ETV Bharat / state

প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ পাঁচটা সমষ্টিৰ চাৰিটাতে উপস্থিত থাকিব মুখ্যমন্ত্ৰী - Lok Sabha Elections

author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 10:46 PM IST

নিৰ্বাচনক লৈ সম্পূৰ্ণৰূপে সাজু শাসকীয় দল ভাৰতীয় জনতা পাৰ্টি ৷ প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ পাঁচটা সমষ্টিৰ চাৰিটা সমষ্টিত উপস্থিত থাকিব মুখ্যমন্ত্ৰী, এটা সমষ্টিলৈ যাব সভাপতি ভৱেশ কলিতা । অৰবিন্দ কেজৰিৱালক ইডিয়ে গ্ৰেপ্তাৰ কৰা নাই, কেজৰিৱালেহে ইডিক নিমন্ত্ৰণ কৰি আনিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

LOK SABHA ELECTIONS
ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী

ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী

গুৱাহাটী, ২৩ মাৰ্চ: লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন । নিৰ্বাচনক লৈ সম্পূৰ্ণৰূপে সাজু শাসকীয় দল ভাৰতীয় জনতা পাৰ্টি । আজি অৰ্থাৎ সোমবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত লোকসভা নিৰ্বাচনৰ প্ৰভাৰীসকলৰ সৈতে আলোচনাৰ মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীগৰাকী নিৰ্বাচন সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল কাৰ্যসূচীসমূহ মাংগলিক কৰ্মৰে সম্পন্ন হ'ব । প্ৰথম পৰ্যায়ৰ পাঁচটা সমষ্টিৰ মনোনয়ন পত্ৰ দাখিলৰ বাবে চাৰিটা সমষ্টিত মই নিজে উপস্থিত থাকিম, এটা সমষ্টিলৈ যাব সভাপতি ভৱেশ কলিতা । ইতিমধ্যে আমাৰ সভা-সমিতি চলি আছে । প্ৰতিদিনে তিনি-চাৰিখনকৈ ৰাজহুৱা সভাত অংশ লম । সন্ধিয়া সময়ত সমষ্টিয়ে সমষ্টিয়ে ৰোড শ্ব'ত অংশ লম ।

লগতে ১৪ খন আসনৰ ভিতৰত এতিয়া ১১ খন নহয়, ১৩ খন আসনৰ বাবেই পূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আগবঢ়াই কয় যে ধুবুৰী আসনখন ৰকিবুল হুছেইনে জয়লাভ কৰক, যিহেতু তেওঁৰ প্ৰতি শুভেচ্ছা আছে, তেওঁ আজমলক হৰুৱাবলৈ গৈছে । ৰকিবুল হুছেইনে আজমলক হৰুৱালে আমি ভাল পাম । ইফালে ধুবুৰীত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰচাৰ চলাব যোৱা প্ৰসংগ কয় যে ধুবুৰীৰ গোলকগঞ্জ আৰু বিলাসীপাৰা সমষ্টিলৈ প্ৰচাৰৰ বাবে যাম । যিহেতু '২৬ ত এই দুটা বিধানসভা সমষ্টি লাগিব ।

আনহাতে অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে অৰবিন্দ কেজৰিৱালক ইডিয়ে গ্ৰেপ্তাৰ কৰা নাই, কেজৰিৱালেহে ইডিক নিমন্ত্ৰণ কৰি আনিছে । ইডিৰ চমনৰ পিচত ৰাহুল গান্ধী, ছোনিয়া গান্ধীও হাজিৰ হৈছে । অৰবিন্দ কেজৰিৱালে ৯ বাৰ ইডিৰ চমন অমান্য কৰি অৱশেষত তেওঁ নিজে ইডিক গ্ৰেপ্তাৰৰ বাবে আমন্ত্ৰণ কৰিলে ।

লগতে পঢ়ক: দীপাংক নাথক বিজেপিৰ ৰাজ্যিক সম্পাদকৰ দায়িত্ব - Dipank Nath as BJP state secretary

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.