Bihar Election Results 2025

ETV Bharat / politics

মোদী-শ্বাহৰ হেলিকপ্টাৰত তালাচী চলোৱাৰ দাবী কংগ্ৰেছ নেত্ৰী অলকা লাম্বাৰ - Lok Sabha election 2024

Congress leader Alka Lamba: প্ৰধানমন্ত্ৰী মোদীৰ অসম আগমনক লৈ সৰব হৈ পৰিল কংগ্ৰেছ নেত্ৰী অলকা লাম্বা । ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ৰাহুল গান্ধীক গুৱাহাটীত প্ৰৱেশত বাধা দিয়া কাৰ্যৰ বাবে বিজেপিক সমালোচনা । মোদী-শ্বাহৰ হেলিকপ্টাৰত তালাচী চলোৱাৰ দাবী ।

Lok Sabha election 2024
Congress leader Alka Lamba
author img

By ETV Bharat Assamese Team

Published : April 16, 2024 at 7:57 PM IST

2 Min Read
Choose ETV Bharat
মোদী-শ্বাহৰ হেলিকপ্টাৰত তালাচী চলোৱাৰ দাবী

গুৱাহাটী, ১৬ এপ্ৰিল: অসমলৈ প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতিক ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেত্ৰী অলকা লাম্বাৰ । সোমবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত উপস্থিত হৈ কংগ্ৰেছৰ নেত্ৰী অলকা লাম্বাই সাংবাদিকৰ আগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি কয় যে বিজেপিয়ে বেৰিকেড দি গুৱাহাটীত প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব'ৰ আয়োজন কৰিছে । কিন্তু অসম তথা গুৱাহাটীত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত বিজেপিৰ ডবল ইঞ্জিন চৰকাৰে বাধা প্ৰদান কৰিছিল ।

এতিয়াও অসমত নিৰ্বাচনী সভাত ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেক অংশগ্ৰহণ কৰাত বিভিন্ন বাধা দি থকা হৈছে বুলিও লাম্বাই অভিযোগ কৰে । তেওঁ বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ কয়, "যদি নৰেন্দ্ৰ মোদীয়ে ১০ বছৰৰ শাসনৰ ৰিপোৰ্ট কাৰ্ড ৰাইজৰ আগত দিব পাৰিলে হয়, আজি এনেদৰে গুৱাহাটীত নিৰ্বাচনৰ বাবে ভোট বিচাৰি ৰোড শ্ব' কৰাৰ প্ৰয়োজন নাথাকিলেহেতেন ।"

ৰাহুল গান্ধীৰ হেলিকপ্টাৰত তালাচী চলোৱা সন্দৰ্ভত তেওঁ কয়, "বিজেপিৰ শাসন তন্ত্ৰই ৰাহুল গান্ধীৰ হেলিকপ্টাৰত তালাচী চলোৱাৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ হেলিকপ্টাৰত তালাচী কৰা উচিত । কাৰণ দেশৰ ক'লা ধন যদি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ হেলিকপ্টাৰত আছে ।"

তেওঁ বিজেপিক সমালোচনা কৰি পুনৰ কয়, "দেশৰ জনতাই বিজেপিক নিৰ্বাচনত উত্তৰ দিব । এইবাৰ নিৰ্বাচনত দেশৰ জনতাৰ জয় হ'ব । ন্যায়ৰ জয় হ'ব । এই যুঁজ হ'ব ইণ্ডিয়া আৰু এন ডি এৰ মাজত । যুঁজত জয়ী হ'ব ইণ্ডিয়া । লাম্বাই ইউনিয়ন চিভিল কোড আৰু কা সন্দৰ্ভত প্ৰশ্ন তোলে যে দহ বছৰে এই কাম কৰিব নোৱৰা বিজেপি চৰকাৰে নিৰ্বাচনৰ সময়তহে কিয় এই কাম কৰিলে ? নিৰ্বাচনত বিজেপিক ভাৰতৰ জনতাই এই সকলোবোৰৰে উত্তৰ দিব বুলি লাম্বাই মন্তব্য কৰে ।

লগতে পঢ়ক: মোদীৰ গেৰাণ্টী লৈ অসম বিজেপিৰ সংকল্প পত্ৰ মুকলি - Lok Sabha Election 2024