যোৰহাট, ৬ এপ্ৰিল: বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে ১৪ খন আসনৰ ভিতৰত ১৪ খন আসনতেই জয়ী হ'ব ৷ কংগ্ৰেছৰ অভেদ্য দুৰ্গখ্যাত যোৰহাট লোকসভা সমষ্টিৰ তিতাবৰত আজি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই কথা ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয়, "ৰাইজৰ কথা মতে যদি কওঁ, তেন্তে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে ১৪ খন আসনৰ ভিতৰত ১৪ খন আসনতেই জয়ী হ'ব । ধুবুৰীৰ ৰাইজেও বিজেপিক ভোট দিয়াৰ কথা ব্যক্ত কৰিছে ৷"
- " class="align-text-top noRightClick twitterSection" data="">
ইফালে বৰ্তমান চৰকাৰে বিতৰণ কৰা অৰুণোদয় আঁচনি ফৰ্ম ভুৱা বুলি ওলোৱা গুজৱক খণ্ডন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, অৰুণোদয় পত্ৰ ভুৱা নহয়, যিসকল লোকে ইয়াক মিছা বা ভুৱা বুলি প্ৰচাৰ কৰিছে, সেইসকলহে ভুৱা । তেওঁ লগতে বিজেপিয়ে যদি নিৰ্বাচনৰ আচৰণ বিধি ভংগ কৰিছে তেতিয়া হ’লে বিজেপিৰ বিৰুদ্ধে সাংবাদিকৰ আগত নহয়, নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰাৰ বাবে আহ্বান জনায় ৷ বিজেপিয়ে যদি সঁঁচাকৈয়ে নিৰ্বাচনী বিধি উলংঘন কৰিছে তেন্তে তেওঁলোকে ইয়াক সংশোধন কৰাৰ কথাও ব্যক্ত কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷
মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছক কটাক্ষ কৰি কয় যে, কংগ্ৰেছত এতিয়া কেৱল নেতাৰেই নহয়, তৃণমূল কৰ্মীৰো অভাৱ । সমান্তৰালভাবে যোৰহাট লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে তিনি লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে । কংগ্ৰেছৰ দুৰ্গখ্যাত তিতাবৰৰ ৰাইজক মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী সভাত আন কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰে । তেওঁ তিতাবৰ চাৰিআলিত এখন উৰণ সেতু নিৰ্মাণৰ লগতে চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । আনহাতে অসম চৰকাৰে সংবাদ ক্ষেত্ৰৰ বাবে কৰি অহা কামৰো বিৱৰণ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।