ETV Bharat / state

তেজপুৰত ৬,৬৪০ হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 4:40 PM IST

Ration card distribution: তেজপুৰ বিধানসভা সমষ্টিৰ ৬,৬৪০ লোকক ৰেচন কাৰ্ড বিতৰণ কৰা হয় । অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰে । ৰেচন কাৰ্ডক যাদু কাৰ্ড আখ্যা মন্ত্ৰীগৰাকীৰ ।

Ration card distribution
তেজপুৰত ৬,৬৪০ হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ

তেজপুৰত ৬,৬৪০ হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ

তেজপুৰ, ২৫ জানুৱাৰী : ৰাজ্যৰ প্ৰায় ২.৫০ লাখ লোকক ৰেচন কাৰ্ড প্ৰদানৰ লক্ষ্যৰে ইতিমধ্যে চৰকাৰে বিশেষ পদক্ষেপ হাতত লৈছে । তাৰ অংশস্বৰূপে ইতিমধ্যে বিভিন্ন জিলাত ৰাজ্য চৰকাৰে ৰেচন কাৰ্ড বিতৰণ কৰিছে । শোণিতপুৰ জিলাখনৰো বিভিন্ন প্ৰান্তত হিতাধিকাৰীসকলৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰা হৈছে । অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে তেজপুৰ বিধানসভা সমষ্টিৰ ৬,৬৪০ লোকক ৰেচন কাৰ্ড বিতৰণ কৰে ।

জানিব পৰা মতে তেজপুৰ সমষ্টিৰ মুঠ ২৯,৬৬৮ টা পৰিয়াল এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব আৰু ১,০৩২ খন সুলভ মূল্যৰ দোকানত এই ৰেচন কাৰ্ডৰ জৰিয়তে ৰেচন লাভ কৰিব পাৰিব । তেজপুৰ শ্বহীদ বাকৰিত অনুষ্ঠিত এক ৰাজহুৱা সভাত মন্ত্ৰী পীযুষ হাজৰীকাই আনুষ্ঠানিকভাৱে কেইগৰাকীমান হিতাধিকাৰীক এই কাৰ্ড বিতৰণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।

ৰেচন কাৰ্ড বিতৰণৰ পাছতে মন্ত্ৰীগৰাকীয়ে কয় যে এই কাৰ্ডখনৰ জৰিয়তে হিতাধিকাৰীয়ে তিনিটা সুবিধা লাভ কৰিব পাৰিব । সেয়ে তেওঁ ইয়াক যাদু কাৰ্ড বুলিও অভিহিত কৰিছে । তেওঁ জনোৱা মতে ৰেচনৰ লগতে উজ্বলা আঁচনিৰ অধীনত গেছ আৰু আয়ুষ্মান ভাৰতৰ অধীনত ৫ লাখ টকাৰ চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব । আনহাতে ভাষণ প্ৰসংগত তেওঁ কয় যে চৰকাৰে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যক ১০ হাজাৰকৈ টকা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । আগলৈ তেওঁলোকে কাম কৰিলে অহা বছৰত ২৫ হাজাৰকৈ টকা দিয়াৰো চৰকাৰে এক চিন্তা চৰ্চা কৰিছে ৷

অহা দুবছৰত ৰাজ্য চৰকাৰে ১ লাখ ৩৫ হাজাৰ নিবনুৱাক নিযুক্তি দিয়াৰো ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীৰ মতে অৰুণোদয় আঁচনিৰ ধনো বৃদ্ধি কৰা হ'ব । ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, বিধায়ক পৃথ্বিৰাজ ৰাভা, জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, জিলা পৰিষদৰ সভানেত্ৰী দলি চুৰিণ আৰু তেজপুৰ বিজেপিৰ সভানেত্ৰী দিপামণি শইকীয়া উপস্থিত থাকে ।

লগতে পঢ়ক :বকো ছয়গাঁও সমষ্টিৰ হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.