1 ফেব্ৰুৱাৰীৰ পৰা নৱম সংখ্যক মিচিং যুৱ মহোৎসৱ 2024
Mising youth festival 2024: উদুলি মুদুলি কাৰেং চাপৰি ৷ অহা 1 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব নৱম সংখ্যক মিচিং যুৱ মহোৎসৱ।

Published : January 25, 2024 at 8:16 PM IST
লখিমপুৰ, ২৫ জানুৱাৰী: তিনি কোটি টকাৰ বাজেটেৰে আয়োজন কৰা হৈছে নৱম সংখ্যক মিচিং যুৱ মহোৎসৱ । মিচিং সমাজৰ ঐতিহ্য আৰু চহকী কৃষ্টি সংস্কৃতিৰ মূৰ্ত প্ৰকাশ কৰি অহা 1 ফেব্ৰুৱাৰীৰ পৰা চিলাপথাৰৰ কাৰেং চাপৰিত অনুষ্ঠিত হ’ব নৱম সংখ্যক মিচিং যুৱ মহোৎসৱ।এই যুৱ মহোৎসৱৰ জৰিয়তে মিচিং সমাজৰ ঐতিহ্য, চহকী কৃষ্টি সংস্কৃতিক পুনৰবাৰ মূৰ্তমান কৰাৰ লগতে নৱ প্ৰজন্মক নিজৰ সংস্কৃতিৰ লগত পৰিচয় কৰাই দি গৌৰৱাম্বিত কৰি তোলাৰ প্ৰয়াস কৰাৰ লক্ষ্য লোৱা হৈছে। বৃহস্পতিবাৰে লখিমপুৰ প্ৰেছ ক্লাবত টিএমপিকে আৰু এমএমকেৰ নেতৃবৃন্দই এক সংবাদমেল সম্বোধন কৰি আগন্তুক মিচিং যুৱ মহোৎসৱৰ বিষয়ে সদৰী কৰে ৷
টিএমপিকেৰ কেন্দ্রীয় সাধাৰণ সম্পাদক চান পাংগিং, প্ৰচাৰ সম্পাদক বিজু দ’লে, এমএমকেৰ কেন্দ্রীয় যুটীয়া সম্পাদক দিলীপ পেগু, কেন্দ্রীয় সদস্য ৰবীন দ’লেই জনোৱা অনুসৰি কয় যে, নব্বৈ দশকত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত স্ব-অধিকাৰ ৰক্ষাৰ বাবে সশস্ত্র সংগ্রামৰ এক ধাৰা গঢ় লৈ উঠিছিল । কিন্তু মিচিং সমাজে সশস্ত্র ধাৰাৰ প্ৰতি পিঠি দি স্বকীয় ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি ৰক্ষাৰ বাবে এখন প্ৰগতিশীল সমাজ গঢ়াৰ পথেৰে আগবাঢ়ে। ইয়াৰ অংশ হিচাপে যুৱ মহোৎসৱ আয়োজন কৰি স্বকীয়তা ৰক্ষা, প্ৰচাৰ প্ৰসাৰৰ সিদ্ধান্ত হাতত লোৱা হয় ।
1996 চনত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিল এই মহোৎসৱ। তেতিয়াৰ পৰা বিভিন্ন স্থানত এই মহোৎসৱ অনুষ্ঠিত কৰা হৈছে যদিও এই বৰ্ষৰ পৰা একেটা স্থানতে এই মহোৎসৱ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এইবাৰৰ পৰা কাৰেং চাপৰিত এইবাৰ যুৱ মহোৎসৱৰ বাবে স্থায়ী মঞ্চ নিৰ্মাণ কৰা হৈছে আৰু ভবিষ্যতেও এই স্থানতেই মহোৎসৱ অনুষ্ঠিত হ’ব ।
এই মহোৎসৱত অসম অৰুণাচলৰ মুখ্য মন্ত্রীদ্বয়ৰ লগতে কেইবাজনো সাংসদ, বিধায়কে অংশগ্রহণ কৰিব । ইয়াৰোপৰি এই অনুষ্ঠানত মুকলি সভা, গ্ৰন্থমেলা, খাদ্য মেলাকে ধৰি বহু কাৰ্যসূচীৰে মিচিং যুৱ মহোৎসৱক বৰ্ণাঢ্য কৰিব বুলি কয় সংগঠন দুটাৰ নেতৃত্বই জানিবলৈ দিয়ে । প্ৰায় দহ হেজাৰ প্ৰতিনিধি য়ে এই মহোৎসৱত অংশগ্রহণ কৰিব বুলিও সংগঠন দুটাৰ নেতৃত্বই সংবাদমেলত সদৰী কৰিছে ৷
লগতে পঢ়ক: খানাপাৰাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচী

