ETV Bharat / politics

তিনিকোণীয়া হ’ব দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ ! - lok sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 8:01 AM IST

Updated : Apr 24, 2024, 10:40 AM IST

Brief analysis of Darrang Udalguri lok sabha Constituency
কাৰ পক্ষে ভোটদান কৰিব দৰং-ওদালগুৰি লোকসভা সমষ্টিবাসীয়ে

Darrang Udalguri lok sabha Constituency: 26 এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব দৰং-ওদালগুৰি লোকসভা সমষ্টিত ৷ সমষ্টিটোত তিনিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ৰাজনৈতিক মহলে । 14 টা লোকসভা সমষ্টিৰ ভিতৰত অন্যতম বিবেচিত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ এক চমু আভাষ পঢ়ক আমাৰ এই প্ৰতিবেদনযোগে ...

তেজপুৰ, 24 এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া দৰং-ওদালগুৰি লোকসভা সমষ্টিটো এক অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হিচাবে বিবেচিত হৈ আহিছে ৷ এই সমষ্টিটো ওদালগুৰি জিলাৰ পাঁচটা সমষ্টি বি টি আৰৰ অন্তৰ্গত । লোকসভা নিৰ্বাচনত নৱগঠিত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ ভোটাৰ ৰাইজে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰে । লক্ষণীয়ভাবে এই সমষ্টিটোত শাসকীয় বিজেপি দলৰ বৰ্তমানৰ সাংসদ দিলীপ শইকীয়া প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে ।

আনহাতে, কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশী আৰু বি পি এফৰ প্ৰাৰ্থী দুৰ্গা দাস বড়ো এতিয়া প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈছে বিজেপি সাংসদ দিলীপ শইকীয়াৰ সমুখত । এক কথাত সংসদীয় সমষ্টিটোত তিনিকোণীয়া যুঁজ হোৱাটো নিশ্চিত হৈ পৰিছে । নতুন লোকসভা সমষ্টিৰ অন্তৰ্গত বি টি আৰৰ অধীনত থকা বিধানসভা সমষ্টিৰ পাঁচটা সমষ্টি ভাৰত-ভূটান সীমান্তৱৰ্তী এলেকাত । যুগ যুগ ধৰি আন্তঃৰাষ্ট্ৰীয় সীমাত থকা এই লোকসকলে এক বিশেষ ঐতিহ্য বহন কৰি আহিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

লোকসভা সমষ্টিত 11 টা বিধানসভা সমষ্টিৰ আধা সমষ্টি বি পি এফৰ অন্তৰ্গত । লোকসভা সমষ্টিৰ ভূটান সীমান্তত থকা বিধানসভা সমষ্টিকেইটা হৈছে ওদালগুৰি, তামুলপুৰ, ছিপাঝাৰৰ দৰঙা আৰু ভৈৰৱকুণ্ড ।

অসম আৰু ভূটানৰ মাজত 267 কিলোমিটাৰ এক দীঘলীয়া সীমান্ত আছে । 1970 চনত ভূটানসকলে সীমান্তৰ সিপাৰে চাউল, নিমখ, সৰিয়হ তেল আৰু কেৰাচিন মূৰত বোজা কঢ়িয়াই নিয়াৰ অনুমতিৰ পৰা আৰম্ভ কৰি দশক দশক ধৰি উগ্ৰপন্থীৰ পৰা লাভ কৰা ভাবুকি পৰ্যন্ত দুয়োপক্ষৰ মাজত সমস্যা আছিল যদিও বৰ্তমান এই সমস্যা প্ৰায় সমাধান হোৱা পৰিলক্ষিত হৈছে । উগ্ৰপন্থীৰ গতিবিধিৰ বাবে অস্থিৰতা আৰু নিৰাপত্তাহীনতাৰ বাবে সীমান্তৰ অসমীয়া আৰু ভূটানৰ লোকসকল সমানে ক্ষতিগ্ৰস্ত হৈছিল ।

সীমান্তত থকা হাজাৰ হাজাৰ ভূটানী লোক আৰু অসমীয়াৰ জীৱন ক্ষতিগ্ৰস্ত হোৱাৰ উপৰিও বহুতেই কৃষি, বাণিজ্যৰ লগতে অৰ্থনৈতিক স্থবিৰতাৰো মুখামুখি হৈছিল । তাৰ আগৰ অসমীয়া আৰু ভূটানীয়ে আন্তৰ্জাতিক সীমান্তৰ সিপাৰে দীৰ্ঘদিন ধৰি একেলগে শান্তিপূৰ্ণভাৱে জীয়াই আছিল । পূৰ্বতে চাহ, নিমখ বা চাউলৰ ব্যৱসায়, উন্নত বাণিজ্যৰ সুযোগ ব্যৱসায়ীসকলে লাভ কৰিছিল যদিও কোভিডৰ পিছত ই সামগ্ৰিকভাৱে ম্লান পৰা দেখিবলৈ পোৱা যায় ।

উল্লেখ কৰা প্ৰয়োজন যে, স্থানীয় লোকসকলে এই লোকসভা নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে । সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত দৰং -ওদালগুৰি জিলা সামৰি এটা লোকসভা সমষ্টিৰ নামাকৰণ কৰা হয় । এই লোকসভা সমষ্টিটোত বি পি এফ দলৰ কোনো অস্তিত্ব নাই । যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে সেইবাবে ওদালগুৰি জিলাৰ অন্তৰ্গত কিছু ভোট বেংক বি পি এফৰ আধিপত্যত থকাৰ সম্ভাৱনাকো অৱশ্যে নুই কৰিব নোৱাৰি যদিও দৰং জিলাত এই দলৰ কোনো বিধায়ক বৰ্তমান নাই ।

দৰং জিলাত 2024 চনৰ ভোটাৰ তালিকা অনুসৰি সৰ্বমুঠ 697958 গৰাকী ভোটাৰৰ মাজত 353683 জন পুৰুষ, 344260 গৰাকী মহিলা আৰু তৃতীয় লিংগৰ 15 জন লোক আছে ৷ বিগত বৰ্ষৰ 2023 চনৰ ভোটাৰ তালিকা অনুসৰি দৰঙত 877900 জন ভোটাৰ আছিল যদিও নতুন তালিকাত 697958 জন ভোটাৰ তালিকাভুক্ত হৈছে ৷

উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত পূৰ্বতকৈ দৰং জিলাত ভোটাৰৰ সংখ্যা কিছু কম হোৱা দেখিবলৈ পোৱা গৈছে ৷ নতুন ভোটাৰ তালিকা অনুসৰি 49 নং ছিপাঝাৰ সমষ্টিত 204749 জন, 50 নং মঙলদৈ সমষ্টিত 195363 আৰু 51 নং দলগাওঁ সমষ্টিত ভোটাৰ 297846 জন ।

উল্লেখ কৰা প্ৰয়োজন যে, জিলা প্ৰশাসনৰ তথ্য অনুসৰি দৰঙৰ গৰুখুঁটিৰ উচ্ছেদৰ পিছত ছিপাঝাৰ সমষ্টিৰ কিছু ভোটাৰক দলগাঁও সমষ্টিত সংস্থাপিত কৰাত দলগাওঁ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধি হৈছে । একেধৰণে সমষ্টিৰ পুনৰ গঠনৰ পিছত মংগলদৈ সমষ্টিতো 2023 চনৰ তুলনাত ভোটাৰৰ সংখ্যা হ্ৰাস পায় । 2019 চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ দিলীপ শইকীয়াই মুঠ ভোট লাভ কৰিছিল 735469 টা, (48.83%) বিপৰীতে কংগ্ৰেছৰ ভুৱনেশ্বৰ কলিতাই ভোট লাভ কৰিছিল 596924 টা (39.63%) ভোট । ফলস্বৰূপে দিলীপ শইকীয়া 138545 টা ভোটত জয়ী হ'বলৈ সক্ষম হৈছিল ।

পূৰ্বৰ মংগলদৈ লোকসভা সমষ্টি চাৰিবাৰকৈ বিজেপিৰ দখলত আছে যদিও বৰ্তমানৰ সাংসদ দিলীপ শইকীয়াৰ কামত সাধাৰণ ভোটাৰসকল সন্তুষ্ট নহয় । কাৰণ মংগলদৈ লোকসভা নিৰ্বাচনৰ মূল ইচ্ছ্যু বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ চাৰি লেন যুক্ত পথ আৰু ৰে'ল লাইন সেৱা । এই দুয়োটা দিশত বিফল দিলীপ শইকীয়া । ইয়াৰ উপৰিও আছে বহুকেইটা গুৰুত্বপূৰ্ণ দাবী ।

গতিকে এই নিৰ্বাচনত ৰাইজে দিলীপ শইকীয়াক কেনেদৰে গ্ৰহণ কৰে সেয়াও হ’ব লক্ষণীয় । দৰং ওদালগুৰিৰ পৰা বিজেপিৰ টিকটৰ দাবীদাৰ হিচাপে প্ৰাক্তন সাংসদ ৰমেন ডেকা, প্ৰণৱ নাৰায়ণ দেৱ, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, প্ৰণৱ বৰুৱা, অশোক ভাৰ্গৱ, ৰানা বশিষ্ঠকে ধৰি কেবাজনো আছিল । কংগ্ৰেছ দলে লোকসভা সমষ্টিটোত মঙলদৈ সমষ্টিৰ প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ দৰং জিলা কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশীক প্ৰক্ষেপ কৰিছে । বৰ্তমানৰ বিধায়ক বসন্ত দাসে বিজেপিক সমৰ্থন জনোৱাৰ পিছত আৰু ছিপাঝাৰৰ প্ৰাক্তন কংগ্ৰেছ নেতা কুলদীপ বৰুৱাৰ লগতে একাংশ কংগ্ৰেছ কৰ্মীৰ বিজেপি গমনে এই নিৰ্বাচনত কংগ্ৰেছ দলক কিছু শ’লঠেকত পেলাব বুলি চৰ্চা তলা দেখইবলৈ পোৱা গৈছে ।

লগতে পঢ়ক: ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সঁহাৰিৰ প্ৰতিশ্ৰুতিৰে বিপিএফৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি - LOK SABHA ELECTION 2024

Last Updated :Apr 24, 2024, 10:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.