ETV Bharat / state

নাবালিকাৰে প্ৰেম কৰি আপত্তিজনক ফটো ভাইৰেল; ৰঙাঘৰলৈ আৰক্ষী কনিষ্টবল - Sexual abuse of minor

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 3:40 PM IST

Police constable arrested: নাবালিকাৰ নগ্ন ফটো সামাজিক মাধ্য়মত ভাইৰেল কৰিলে অসম আৰক্ষীৰ কনিষ্টবল এজনে । ইয়াৰ পিচতেই ভুক্তভোগীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু । যোৰহাটত আৰক্ষীৰ হাততেই গ্ৰেপ্তাৰ হ'ল আৰক্ষী ।

Allegation of Sexual harassment
অসম আৰক্ষীৰ কনিষ্টবল (ETV BHARAT ASSAM)

অসম আৰক্ষীৰ কনিষ্টবল (ETV BHARAT ASSAM)

যোৰহাট, ১৪ মে’: যোৰহাটত অসম আৰক্ষীৰ কনিষ্টবল এজনৰ বিৰুদ্ধে এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । আৰোহণ ফুকন নামৰ অসম আৰক্ষীৰ কনিষ্টবলজনে এগৰাকী নাবালিকাক প্ৰেমৰ অচিলাৰে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিচতেই যোৰহাট সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক ।

যোৰহাটৰ এগৰাকী নাবালিকাৰ আপত্তিজনৰ ফটো সামাজিক মাধ্য়মত আপলোড কৰাৰ লগতে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অসম আৰক্ষীৰ কনিষ্টবলজনক গ্ৰেপ্তাৰ কৰা হৈছে । আৰোহণ ফুকন নামৰ অসম আৰক্ষীৰ কনিষ্টবলজনৰ বিৰুদ্ধে যোৰহাট সদৰ আৰক্ষী থানাত ৰুজু হৈছে ভাৰতীয় দণ্ড বিধিৰ ধাৰা ৩৭৬ ৰ লগতে POCSO আইনৰ অধীনত 155/2024 ত এটা গোচৰ ৷ তাৰ পিচতেই দক্ষিণ শালমৰাত কৰ্মৰত স্থানৰ পৰা কনিষ্টবলজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য় যে যোৰহাটৰ এগৰাকী ১৬ বছৰীয়া নাবালিকাক প্ৰেমৰ সম্পৰ্কেৰে যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উঠিছিল কনিষ্টবলজনৰ বিৰুদ্ধে । এই সন্দৰ্ভত নাবালিকাগৰাকীৰ মাতৃয়ে অভিযোগ কৰি কয় যে হোৱাটছ এপ যোগে কনিষ্টবল আৰোহণ ফুকনে নাবালিকাগৰাকীৰ পৰা বিচাৰিছিল নগ্ন ফটো । কনিষ্টবলজনক নাবালিকাগৰাকীয়ে নগ্ন ফটোও দিছিল বুলিও নাবালিকাগৰাকীৰ মাতৃয়ে কয় ।

আনহাতে, নাবালিকাগৰাকীৰ ঘৰত পিতৃ-মাতৃ নথকাৰ সুযোগ লৈ কনিষ্টবল আৰোহণ ফুকনে যৌন নিৰ্যাতন চলোৱা বুলিও অভিযোগ উত্থাপিত হৈছে । তাৰ পিছত আৰক্ষী কনিষ্টবলজনে নাবালিকাগৰাকীৰ ফটো সামাজিক মাধ্য়মত ভাইৰেল কৰাৰো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীৰ মাতৃয়ে ।

নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উথাপিত হোৱা আৰক্ষী কনিষ্টবল আৰোহণ ফুকনৰ ঘৰ মৰাণৰ খোৱাঙত । যোৰহাট আৰক্ষীয়ে কনিষ্টবল আৰোহণ ফুকনক সোমবাৰে যোৰহাট ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে কনিষ্টবলজনক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:Minor Girl Rape: নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত অসম আৰক্ষীৰ কনিষ্টবলক গ্ৰেপ্তাৰ

তেজপুৰত বিজেপিৰ পঞ্চায়ত সভাপতিৰ পিতৃৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ - Rape In Tezpur

আত্মৰক্ষা ! ধৰ্ষণকাৰীৰ গুপ্তাংগ কাটিলে ভুক্তভোগীয়ে - WOMAN CUTS OFF GENITALS OF MAN

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.