আম্বেদকাৰে প্ৰস্তুত কৰা সংবিধান নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচিছে বিজেপিয়ে: নাদিম জাবেদ - Lok Sabha Election 2024
Lok Sabha Election: নগাঁৱত প্ৰদ্যুৎ বৰদলৈৰ প্ৰচাৰ সভাত ৰাষ্ট্ৰীয় কংগ্ৰেছ নেতা নাদিম জাবেদ । নগাঁৱৰ নিৰ্বাচনী সভাত নাদিম জাবেদৰ বিস্ফোৰক মন্তব্য । ড৹ বি আৰ আম্বেদকাৰে প্ৰস্তুত কৰা ভাৰতীয় সংবিধান সলনিৰ ষড়যন্ত্ৰ কৰিছে বিজেপিয়ে । এইবাৰ দেশৰ কোনো ঠাইতেই নাই মোদী ঢৌ । ৰাহুল গান্ধীৰ মোহাব্বত কি দোকানৰ প্ৰসংগও নাদিম জাবেদৰ ভাষণত । কোন নিমকি গুণ্ডাক জেলত ভৰোৱাৰ হুংকাৰ দিলে প্ৰদ্যুৎ বৰদলৈয়ে ?

Published : April 20, 2024 at 8:22 PM IST
|Updated : April 20, 2024 at 10:10 PM IST
নগাঁও,২০ এপ্ৰিল: দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নগাঁও লোকসভা সমষ্টিত তুংগত উঠিছে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ । শনিবাৰে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা, তথা এন এছ ইউ আইৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি নাদিম জাবেদ । শনিবাৰে নগাঁৱৰ কঁচুৱাৰ পিচত নগাঁও চহৰৰ সমীপৰ শিয়ালমাৰী ঈদগাহ ফিল্ডত অনুষ্ঠিত এক প্ৰচাৰ সভাতো অংশগ্ৰহণ কৰে উত্তৰ প্ৰদেশৰ পৰা অহা কংগ্ৰেছৰ সৰ্বভাৰতীয় পৰ্যায়ৰ নেতা নাদিম জাবেদে ।
- " class="align-text-top noRightClick twitterSection" data="">
নগাঁৱৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা নাদিম জাবেদ । পূৰ্বে নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰতিশ্ৰুতিক পেৰডী আখ্যা দিলে ৰাষ্ট্ৰীয় কংগ্ৰেছী নেতাগৰাকীয়ে । পোন্ধৰ লাখকৈ টকা, দুই কোটি চাকৰি, ক’লা ধন ওভতাই অনা প্ৰসংগও উল্লেখ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে নাদিম জাবেদ ।
এইবাৰৰ লোকসভা নিৰ্বাচন বহু গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিয়ে ড৹ বি আৰ আম্বেদকাৰে ৰচনা কৰা সংবিধান নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰা বুলি এক বিস্ফোৰক মন্তব্য কৰে কংগ্ৰেছ নেতা নাদিম জাবেদে । এইবাৰ নিৰ্বাচনত দেশৰ কোনো প্ৰান্ততে মোদী ঢৌ নথকাৰ কথাও উল্লেখ কৰি ২০০৪ চনৰ দৰে দেশবাসীয়ে এইবাৰ বিজেপিক বিদায় দিব বুলি মন্তব্য কৰি বিজেপি এইবাৰ ১৮০ খনতকৈয়ো কম আসনত সন্তুষ্ট থাকিব লাগিব বুলিও উল্লেখ কৰে কংগ্ৰেছ নেতাজনে ।
কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ পদযাত্ৰা কৰা ৰাহুল গান্ধী কাকো ভয় কৰা নেতা নহয় ৷ এইবাৰ ৰাহুল গান্ধীৰ নেতৃত্বত চৰকাৰ গঠন কৰাটো নিশ্চিত বুলিও উল্লেখ কৰি ৰাহুল গান্ধী নেতৃত্বাধীন চৰকাৰৰ প্ৰদ্যুৎ বৰদলৈয়ো অংশীদাৰ হ’ব বুলি মন্তব্য কৰে ৰাষ্ট্ৰীয় কংগ্ৰেছ নেতাগৰাকীয়ে । পি চিদাম্বৰম, অৰবিন্দ কেজৰিৱালক জেললৈ প্ৰেৰণ কৰা সন্দৰ্ভতো মন্তব্য কৰে কংগ্ৰেছ নেতা নাদিম জাবেদে । আনকি ৰাহুল গান্ধীৰ মহাব্বত কি দোকানৰ প্ৰসংগও নিজৰ ভাষণত উল্লেখ কৰে ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে ।
ইপিনে একেখন সভাতেই অংশগ্ৰহণ কৰি কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে কয় “বিজেপিয়ে সংবিধান সলনি কৰি ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ বনাবলৈ এইবাৰ চাৰিশতকৈ অধিক আসন বিচাৰিছে।” অৰুণোদয়, লাখপতি বাইদেউ আঁচনিৰ কথাও উল্লেখ কৰি প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য- নৰেন্দ্ৰ মোদীয়ে মিছা কথা কয় ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদীৰ চেলা ।
লগতে বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰ লৈ সংখ্যালঘু এলেকাত ভোট বিচৰা বুলিও মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে । আনকি একাংশ ড্ৰাগছ ব্যৱসায়ী আৰু তীৰ খেলৰ সৈতে জড়িত ব্যক্তি আৰক্ষীৰ পৰা বাচিবলৈ বিজেপিত যোগদান কৰা বুলিও আন এক বিস্ফোৰক মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে । ভগৱানৰ বাহিৰে কোনো লোককে ভয় নকৰাৰ কথাও উল্লেখ কৰি কংগ্ৰেছ সমৰ্থকক ভয় ভাবুকি প্ৰদৰ্শন কৰা একাংশক নিমকি গুণ্ডা বুলি অভিহিত কৰি এইসকলৰ বিৰুদ্ধে নিৰ্বাচনৰ পিচত ব্যৱস্থা গ্ৰহণৰো হুংকাৰ প্ৰদান কৰে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ।
উল্লেখযোগ্য যে, শনিবাৰে নগাঁৱৰ শিয়ালমাৰীৰ উপৰিও কঁচুৱা, ৰূপহীহাট বিধানসভা সমষ্টিৰ অধীনৰ বৰালিমাৰীতো ৰাষ্ট্ৰীয় নেতা নাদিম জাবেদক লৈ প্ৰচাৰ চলাই প্ৰদ্যুৎ বৰদলৈয়ে । নিৰ্বাচনী প্ৰচাৰ সভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়া, নগাঁৱৰ কংগ্ৰেছ নেতা মাণিক আলীকে প্ৰমুখ্য কৰি কেইবাগৰাকী কংগ্ৰেছী নেতা উপস্থিত থাকে ।

