ETV Bharat / state

ডিব্ৰুগড় সমষ্টিত লুৰিণজ্যোতি গগৈৰ জয়ৰ বাট মুকলি হৈছে: ভূপেন বৰা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 2:17 PM IST

Bhupen Bora thanked the people of Upper Assam for voting for anti-BJP candidate
বিজেপি বিৰোধী প্ৰাৰ্থীক ভোট দিয়াৰ বাবে ৰাইজক ধন্যবাদ জনাই বৰাই

Lok Sabha Election in Assam: সংবাদমেল যোগে বিজেপিক তীব্ৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । বিজেপি বিৰোধী প্ৰাৰ্থীক ভোট দিয়াৰ বাবে উজনি অসমৰ ৰাইজক ধন্যবাদ জনাই বৰাই । ইভিএম আৰু বেলট বাকচৰ যোগেদি প্ৰতিবাদ কৰা বাবে ৰাইজক ধন্যবাদ জনাই মুখ্যমন্ত্ৰীয়ে এতিয়া ওলোটা খৰ মাৰিছে বুলি কটাক্ষ ।

বিজেপি বিৰোধী প্ৰাৰ্থীক ভোট দিয়াৰ বাবে ৰাইজক ধন্যবাদ জনাই বৰাই

গুৱাহাটী,২১ এপ্ৰিল: উজনি অসমত বিজেপিবিৰোধী শক্তিক ধন্যবাদ সভাপতি ভূপেন বৰাৰ । বিজেপি বিৰোধী প্ৰাৰ্থীক ভোট প্ৰদানৰ বাবে ধন্যবাদ জনাই ৰাইজক । তেওঁ সংবাদ মাধ্যমৰ আগত কয় , ডিব্ৰুগড় সমষ্টিত লুৰিণজ্যোতি গগৈৰ জয়ৰ বাট মুকলি হৈছে । ডিব্ৰুগড়ত আপৰ ভোট বিভাজনে লুৰিণজ্যোতি গগৈক সহায় কৰিব । অংগনৱাড়ী কৰ্মীয়ে মুখ্যমন্ত্ৰীক আঙুলি টোৱাই কথা কব পৰা হ’ল বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ ইতিহাসত এয়া হয়তো কেতিয়াও হোৱা নাছিল ।

লগতে তেওঁ কয়, "বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি আৰু ধৰ্মীয় মেৰুকৰণেৰে সমাজত বিভাজন আনিছিল । অসমৰ বুদ্ধিজীৱিসকলে মাত নমতাৰ কাৰণে ভয় খাইছিলো ।" কিন্ত, ইভিএম আৰু বেলট বাকচৰ যোগেদি প্ৰতিবাদ কৰা বাবে ৰাইজক ধন্যবাদ জনাই সভাপতি বৰাই । মুছলমানক সমালোচনা কৰা মুখ্যমন্ত্ৰীয়ে হঠাৎ ওলোটা খৰ মাৰিছে বুলি কটাক্ষ কৰি তেওঁ কয় যে যোৰহাটত সমষ্টিত বিজেপি নেতাই মুখথেকেচা খাইছে ।

ইয়াৰোপৰি গোৰ্খা সম্প্ৰদায়ক ৰঞ্জিত দত্তই কৰা সমালোচনাৰ পি;তো ক্ষমা নুখুজিলে আৰু সেয়েহে তেওঁক এইবাৰ গোৰ্খা সম্প্ৰদায়ে বৰ্জন কৰিছে বুলি উল্লেখ কৰে । লগতে তেওঁ কয় যে হোজাইত ভাষিক সংখ্যালঘু ভোটাৰেও বিজেপিক বৰ্জন কৰিছে । লাখপতি বাইদেউ আঁচনিত আবেদন কৰা বাইদেউসকলে নিজকে হতাশপতি বুলি অভিহিত কৰিছে ।

ইফালে শীঘ্ৰে বিজেপি নেতা বিজয় মালাকাৰৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগক অভিযোগ দিয়া হ’ব বুলি উল্লেখ কৰে । ভোট নিদিলে আঁচনিৰ পৰা বঞ্চিত কৰিম বুলি ভোটাৰক ভাবুকি দিয়া বাবে নিৰ্বাচনী আয়োগক অভিযোগ দাখিল কৰিব বুলি তেওঁ জানিবলৈ দিয়ে । অসম বচাবলৈ হ'লে দাদাগিৰি চলোৱা বিজেপি, মঞ্চত নচা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাইজক ঠিয় হ'বলৈ আহ্বান জনায় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

আনহাতে প্ৰধানমন্ত্ৰী মোদীৰ ভাষণত এবাৰো ছয় জনগোষ্ঠীৰ নাম নলোৱা আৰু অসম চুক্তিৰ ছয় নং দফা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে মুখ নোখোলাকলৈও সমালোচনা কৰে বৰাই । লগতে তেওঁ ছাত্ৰ সন্থাকে ধৰি আন জাতি-জনগোষ্ঠীয় সংগঠনে জাতিৰ স্বাৰ্থত ভোট প্ৰদানৰ বাবে আহ্বানৰ জনোৱাৰ কাৰণে ধন্যবাদ জনায় ।

লগতে পঢ়ক: আম্বেদকাৰে প্ৰস্তুত কৰা সংবিধান নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচিছে বিজেপিয়ে: নাদিম জাবেদ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.