ETV Bharat / state

অৰুণাচলৰ চাকমা-হাজং শৰণাৰ্থীক অসমত সংস্থাপনৰ বিৰোধিতা আপ অসমৰ - Chakma Hajong issue

author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 6:33 PM IST

resettlement of Chakma Hajong
Chakma Hajong issue

Chakma Hajong issue: কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে পাঁচ লাখ চাকমা-হাজং লোকক অসমত সংস্থাপিত কৰিব বুলি কোৱাৰ পিচতেই তীব্ৰ জোকাৰণিৰ সৃ্ষ্টি হৈছে । আপ অসমে মুখ্যমন্ত্ৰীৰ পৰা স্পষ্ট মতামত দাবী কৰিছে ৷

চাকমা-হাজং শৰণাৰ্থীক অসমত সংস্থাপনৰ বিৰোধিতা আপ অসমৰ

গুৱাহাটী, ২৪ এপ্ৰিল: অৰুণাচলৰ পাঁচ লাখ চাকমা-হাজং লোকক অসমত সংস্থাপন সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ মন্তব্যৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যত সন্তুষ্ট নহয় আপ অসম । এই সন্দৰ্ভত আম আদমী পাৰ্টি অসমৰ গণেশগুৰিস্থিত কাৰ্যালয়ত ৰাজ্যিক সভাপতি ভৱেন চৌধুৰীৰ সংবাদমেল । অৰুণাচলৰ চাকমা-হাজং সকলক অসমত সংস্থাপন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া আপ অসমৰ ।

সমগ্ৰ বিষয়ৰ সন্দৰ্ভত আপ অসমৰ সভাপতি ভৱেন চৌধুৰীয়ে কয়, "মুখ্যমন্ত্ৰীৰ কথাত আমি পতিয়ন যোৱা নাই । ক্ষমতাৰ স্বাৰ্থত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশ মৰ্মে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অৰুণাচল প্ৰদেশত বসবাস কৰা বাংলাদেশী চাকমা আৰু হাজং শৰণাৰ্থীসকলক অসমত সংস্থাপনৰ ব্যৱস্থা কৰিব বিচাৰিছে ।"

সোমবাৰে ইটানগৰত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে অৰুণাচল প্ৰদেশত বসবাস কৰা এই শৰণাৰ্থীসকলক অসমত সংস্থাপনৰ ব্যৱস্থা চূড়ান্ত কৰাৰ বিষয়ে সদৰী কৰাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আম আদমী পাৰ্টীৰ অসম ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ।

এই সন্দৰ্ভত তেওঁ পুনৰ কয়, "কিৰেণ ৰিজিজুৱে এনেই কথাটো কোৱা নাই । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশ অনুসৰি অসম চৰকাৰে তেওঁলোকক সংস্থাপনৰ দিহা কৰা বুলি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে স্পষ্টভাৱে প্ৰকাশ কৰিছে । কালি গৃহমন্ত্ৰীয়েও CAA ৰ প্ৰসংগত কথা কৈছে । চাকমা-হাজংসকল য'ত আছে তাতেই থাকক । নিৰ্বাচনৰ সময়ত এই কথা উলিয়াইছে BJP এ ।

চাকমা-হাজঙৰ কথা সোধোতে মৰাণ-মটকৰ কথা কৈছে ।" ইফালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ ভাষ্য অস্বীকাৰ কৰাৰ প্ৰসংগত চৌধুৰীয়ে কয়, "সুৰ সলোৱাত ভাল মুখ্যমন্ত্ৰী । আমি অসমত আৰু এজনো বাহিৰৰ মানুহক সংস্থাপন দিব নোৱাৰো ।" যি সময়ত অসমৰ থলুৱা ভূমিহীন লোককে চৰকাৰে সংস্থাপিত কৰিব পৰা নাই, সেই সময়ত চৰকাৰে যদি সঁচাকৈয়ে গোপনে এনে পৰিকল্পনা হাতত লৈছে সেয়া প্ৰত্যাহাৰ কৰা উচিত বুলি মন্তব্য আপ অসমৰ ।

কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৰ ভাষ্য যদি সঁচাকৈয়ে মিছা, তেন্তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত চৰকাৰী বিবৃতিৰ জৰিয়তে ৰাজ্যবাসীক অৱগত কৰোৱাৰ দাবী দলটোৰ ।

লগতে পঢ়ক: তিনিকোণীয়া হ’ব দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ ! - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.