ETV Bharat / state

গছপুলিৰ কাৰ্বন পৰীক্ষণৰ জৰিয়তে অসমৰ কৃষকক লাভান্বিত কৰাৰ প্ৰয়াস - Assam Agricultural University

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 9:27 PM IST

Assam Agricultural University: অসমত এক কোটি গছপুলি ৰোপণ কৰি ইয়াৰ পৰা কাৰ্বন পৰীক্ষণৰ জৰিয়তে অসমৰ কৃষকক আৰ্থিকভাৱে উপকৃত কৰাৰ বাবে বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে । চাওক সবিশেষ ...

AAU strives to benefit the farmers of Assam through carbon testing of saplings
গছপুলিৰ কাৰ্বন পৰীক্ষণৰ জৰিয়তে অসমৰ কৃষকক লাভান্বিত কৰাৰ প্ৰয়াস (ETB Bharat Assam)

যোৰহাট, ১০ মে': অসমত এক কোটি গছপুলি ৰোপণ কৰি ইয়াৰ পৰা কাৰ্বন পৰীক্ষণৰ জৰিয়তে অসমৰ কৃষকক আৰ্থিকভাৱে উপকৃত কৰাৰ বাবে বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে । শুকুৰবাৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ে নতুন দিল্লীৰ শক্তি আৰু সম্পদ প্রতিষ্ঠান (টেৰি) আৰু ৰিনিউ পাৱাৰ ছিনাৰিজ প্রাইভেট লিমিটেডৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি আগবাঢ়িছে এই দিশত ।

এই চুক্তিৰ জৰিয়তে অসমৰ বিভিন্ন প্রান্তৰ কৃষকৰ সহযোগত ৰোপণ কৰিবলগীয়া গছপুলিবোৰৰ তিনি বছৰৰ পাছত ডাঙৰ হোৱা গছবোৰত জমা হোৱা কার্বন বিশেষ পদ্ধতিৰে মূল্যায়ণ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নির্ধাৰিত দৰত গছৰ গৰাকীক লাভাংশ প্রদান কৰা হ'ব ।

শুকুৰবাৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সভাগৃহত আয়োজিত চুক্তি স্বাক্ষৰ অনুষ্ঠানত টেৰিৰ বিষয়াসকলে কয় যে এই ৰোপণৰ জৰিয়তে পৰিবেশৰ ভাৰসাম্য ৰক্ষাৰ সমান্তৰালভাৱে এই ক্ষেত্ৰত জড়িত কৃষকসকলো উপকৃত হ'ব ।

AAU strives to benefit the farmers of Assam through carbon testing of saplings
গছপুলিৰ কাৰ্বন পৰীক্ষণৰ জৰিয়তে অসমৰ কৃষকক লাভান্বিত কৰাৰ প্ৰয়াস (ETV Bharat Assam)

প্রতিজোপা গছৰ বিপৰীতে গৰাকীয়ে গছ জীয়াই ৰখাৰ বাবে লাভান্বিত হ'ব । অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য ড৹ বিদ্যুৎ চন্দন ডেকাই এই চুক্তিৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্র আৰু কৃষি গবেষণা কেন্দ্রৰ সহযোগত অসমৰ ১০ খন জিলা বঙাইগাঁও, শোণিতপুৰ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, দৰং, ওদালগুৰি, বাক্সা, নলবাৰী, বৰপেটাত প্ৰাৰম্ভিক পৰ্যায়ত গছপুলি ৰোপণ কৰি এই আঁচনি আগবঢ়াই নিয়া হ'ব বুলি সদৰি কৰে ।

এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গবেষণা সঞ্চালক ড৹ সঞ্জয় কুমাৰ চেতিয়া, কৃষি বিজ্ঞানৰ গুৰু ড৹ প্ৰসন্ন কুমাৰ পাঠক, সম্প্রসাৰণ শিক্ষা সঞ্চালক ড৹ মনোৰঞ্জন নেওগ, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ ৰঞ্জিত কুমাৰ সাউদ, সহযোগী কৃষি গৱেষণা সঞ্চালক ড৹ মৃণাল শইকীয়া, টেৰিৰ জ্যেষ্ঠ সঞ্চালকদ্বয় ড৹ জে ভি শর্মা আৰু ড৹ দীপাংকৰ চহৰীয়া, টেৰিৰ গুৱাহাটীস্থ আঞ্চলিক সমন্বয়ক ড৹ নৱ কুমাৰ গোস্বামীৰ লগতে কেইবাজনো বিষয়া আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ হৈ কেবাজনো জ্যেষ্ঠ বিজ্ঞানী, ঔষধি আৰু সুগন্ধি উদ্ভিদ গৱেষণা কেন্দ্ৰ, বুঢ়ালিকচনৰ মুৰব্বীৰ লগতে, কেবাজনো অধ্যাপকে অংশগ্রহণ কৰে ।

লগতে পঢ়ক: অসম কৃষি বিশ্ববিদ্যালয়ৰে বড়ো কছাৰী স্বায়ত্তশাসিত কল্যাণ পৰিষদৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.