ETV Bharat / state

৭ এপ্ৰিলত আপৰ সমূহীয়া উপবাস - ED arrested Kejriwal

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 4:22 PM IST

ED arrested Kejriwal
৭ এপ্ৰিলত আপৰ সমূহীয়া উপবাস

Fasting for Kejriwal: কাৰাগাৰত থকা কেজৰিৱালৰ স্বাস্থ্যজনিত সমস্যাক লৈ উদ্বিগ্ন আম আদমি পাৰ্টী । দলৰ শীৰ্ষ নেতাগৰাকীৰ সুস্বাস্থ্য কামনা কৰি আপ অসমে ৭ এপ্ৰিলত সমূহীয়া উপবাস তথা অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব । আক্ৰোশমূলক নীতি গ্ৰহণ কৰা বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰিব আপে।

৭ এপ্ৰিলত আপৰ সমূহীয়া উপবাস

গুৱাহাটী,৫ এপ্ৰিল : সুৰা নীতি কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল সম্প্ৰতি কাৰাগাৰত আছে । শেহতীয়াকৈ কাৰাগাৰত তেওঁৰ স্বাস্থ্যৰ অৱনতি হৈছে । যাক লৈ আম আদমি পাৰ্টীত ব্যাপক উদ্বিগ্নতা দেখিবলৈ পোৱা গৈছে । কেজৰিৱালৰ স্বাস্থ্যৰ অৱনতি ঘটাক লৈ উদ্বেগ প্ৰকাশ কৰিছে আম আদমি পাৰ্টী অসমে ।

শুকুৰবাৰে মহানগৰীৰ গণেশগুৰিস্থিত আপ, অসমৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি দলৰ নেতাসকলে কাৰাবন্দী অৰবিন্দ কেজৰিৱালৰ সুস্বাস্থ্যৰ বাবে সমূহীয়া উপবাস তথা অনশনৰ কাৰ্যসূচী ৰূপায়ণৰ ঘোষণা কৰে ।

উল্লেখ্য যে শেহতীয়াকৈ মধুমেহ ৰোগৰ বাবে অধিক অসুস্থ হৈ পৰিছে কেজৰিৱাল । তদুপৰি ক্ৰমাৎ শৰীৰৰ ওজনো হ্ৰাস পাইছে কেজৰিৱালৰ । সেয়ে নেতাগৰাকীৰ সুস্বাস্থ্য কামনা কৰি চচলস্থিত প্ৰতিবাদস্থলীত ৭ এপ্ৰিলৰ দিনৰ ১১ বজাৰ পৰা বিয়লি ৫ বজালৈ দলটোৱে এই কাৰ্যসূচী ৰূপায়ণ কৰিব । লগতে আপৰ নেতা-কৰ্মীসকলৰ ওপৰত বিজেপি চৰকাৰৰ আক্ৰোশমূলক স্থিতিৰ বিৰুদ্ধেও প্ৰতিবাদ কৰিব আপ অসমে ।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশ ল'ব আপ অসমৰ সভাপতি ডা: ভৱেন চৌধুৰীকে ধৰি বিষয়ববীয়াসকল, কামৰূপ (মহানগৰ) সমিতি, জি এম চি সমিতি, মহিলা শক্তি, যুৱ শক্তি আৰু ছাত্ৰ-যুৱ সংগ্ৰাম সমিতিয়ে । তদুপৰি, অসমৰ প্ৰতিখন জিলা আৰু সমষ্টি সমিতিয়ে নিজ নিজ স্থানত উক্ত দিনা সমূহীয়া প্ৰতিবাদ তথা অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি দলটোৱে ঘোষণা কৰে ।

অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত দলৰ মুখপাত্ৰ হেমন্ত ফুকনে কয় যে তথাকথিত সুৰা নীতি কেলেংকাৰীৰ তদন্তৰ নামত বিজেপিয়ে ইডিৰ হতুৱাই আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালকে ধৰি প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়া, প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক কোনো তথ্য-প্ৰমাণ নোহোৱাকৈ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে গ্ৰেপ্তাৰ কৰাইছে ।

৬ মাহ কাৰাগাৰত থকাৰ পিচত ইডিয়ে সঞ্জয় সিঙৰ বিৰুদ্ধে কোনো তথ্য-প্ৰমাণ উচ্চতম ন্যায়ালয়ত প্ৰদৰ্শন কৰিব নোৱৰাত আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰে । কিন্তু আন তিনিজন নেতা ক্ৰমে অৰবিন্দ কেজৰিৱাল, মনীষ ছিছোডিয়া আৰু সত্যেন্দ্ৰ জৈন এতিয়াও কাৰাবন্দী হৈ আছে । গতিকে আম আদমি পাৰ্টীয়ে বিজেপিৰ এই আক্ৰোশমূলক গ্ৰেপ্তাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি ৰাজ্যিক নেতাগৰাকীয়ে ঘোষণা কৰে ।

লগতে পঢ়ক :নিৰ্বাচনৰ পিচত অসম আৰক্ষীত ৫০ হাজাৰ নিযুক্তি : মুখ্যমন্ত্ৰী - Assam Police Recruitment

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.