ETV Bharat / state

লখিমপুৰত চাহ মজদুৰ সংঘৰ উদ্যোগত আন্তৰ্জাতিক শ্ৰমিক দিৱসত সম্বৰ্ধনা জ্ঞাপন - International Labour Day

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 2:17 PM IST

Assam Chah Mazdoor Sangha
অসম চাহ মজদুৰ সংঘ

International Labour Day: পহিলা মে'ৰ দিনটো শ্ৰমিক দিৱস হিচাপে পালন কৰা হয় । প্ৰতি বছৰৰ দৰে এইবাৰো ৰাজ্য়ত বিভিন্ন সংগঠন আজি এই দিৱস পালন কৰিছে ।

অসম চাহ মজদুৰ সংঘ

লখিমপুৰ,১ মে': আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস । সকলো শ্ৰমিকৰ অধিকাৰ আৰু প্ৰাপ্যৰ দাবীত প্ৰতি বছৰে ১ মে'ত আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন কৰা হয় ৷ সমগ্ৰ বিশ্বৰ শোষিত-বঞ্চিত শ্ৰমিকৰ বাবে এয়া হৈছে স্ব-অধিকাৰ সাব্যস্ত কৰাৰ দিন । শ্ৰমৰ বিনিময়ত শ্ৰমিকসকলে পাবলগীয়া তেওঁলোকৰ পাপ্য অধিকাৰৰ হকে যুঁজি যাবলৈ পণ লোৱাৰ দিন ।

দেশৰ বিভিন্ন প্ৰন্তৰ লগতে অসমতো পালন কৰা হৈছে এই দিৱস । অসম চাহ মজদুৰ সংঘৰ উদ্যোগতো লখিমপুৰত এই শ্ৰমিক দিৱস পালন কৰা হৈছে । প্ৰতি বছৰে পহিলা মে'ৰ দিনটো আন্তর্জাতিক শ্রমিক দিৱস হিচাপে পালন কৰি আহিছে। চৰকাৰী বে-চৰকাৰীভাৱে বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয় ।

ৰাজ্যৰ অন্যান্য ঠাইৰ দৰে লখিমপুৰ জিলাতো বিভিন্ন সংগঠন তথা অনুষ্ঠানে এই দিৱস পালন কৰে । নগৰৰ ত্যাগ ক্ষেত্রত চাহ মজদুৰ সংঘৰ লখিমপুৰ শাখাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে এই দিৱস আয়োজন কৰা হয় । চাহ মজদুৰ সংঘৰ লখিমপুৰ শাখাৰ উদ্যোগত আৰু জিলাখনৰ ৯ খন বাগিচাৰ ৰাইজৰ সহযোগত এই দিৱস পালন কৰা হয় ।

এই দিৱস উপলক্ষে ত্যাগ ক্ষেত্রত হেজাৰ হেজাৰ চাহ জনগোষ্ঠীৰ লোকৰ সমাৱেশ হয় । পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, সাংস্কৃতিক শোভাযাত্রা, মুকলি সভা আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় । এই কাৰ্যসূচী সমূহত চাহ মজদুৰ সংঘৰ লখিমপুৰ শাখাৰ সম্পাদক সঞ্জীত তাঁতীৰ লগতে জিলা তথা কেন্দ্রীয় সমিতিৰ কেইবাজনো বিষয়ববীয়া, ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে ।

ব্যতিক্রমী ৰূপত জিলাখনৰ প্ৰতিখন বাগিচাৰ একোজন পুৰুষ আৰু এগৰাকী মহিলাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা কাৰ্যসূচী গ্রহণ কৰা হয় । সাংস্কৃতিক শোভাযাত্রাত চাহ জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি, নৃত্য- গীত আদিৰ মূৰ্ত প্ৰকাশ ঘটে ।

লগতে পঢ়ক: লহপহকৈ বাঢ়ি অহা খেতিডৰালৈ চাই প্ৰাপ্তিৰ হাঁহি মাৰিছে একাংশ কৃষকে - Boro Paddy Cultivation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.