ETV Bharat / state

সৰুসজাইত ক্ৰীড়া প্ৰশিক্ষণ-ৰিহেবিলেটেচন চেণ্টাৰ মুকলি

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 7:16 PM IST

মুখ্য়মন্ত্ৰীয়ে বিলালে অসমৰ খেলুৱৈলৈ আশাৰ বতৰা । বৃহস্পতিবাৰে মহানগৰীৰ সৰুসজাইত উদ্বোধন কৰা হয় High Performance sports training and rehabilitation centre । মুখ্য়মন্ত্ৰীয়ে উদ্বোধন কৰে এই বিশেষ চেণ্টাৰটো ।

Sports Training and Rehabilitation Centre inaugurated in Sarusajai
সৰুসজাইত ক্ৰীড়া প্ৰশিক্ষণ আৰু ৰিহেবিলেচন চেণ্টাৰ মুকলি

সৰুসজাইত ক্ৰীড়া প্ৰশিক্ষণ আৰু ৰিহেবিলেচন চেণ্টাৰ মুকলি

গুৱাহাটী,২৫ জানুৱাৰী: অসমৰ খেলুৱৈ সকললৈ আন এক ভাল খবৰ । বৃহস্পতিবাৰে মহানগৰীৰ সৰুসজাইত উদ্বোধন কৰা হয় High Performance sports training and rehabilitation centre । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে এই চেণ্টাৰটো । উদ্বোধনী অনুষ্ঠানটোত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে ক্ৰিয়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী মন্দিৰা গাৰ্লোচা, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ লগতে অলিম্পিক বিজয়ী অভিনৱ বিন্দ্ৰা ।

বেইজিং অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা অভিনৱ বিন্দ্ৰাই পৰিচালিত কৰিব এই চেণ্টাৰ দুটা । যোৰহাট আৰু গুৱাহাটীত ২৩.৩৮ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে এই দুই চেন্টাৰ । ইয়াৰে বৃহস্পতিবাৰে গুৱাহাটীৰ সৰুসজাইৰ এই চেন্টাৰটো মুকলি কৰা হয় । এই ৰিহেবিলেটেচন চেণ্টাৰৰ জৰিয়তে আঘাতপ্ৰাপ্ত খেলুৱৈক চৰকাৰে চাৰ্জাৰী কৰাৰ ব্যৱস্থা কৰিব । ইতিমধ্যে ৫ বছৰৰ বাবে অভিনৱ বিন্দ্ৰা ফাউণ্ডেশ্যনৰ সৈতে কৰা হৈছে চুক্তি।

চৰকাৰে বছৰি ২.৫ কোটি ব্যয় কৰিব এই ৰিহেবিলেচন চেণ্টাৰ বাবে । চেন্টাৰটো উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত প্ৰসংগ কয় যে অসমৰ খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ট্ৰেইনিং প্ৰদান কৰি আগবঢ়াই নিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । অনাগত সময়ত অসমৰ একাংশ শিক্ষানুস্থানত ক্ৰীড়া সুলভ মনোভাৱ গঢ়ি তোলা হ'ব । ইতিমধ্যে পঞ্চায়তে পঞ্চায়তে লাখ লাখ খেলুৱৈয়ে খেল মহাৰণত অংশগ্ৰহণ কৰিছে ।

যোৱাবাৰ অকল দৌৰ আছিল, এইবাৰ জেবলিন, চটফুট আদি খেলৰ সংযোজন ঘটোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । যোৱা বছৰ ২৭ লাখ খেলুৱৈয়ে খেল মহাৰণত অংশগ্ৰহণ কৰিছে । এয়াই অসমৰ বাবে ভাল লক্ষণ । মদ-ভাং খাই থকাতকৈ খেলত অংশগ্ৰহণ কৰিছে ।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ খেলৌ ইণ্ডিয়া ইউনিভাৰচিটি গেমচ অনু্স্থিত কৰা হ'ব । আগন্তুক ২০২৫, ২৬ বা ২৭ চনত অসমত নেশ্যনেল গেমছ অনুস্থিত কৰাৰ চেষ্টা কৰি থকা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে । নেহৰু ষ্টেডিয়ামক ফুটবলৰ বাবে টপ লেভেলৰ ষ্টেডিয়াম গঢ়ি তোলা হ'ব । ৬০০ কোটিৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ হ'ব নেহৰু ষ্টেডিয়াম। আনহাতে সৰুসজাইৰ দৰে চন্দ্ৰপুৰ আৰু আমিনগাঁৱতো হ'ব আন্তঃৰাষ্ট্ৰীয় পৰ্য়ায়ৰ ষ্টেডিয়াম । ফেব্ৰুৱাৰী মাহত নেশ্যনেল গেমছত পদক পোৱাসকলক চৰকাৰী চাকৰি দিব বুলি ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: তেজপুৰত ৬,৬৪০ হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.