়া জাতিক বিশ্বঘাটকতা কৰিছে । অসম চুক্তি ৰূপায়ণ, বাংলাদেশী নাগৰিকক বহিস্কাৰ কৰাৰ‌ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে অসমীয়া জাতিৰ লগত‌‌ বিশ্বাসঘাটকতা কৰিছে । অসমৰ ৰাইজে ভোটৰ জৰিয়তে বিজে‌‌পিক উত্তৰ দিব লাগিব।

লগতে পঢ়ক: তিতাবৰত নিৰ্বাচনী প্ৰচাৰ চলাই মঞ্চত মুখ্যমন্ত্ৰীৰ নৃত্য - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.