ETV Bharat / politics

৩৭০ অনুচ্ছেদ বাতিল, ৰাম মন্দিৰ নিৰ্মাণ, CAA কাৰ্যকৰী কৰিলে বিজেপিয়ে: অমিত শ্বাহ - Lok Sabha Election 2024

Amit Shah in Kota: কোটাত নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত কংগ্ৰেছক তীব্ৰ সমালোচনা অমিত শ্বাহৰ । কংগ্ৰেছক উন্নয়ন বিৰোধী দল আখ্যা ।

LOK SABHA ELECTION 2024
Amit Shah in Kota
author img

By ANI

Published : April 20, 2024 at 6:25 PM IST

3 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ২০ এপ্ৰিল: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে কয় যে ২০১৪ আৰু ২০১৯ চনৰ নিৰ্বাচনত ৰাইজে বিজেপিক পূৰ্ণ সংখ্যাগৰিষ্ঠতা দিছিল আৰু সেয়া সদব্যৱহাৰ কৰি বিজেপিয়ে ৩৭০ অনুচ্ছেদ বাতিল, ৰাম মন্দিৰ নিৰ্মাণ, CAA কাৰ্যকৰী কৰা, লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাক ৩৩ শতাংশ সংৰক্ষণ প্ৰদান কৰিছিল ।

আজি কোটাত বিজয় সংকল্প মহাসন্মিলনক সম্বোধন কৰি অমিত শ্বাহে কয়, "আপোনালোকে ২০১৪ আৰু ২০১৯ চনত আমাক সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিছিল, আমি সংখ্যাগৰিষ্ঠতা ব্যৱহাৰ কৰি ৩৭০ খন বিলুপ্ত কৰিছিলো, শ্ৰীৰাম জন্মভূমিত মন্দিৰ নিৰ্মাণ কৰিছিলো, CAA কাৰ্যকৰী কৰিছিলো আৰু লোকসভা আৰু বিধানসভাত মহিলাসকলক ৩৩% সংৰক্ষণ দিছিলোঁ ।"

"আপোনালোকে ২০১৯ চনত কংগ্ৰেছক ভোট দিয়া হ'লে কোটা পি এফ আইৰ ঘৰ হ'লহেঁতেন । আপোনালোকে প্ৰধানমন্ত্ৰী মোদীক ভোট দিলে আৰু তেওঁ পিএফআই শেষ কৰি তেওঁলোকক কাৰাগাৰত বন্দী কৰিলে । কংগ্ৰেছে কয় যে পিএফআইৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই ল'ব । কংগ্ৰেছ উন্নয়ন বিৰোধী দল । পাঁচ বছৰ ধৰি গেহলট-চৰকাৰ আছিল যদিও তেওঁলোকে পূব ৰাজস্থান খাল প্ৰকল্পটোক পাঁচ বছৰত আগুৱাই যাবলৈ নিদিলে । ভজনলাল শৰ্মাৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিচত তিনিমাহৰ ভিতৰতে আমি পূব ৰাজস্থান খাল প্ৰকল্পৰ চুক্তি স্বাক্ষৰ কৰিলোঁ ।" শ্বাহে লগতে কয় ।

ইয়াৰ উপৰিও গৃহমন্ত্ৰীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হৈছে, শুকুৰবাৰে আৰু সকলো আসনতে কংগ্ৰেছ পিচপৰি আছে ।

"যেতিয়া আমি ৪০০ পাৰ হোৱাৰ কথা কওঁ, তেতিয়া কংগ্ৰেছৰ পেটৰ বিষ হয় । বিজেপিয়ে যদি ৪০০ আসন পায় তেন্তে সংৰক্ষণৰ অন্ত পেলাব বুলি মিছা প্ৰচাৰ কৰি আছে । মোদীজীয়ে ৰাজস্থানৰ ৮৭ লাখ কৃষকক কিষাণ সন্মান নিধি হিচাপে ২০ হাজাৰ কোটি টকা দিছিল । ৩ লাখ লাখপতি দিদি কৰিলে । ৫১ লাখ দৰিদ্ৰ লোকৰ ঘৰলৈ নলৰ পানী যোগান ধৰা হ'ল । ২ কোটি লোকক আয়ুষ্মান ভাৰত আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ল । ৮৬ লাখ দৰিদ্ৰ লোকৰ ঘৰত শৌচালয় নিৰ্মাণৰ কাম কৰা হৈছে । কংগ্ৰেছ এটা উন্নয়ন বিৰোধী দল ।" অমিত শ্বাহে পুনৰ কয় ।

ৰাজস্থানৰ বাকী ১৩খন আসনত ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা হ’ব । বাকী পৰ্যায়সমূহ নিৰ্বাচন ক্ৰম অনুসৰি ৭ মে’, ১৩ মে’, ২০ মে’, ২৫ মে’ আৰু ১ জুনত অনুষ্ঠিত হ’ব । ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনো ৭ টা পৰ্যায়ত অনুষ্ঠিত হৈছিল । ২০১৯ চনত বিজেপিয়ে ৰাজস্থানত ২৫ খন আসনৰ ভিতৰত ২৪ খন আসনত জয়লাভ কৰাৰ বিপৰীতে বাকী এখন আসনত ৰাষ্ট্ৰীয় লোকক্ৰান্তীয় দলৰ প্ৰাৰ্থী হনুমান বেনিৱালে জয়লাভ কৰে ।

লগতে পঢ়ক: মনীষ ছিছোদিয়াৰ অন্তৰ্ৱৰ্তীকালীন জামিন আবেদনৰ ৰায় সংৰক্ষণ আদালতৰ - Delhi Liquor Policy Case