ETV Bharat / state

সুৰেশ বৰাৰ পূৰ্বৰ ৰেকৰ্ড বৰ ভাল নহয়: আজমল - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 9:11 PM IST

Badruddin Ajmal scares BJP candidate from Nagaon Suresh Bora
সুৰেশ বৰাক ভয় কৰে বদৰুদ্দিন আজমলে

Lok Sabha Election: সুৰেশ বৰাক কিয় ভয় কৰে বদৰুদ্দিন আজমলে ? কাক কাক ডুপ্লিকেট টুপীৱালা আখ্যা দিলে আজমলে ? প্ৰদ্যুৎ বৰদলৈ, সুৰেশ বৰাক বোৰ্খা পিন্ধিবলৈ আহ্বান আজমলৰ । নগাঁৱত হেলিকপ্টাৰ লৈ আজমলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ ।

সুৰেশ বৰাক ভয় কৰে বদৰুদ্দিন আজমলে

নগাঁও,১৬ এপ্ৰিল: “নগাঁৱৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক মই ভয় কৰোঁ । কেতিয়া গুলী মাৰি দিয়ে ঠিক নাই । সুৰেশ বৰাৰ পূৰ্বৰ ৰেকৰ্ড বৰ ভাল নহয় । মোক ৰাতি গুলীয়াই মাৰিলে মোৰ ল’ৰা ছোৱালী পিতৃহাৰা হ’ব ।” নগাঁৱত এ আই ইউ ডি এফৰ প্ৰাৰ্থী অমিনুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই বিস্ফোৰক মন্তব্য দলটোৰ সভাপতি বদৰুদ্দিন আজমলৰ । মঙলবাৰে নগাঁও লোকসভা সমষ্টিৰ কেইবাঠাইত হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ চলাই বদৰুদ্দিন আজমলে ।

  • " class="align-text-top noRightClick twitterSection" data="">

নগাঁৱৰ শিয়ালমাৰীতো এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি দিয়া ভাষণৰ লগতে সংবাদ মাধ্যমৰ সন্মুখতো বিজেপি প্ৰাৰ্থী সুৰেশ বৰা, কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ লগতে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনক আক্ৰমণৰ লক্ষ্য কৰি লয় বদৰুদ্দিন আজমলে । সুৰেশ বৰাৰ পূৰ্বৰ ৰেকৰ্ডৰ কথা উল্লেখ কৰি তীব্ৰ সমালোচনা কৰে আজমলে । লগতে মাৰ্ঘেৰিটাৰ বাসিন্দা কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক ৰাইজে নিৰ্বাচনৰ পাচত সাক্ষাতৰ বাবে বিচাৰিয়েই নাপাব বুলি কটাক্ষ কৰে বদৰুদ্দিন আজমলে ।

বিগত পাঁচ বছৰত সংসদত সংখ্যালঘুৰ কোনো সমস্যা দাঙি নধৰা বুলি উল্লেখ কৰি বৰ্তমান ৬৫ শতাংশ মিঞা ভোট থকা নগাঁও লোকসভা সমষ্টিৰ পৰা মিঞা প্ৰাৰ্থী হিচাপে অমিনুল ইছলামক জয়ী কৰিবলৈ পুনৰ আহ্বান জনায় বদৰুদ্দিন আজমলে । আনকি বিগত কিছুদিন ধৰি বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ সমান্তৰালকৈ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়েও মূৰত টুপী পৰিধান কৰি ইফটাৰ তথা ঈদৰ নামাজত অংশগ্ৰহণ কৰা সন্দৰ্ভতো কটাক্ষ কৰে বদৰুদ্দিন আজমলে ।

প্ৰায় মুছলমানৰ আধা মহিলাৰ ভোট থকা সমষ্টিটোৰ মহিলাৰ ভোট বিচাৰিবলৈ সুৰেশ বৰা আৰু প্ৰদ্যুৎ বৰদলৈক এইবাৰ বোৰ্খা পৰিধান কৰিবলৈয়ো বিতৰ্কিত আহ্বান জনালে আজমলে । ইপিনে, ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনকো কটাক্ষ কৰি বদৰুদ্দিন আজমলে কয়, “ৰকিবুল হুছেইনে নিজৰ ইজ্জত বৰবাদ কৰিবলৈ ধুবুৰীলৈ গৈছে ।” বদৰুদ্দিন আজমলে বিজেপিৰ হেলিকপ্টাৰেৰে প্ৰচাৰ চলোৱা বুলি কংগ্ৰেছে উত্থাপন কৰা অভিযোগ নস্যাৎ কৰি আজমলে দিলে স্পষ্টীকৰণ- "ভাড়াত লোৱা হেলিকপ্টাৰ যিকোনো লোকেই ব্যৱহাৰ কৰিব পাৰে ।"

নগাঁও লোকসভা সমষ্টিৰ নগাঁও চহৰৰ সমীপৰ শিয়ালমাৰীত এ আই ইউ ডি এফৰ প্ৰাৰ্থী অমিনুল ইছলামৰ প্ৰচাৰ সভাত বদৰুদ্দিন আজমলৰ উপৰিও, প্ৰাৰ্থী অমিনুল ইছলাম, চম্পক কলিতাসহ কেইবাগাৰকী দলীয় নেতা উপস্থিত থাকে ।

লগতে পঢ়ক: মোদী-শ্বাহৰ হেলিকপ্টাৰত তালাচী চলোৱাৰ দাবী কংগ্ৰেছ নেত্ৰী অলকা লাম্বাৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.