Minor girl rape: নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত অসম আৰক্ষীৰ কনিষ্টবলক গ্ৰেপ্তাৰ

By

Published : Aug 10, 2023, 10:00 PM IST

Updated : Aug 10, 2023, 10:44 PM IST

thumbnail

কোকৰাঝাৰ, ২০ আগষ্ট: অসম আৰক্ষীৰ কনিষ্টবল তথা বড়ো চলচ্চিত্ৰ শিল্পী, কৌতুক অভিনেতা প্ৰাজিত নাৰ্জাৰীয়ে এগৰাকী নাবালিকাৰ সতে অকৰ্মত লিপ্ত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে কোকৰাঝাৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰ নং ৫০১/২২ মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৬৩ /৩৭০(এ), ৩৭৬(৩) আৰু পকচো আইনৰ ধাৰা ৬ ৰ মৰ্মে নাৰ্জাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । 

আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযুক্ত প্ৰাজিত নাৰ্জাৰীক কোকৰাঝাৰ আদালতত হাজিৰ কৰায় ৷ আৰক্ষীয়ে পাঁচদিনৰ আৰক্ষী জিন্মালৈ বিচাৰে যদিও আদালতে দুদিনৰ আৰক্ষী জিন্মালৈ প্ৰেৰণ কৰে প্ৰাজিত নাৰ্জাৰীক । 

উল্লেখ্য যে, এগৰাকী নাবালিকাৰ সতে অপকৰ্মত লিপ্ত থকাৰ অভিযোগত প্ৰজিত নাৰ্জাৰীৰ বিৰুদ্ধে গোচৰ ৰজু হৈছিল ৷ এই ঘটনা সংঘটিত কৰি যোৱা কেইবামাহৰ পৰা পলাতক হৈ আছিল প্ৰাজিত নাৰ্জাৰী । অৱশেষত বুধবাৰে সন্ধিয়া বিয়লি নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

লগতে পঢ়ক: Woman death : বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাঃ যৌতুকৰ বাবে হত্য়াৰ সন্দেহ পিতৃ পৰিয়ালৰ

Last Updated : Aug 10, 2023, 10:44 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.