ETV Bharat / state

ৰাজ্যৰ 913 টা পৰীক্ষা কেন্দ্ৰত আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা

author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 10:11 AM IST

SEBA HSLC 2024: আজিৰে পৰা আৰম্ভ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ 913 টা পৰীক্ষা কেন্দ্ৰত 4 লাখ 25 হাজাৰতকৈ অধিক পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব । মেট্ৰিক পৰীক্ষাৰ সামৰণি পৰিব 4 মাৰ্চত । প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত এইবাৰ OMR শ্বীটৰ ব্যৱস্থা কৰা হৈছে ।

SEBA HSLC 2024
আৰম্ভ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা

গুৱাহাটী, 16 ফেব্ৰুৱাৰী: কেতবোৰ গুৰুত্বপূৰ্ণ সালসলনিৰ মাজেৰে শুকুৰবাৰৰে পৰা আৰম্ভ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা । এইবাৰ ৰাজ্যৰ 913 টা পৰীক্ষা কেন্দ্ৰত 4 লাখ 25 হাজাৰতকৈ অধিক পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব । আজি প্ৰথমদিনা আছে ইংৰাজীৰ পৰীক্ষা ৷ ইংৰাজীৰে আৰম্ভ হোৱা মেট্ৰিক পৰীক্ষাৰ 4 মাৰ্চত সামৰণি পৰিব ।

এই বৰ্ষত প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত OMR শ্বীটৰ ব্যৱস্থা কৰা হৈছে । গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত থাকিব OMR শ্বীট । OMR শ্বীটত সন্নিৱিষ্ট থাকিব 50% প্ৰশ্ন । OMR শ্বীটত 1 নম্বৰৰ 45 টা প্ৰশ্ন থাকিব । পৃথক এখন বহীত পৰীক্ষাৰ্থীয়ে লিখিব লাগিব 45 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ উত্তৰ । অৰ্থাৎ পৰীক্ষাৰ্থীয়ে লাভ কৰিব 45 নম্বৰৰ দুখনকৈ প্ৰশ্নকাকত ।

বিষয়সমূহৰ ব্যৱহাৰিক পৰীক্ষাত থাকিব 10 নম্বৰ । OMR শ্বীট ব্যৱহাৰৰ ক্ষেত্ৰ কেতবোৰ নিৰ্দিষ্ট নিয়ম বান্ধি দিয়া হৈছে । যোৱা বছৰৰ পৰা গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত 50% প্ৰশ্ন বস্তুনিষ্ঠ (অৱজেক্টিভ) কৰা হৈছিল ।এইবাৰ অৱজেক্টিভ প্ৰশ্নৰ উত্তৰ বহীৰ পৰিৱৰ্তে OMR শ্বীটৰ ব্যৱস্থা কৰা হৈছে । প্ৰতিখন OMR শ্বীটত পৰীক্ষাৰ্থীৰ নাম আৰু ৰোল নং থাকিব ।

উল্লেখ কৰা প্ৰয়োজন যে, পৰীক্ষাৰ্থীৰ যাতে সুবিধা হয় তাৰবাবে OMR শ্বীটৰ নমুনা ছেবাই পূৰ্বেই প্ৰকাশ কৰিছিল । আনকি বহু বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে ছমহীয়া পৰীক্ষাত নিজাববীয়াকৈ OMR শ্বীটৰ ব্যৱহাৰ কৰিছিল ৷ এডমিট কাৰ্ডৰ পিছফালে OMR শ্বীটৰ ব্যৱহাৰ কিদৰে কৰিব লাগে তাৰ নীতি নিৰ্দেশনা ছেবাই উল্লেখ কৰিছে । OMR শ্বীটৰ ব্যৱহাৰ কৰাৰ ফলত বহীবোৰ চাবৰ বাবে সময়ৰ কম প্ৰয়োজন হ'ব আৰু পূৰ্বৰ তুলনাত ফলাফল আগতীয়াকৈ প্ৰকাশ পাব বুলি শিক্ষা বিভাগে উল্লেখ কৰিছে ।

লগতে পঢ়ক: Exclusive interview: মেট্ৰিক পৰীক্ষাৰ্থীক সফলতা লাভৰ মন্ত্ৰণা দিলে ছেবাৰ প্ৰাক্তন অধ্যক্ষ ড৹ কমলজ্যোতি গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.