ETV Bharat / state

মুখ্যমন্ত্ৰীক কি প্ৰত্যাহ্বান জনালে ভূপেন বৰাই ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 4:25 PM IST

Lok Sabha Election 2024
মুখ্যমন্ত্ৰীক কি প্ৰত্যাহ্বান জনালে ভূপেন বৰাই

Lok Sabha Election 2024: যোৰাহাট আৰু ডিব্ৰুগড় বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত ! ভূপেন বৰাৰ মতে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হ'লে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিম বুলি কওঁক । মঞ্চত মুখ্যমন্ত্ৰীয়ে কিয় নাচিছে তাৰো কাৰণ বাখ্যা কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে ।

মুখ্যমন্ত্ৰীক কি প্ৰত্যাহ্বান জনালে ভূপেন বৰাই

গুৱাহাটী,২১ এপ্ৰিল: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিচতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ । ভূপেন বৰাই দাবী কৰা মতে যোৰহাটত কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু ডিব্ৰুগড়ত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত । যদি যোৰহাটত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হয় তেনেহ'লে মুখ্য়মন্ত্ৰীক পদত্যাগ কৰিবলৈ প্ৰত্যাহ্বান জনায় ভূপেন বৰাই ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়,"যোৰহাটত কংগ্ৰেছ জয়ী হ'লে পদত্যাগ কৰিম বুলি কওঁক মুখ্যমন্ত্ৰীয়ে । যোৰহাটত বিজেপি জিকিব বুলি কওঁক যদি জিকিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিম বুলি কওঁক ।" এয়া মুখ্যমন্ত্ৰীলৈ পোনপটীয়া প্ৰত্যাহ্বান বুলিও ভূপেন বৰাই উল্লেখ কৰে । ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্যৰ প্ৰাৰ্থী জয়ী হ'ব বুলিও তেওঁ দাবী কৰে । 'কা'ৰ বাবেই ডিব্ৰুগড়ত বিৰোধী জয়ী হ'ব বুলি তেওঁ উল্লেখ কৰে ।

ভূপেন বৰাৰ মতে ১৯ এপ্ৰিলৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিচত মুখ্যমন্ত্ৰী হতাশ হৈছে আৰু মানসিকভাৱে অস্থিৰ হৈছে । যাৰ বাবে তেওঁ যিমান মঞ্চত উঠিছে মাইক দলিয়াই দিয়ে আৰু নাচিবলৈ আৰম্ভ কৰে । মুখ্যমন্ত্ৰীয়ে যি নৃত্য কৰিছে সেয়া অসমীয়া ডেকা-গাভৰুৱে কৰা নৃত্য নহয় বুলিও তেওঁ উল্লেখ কৰিছে । ইমান যদি নাচিবলৈ মন গৈছে আদৰ্শ বিহু দলত নহ'লে চিনেমাত যোগদান কৰিবলৈ তেওঁ মুখ্যমন্ত্ৰীক আহ্বান জনায় ।

ভূপেন বৰাই মুখ্যমন্ত্ৰীক সমালোচনা কৰি কয় যে তেওঁ ৰাইজৰ সমস্যা সমাধানত ব্যৰ্থ হৈছে । যাৰ বাবে তেওঁক উজনি অসমৰ ৰাইজে প্ৰত্যাখ্যান কৰিলে বুলি দাবী কৰে ভূপেন বৰাই ।

লগতে পঢ়ক :ডিব্ৰুগড় সমষ্টিত লুৰিণজ্যোতি গগৈৰ জয়ৰ বাট মুকলি হৈছে: ভূপেন বৰা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.