অসম কৃষি বিশ্ববিদ্যালয়ৰে বড়ো কছাৰী স্বায়ত্তশাসিত কল্যাণ পৰিষদৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ
BKAWC signs MoU with AAU : অসম কৃষি বিশ্ববিদ্যালয়ৰে বড়ো কছাৰী স্বায়ত্তশাসিত কল্যাণ পৰিষদৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ । অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয়ৰ সভাগৃহত আয়োজিত বিশেষ অনুষ্ঠানত স্বাক্ষৰ কৰে চুক্তিখনত । এই চুক্তিয়ে অসম কৃষি বিশ্ববিদ্যালয়ে প্ৰযুক্তিৰ আৰু প্ৰশিক্ষণৰ জড়িয়তে সহায় কৰিব বুলি আশা প্ৰকাশ কৰে উপস্থিত লোকসকলে ।

Published : January 26, 2024 at 8:41 AM IST
যোৰহাট, ২৫ জানুৱাৰী: কৃষি আৰু আনুসংগিক ক্ষেত্ৰত বিশেষ উন্নয়নৰ বাবে বড়ো-কছাৰী স্বায়ত্তশাসিত কল্যাণ পৰিষদে বৃহস্পতিবাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে । অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয়ৰ সভাগৃহত আয়োজিত বিশেষ অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ মনোৰঞ্জন নেওগ আৰু বড়ো কছাৰী স্বায়ত্তশাসিত কল্যাণ পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰদীপ স্বৰ্গীয়াৰীয়ে এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে ।
অনুষ্ঠানত উপস্থিত থাকি ভাষণত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই জনগোষ্ঠীয় মানুহৰ উন্নতিৰ বাবে বড়ো জনগোষ্ঠী এলেকাত স্বায়ত্তশাসিত পৰিষদৰ জৰিয়তে উন্নয়নৰ ক্ষেত্ৰত লোৱা কাৰ্যসূচীত অসম কৃষি বিশ্ববিদ্যালয়ে প্ৰযুক্তিৰ আৰু প্ৰশিক্ষণৰ জড়িয়তে সহায় কৰিব বুলি প্ৰকাশ কৰে । বিশেষকৈ ব্যৱসায়িক খেতিৰ বাবে বৈজ্ঞানিক পদ্ধতিৰ জ্ঞান আৰু প্ৰযুক্তিৰ সহায়েৰে উন্নতি কৰি ব্যৱসায়িক চিন্তাৰে আনৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকি স্বনিৰ্ভৰশীল হ'বলৈ আহ্বান জনায় ।
সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ মনোৰঞ্জন নেওগে আদৰণি ভাষণ প্ৰদান কৰি সঁচা অৰ্থত আঁচনিসমূহ ৰূপায়ণৰ বাবে কৃষি প্ৰযুক্তি প্ৰদৰ্শন কৰি পথাৰলৈ গৈ কৃষকৰ মাজত সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰিব লাগিব বুলি উল্লেখ কৰে । সম্প্ৰসাৰণ বিশেষজ্ঞ ড৹ ৰূপজ্যোতি বৰাই আঁতধৰা অনুষ্ঠানটোত পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰদীপ স্বৰ্গীয়াৰীয়ে বি টি আৰ চুক্তি অনুসৰি অসমৰ ২২ জিলাত সিঁচৰতি হৈ থকা কৃষিজীৱি বড়োসকলৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি উল্লেখ কৰে ।
এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন গোঁহাই, কৃষি গৱেষণা সঞ্চালক ড৹ সঞ্জয় কুমাৰ চেতিয়া, বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদৰ চেয়াৰমেন অনিল বসুমতাৰী, উপ মুখ্য কাৰ্যবাহী ৰমিঅ নাৰ্জাৰী, কাৰ্যবাহী সদস্য বিমল বসুমতাৰী, অসম কৃষি বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত ছাত্ৰ কল্যাণ সঞ্চালক ড৹ দিলীপ পাটগিৰি, ভাৰপ্ৰাপ্ত চিফ লাইব্ৰেৰীয়ান ড৹ উদয় কোঁৱৰৰ লগতে বহুকেইজন গৱেষক-বিজ্ঞানী আৰু জ্যেষ্ঠ অধ্যাপকে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক: 1 ফেব্ৰুৱাৰীৰ পৰা নৱম সংখ্যক মিচিং যুৱ মহোৎসৱ 2024

