ETV Bharat / state

বকো ছয়গাঁও সমষ্টিৰ হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ

বকো আৰু ছয়গাঁৱৰ হিতাধিকাৰীসকললৈ আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । 12,090 গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰা হয় ৷

ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান
ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান
author img

By ETV Bharat Assamese Team

Published : January 24, 2024 at 7:35 AM IST

2 Min Read
Choose ETV Bharat
ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান

বকো, 24 জানুৱাৰী: কামৰূপ জিলাৰ 28 নং বকো ছয়গাঁও বিধানসভা সমষ্টিত মঙলবাৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰে । নতুন সমষ্টিটোত 46, 819 গৰাকী নতুন হিতাধিকাৰীৰ ভিতৰত মঙলবাৰৰ দিনটোত 12,090 গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে । নিৰ্বাচনী আয়োগে নতুনকৈ নিৰ্ধাৰণ কৰা বিধানসভা সমষ্টিটোৰ বনগাঁও 'শান্তি নিজৰা প্ৰেক্ষাগৃহ'ত মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে ৰেচনকাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰি ৰেচন কাৰ্ড লাভ কৰা মহিলাসকলে পৰ্যায়ক্ৰমে চৰকাৰৰ অৰুণোদই, প্ৰধানমন্ত্ৰী আৱাসগৃহ আৰু পাঁচ লাখ টকাৰ চিকিৎসাৰ সুবিধা থকা ভাৰত আয়ুস্মান কাৰ্ড লাভ কৰিব বুলি কয় ।

ৰেচন কাৰ্ডৰ ক্ষেত্ৰত কোনোবাই এটা ফুটাকড়িও উৎকোচ গ্ৰহণ কৰিলে চৰকাৰে ইয়াৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মধ্যভোগীলৈ তীব্ৰ সকিয়নী দিয়ে । নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা মহিলাসকলে অহা 31 জানুৱাৰীৰ ভিতৰত সুলভ মূল্যৰ দোকানত চাউল লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জনায় । আনহাতে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই ৰেচন কাৰ্ড আমাৰ অস্ত্ৰ বুলি ভাষণত উল্লেখ কৰি ৰেচন কাৰ্ডৰ বাবে এক টকাও দিব নালাগে বুলি হিতাধিকাৰীক কয় । সজাগতাৰ অভাৱত বৰ্তমানেও বহু দৰিদ্ৰ পৰিয়ালে ৰেচন কাৰ্ড পোৱাৰ পৰা বঞ্চিত হৈ আছে বুলি ওজাই কয় ৷

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে শুভাৰম্ভ কৰা অনুষ্ঠানটোত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা, কাৰ্যবাহী সদস্যসকলৰ লগতে খাদ্য আৰু গ্ৰাহক বিভাগৰ আয়ুক্ত আনন্দ কুমাৰ দাস, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামীৰ উপস্থিতি থাকে । উল্লেখ্যযোগ্য যে, নতুন সমষ্টিটোত মঙলবাৰে প্ৰথমবাৰৰ বাবে পুৰণি দুটা সমষ্টি বকো আৰু ছয়গাঁৱৰ হিতাধিকাৰীসকলক একত্ৰিতভাবে আঁচনি বিতৰণ কৰা পৰিলক্ষিত হ’ল ।

লগতে পঢ়ক: ৰাহুল গান্ধীয়ে উন্নয়নৰ ছবি দেখি অনুশোচনাত ভুগিব : অতুল বৰা