খিলঞ্জীয়া চৰকাৰৰ দিনত ভূমি পট্টাৰ দাবীত ভোট বৰ্জন নাগৰিকৰ - Lok sabha Election 2024
Lok sabha Election 2024 : খিলঞ্জীয়াৰ চৰকাৰ বুলি দাবী কৰা চৰকাৰৰ দিনত ভূমি পট্টাৰ দাবীত লখিমপুৰত ভোট বৰ্জন কৰিলে শতাধিক ৰাইজে । ভূমি পট্টা সমস্যাৰ সমাধান নোহোৱা পৰ্যন্ত ভোটদান নকৰাৰ সিদ্ধান্ত লখিমপুৰৰ হেঁচামৰা কোম্পানী চুকবাসীৰ ৷ ক্ষোভ উজাৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

Published : April 20, 2024 at 2:32 PM IST
লখিমপুৰ, 20 এপ্রিল : ৰাজ্যত শুকুৰবাৰে অনুষ্ঠিত হৈ যোৱা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ বৰ্জন কৰিলে লখিমপুৰৰ হেঁচামৰা কোম্পানী চুকবাসীয়ে ৷ ভূমি পট্টা লাভ নকৰাৰ বাবেই হেঁচামৰা কোম্পানী চুকৰ ৰাইজে সমূহীয়াকৈ ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷
কালি ভোটগ্রহণৰ দিনটোত শতাধিক ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি যেতিয়ালৈকে উক্ত এলেকাৰ ৰাইজে ভূমি পট্টা লাভ নকৰে তেতিয়ালৈকে ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । স্থানীয় লোকে জনোৱা অনুসৰি, হেঁচামৰা কোম্পানী চুকৰ ৰাইজে ভূমিৰ পট্টা আজি পৰ্যন্ত লাভ নকৰিলে আৰু গাঁওখনৰ ৰাইজে বসবাস কৰি থকা ভূমি ৰহস্যজনকভাৱে চৰকাৰী ভূমি হিচাপেই স্বীকৃত হৈ ৰ’ল ।
ৰাইজক ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ জনপ্ৰতিনিধিসকলক বাৰম্বাৰ দাবী জনোৱাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে । খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সু-নিশ্চিত কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনত উক্ত এলেকাৰ ৰাইজ বৰ্তমান মাটি-ভেটি হেৰুওৱাৰ ভয়ত ত্ৰস্তমান হৈ পৰা দেখিবলৈ পোৱা গৈছে । সেয়ে শতাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি, ভূমিৰ অধিকাৰ প্ৰদান কৰক, বিজেপি চৰকাৰ হায় হায়, ন’ ৰিক্স ন’ ভোট আদি শ্ল'গানেৰে ভোটগ্ৰহণৰ দিনাই উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।
ৰাইজে ভোট বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰাই নহয় অতি শীঘ্ৰে যদি ভূমিৰ অধিকাৰ ৰাইজক প্ৰদান নকৰে, তেন্তে ইয়াতকৈও কঠোৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰক সকীয়াই দিছে ।
উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যত উন্নয়ন হোৱা বুলি ঢাক-ঢোল বজায় থকা চৰকাৰখনৰ দিনত হেঁচামৰা কোম্পানী চুকবাসী যাতায়তৰ সমস্যাতো ভুগি আছে বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে ৷
লগতে পঢ়ক: কিহৰ ক্ষোভ বিহালী সমষ্টিবাসীৰ মনত; ভোটদানৰ হাৰ ৫৮% - LOK SABHA ELECTION 2024

