ETV Bharat / sports

চিন্নাস্বামী ষ্টেডিয়ামত লক্ষ্ণৌৰ বিৰুদ্ধে ২৮ ৰানত পৰাস্ত বেংগালুৰু - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 9:16 PM IST

Updated : Apr 3, 2024, 10:36 AM IST

RCB VS LSG: এম চিন্নাস্বামী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মাজত অনুষ্ঠিত হয় আই পি এল ২০২৪ৰ ১৫ সংখ্যক মেচখন । লক্ষ্ণৌৱে নিৰ্ধাৰণ কৰি দিয়া ১৮২ ৰাণৰ লক্ষ্য অনুসৰণ কৰি বেংগালুৰুৱে ১৯.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৫৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

IPL 2024
RCB VS LSG

নিউজ ডেস্ক, ২ এপ্ৰিল: আই পি এল ২০২৪ৰ ১৫ সংখ্যক মেচত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুক ২৮ ৰানত পৰাস্ত কৰে । বাংগালুৰুৰ আমন্ত্ৰণমৰ্মে প্ৰথমে বেটিং কৰি লক্ষ্ণৌৱে ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৮১ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত বেংগালুৰু দলে বেটিং কৰিবলৈ আহি ১৯.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৫৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ মায়ংক যাদৱে পুনৰবাৰ বিধ্বংসী ৰূপ ধাৰণ কৰি তিনিটা উইকেট দখল কৰে । শেষৰখন মেচতো তেওঁ পঞ্জাব কিংছৰ বিৰুদ্ধে তিনিটা উইকেট দখল কৰি দলটোৰ জয়ত সহায় কৰিছিল ৷

চলিত আই পি এলৰ চাৰিখন মেচত বেংগালুৰুৰ এয়া তৃতীয়টো পৰাজয় । একে সময়তে লক্ষ্ণৌৰ তিনিখন মেচত একেৰাহে দ্বিতীয়টো জয় । এই জয়ৰ জৰিয়তে লক্ষ্ণৌ দলে ৪ পইণ্টেৰে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত উপনীত হৈছে । একে সময়তে মুম্বাইৰ পৰা এক স্থান ওপৰত অৰ্থাৎ নৱম স্থানত আছে বেংগালুৰু দল ।

ইয়াৰ পূৰ্বে লক্ষ্ণৌৰ হৈ অপেনিং কৰিবলৈ আহে অধিনায়ক কে এল ৰাহুল আৰু কুইন্টন ডিকক । ৰাহুলে 14 টা বলত 20 ৰাণ কৰি মেক্সৱেলৰ বলত মায়ংক ডগাৰৰ হাতত কেচ আউট হয় । দেৱদত্ত পাড়িক্কলেও মাত্ৰ ছয় ৰাণ কৰিয়েই পেভিলিয়নমুখী হয় ।

ডিককে 56 টা বলত 81 ৰাণ কৰি আউট হয় । ডিককৰ ইনিংছটোত আছিল মুঠ 8 টা বাউণ্ডেৰী আৰু 5 টা অভাৰ বাউণ্ডেৰী । ষ্টইনিছে 15 টা বলত 24 ৰাণ কৰি আউট হয় । পুৰাণে 40 ৰাণ কৰি অপৰাজিত হৈ থাকে । তেওঁ 5 টা ছিক্সাৰ 1 টা চাৰি কোবায় । আৰ চি বিৰ হৈ মেক্সৱেলে 2 টা, টপলে, যশ দয়াল আৰু মঃ ছিৰাজে এটা উইকেট দখল কৰে ।

লগতে পঢ়ক: আই পি এল 2024 ত অপ্ৰতিৰোধ্য ৰিয়ান, পইণ্ট তালিকাৰ শীৰ্ষত ৰাজস্থান - MI vs RR IPL 2024

Last Updated :Apr 3, 2024, 10:36 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.