ETV Bharat / sports

আই পি এল 2024 ত অপ্ৰতিৰোধ্য ৰিয়ান, পইণ্ট তালিকাৰ শীৰ্ষত ৰাজস্থান - MI vs RR IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 9:56 PM IST

Updated : Apr 2, 2024, 6:53 AM IST

MI VS RR SCORE
মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছৰ যুঁজ

IPL 2024: চলিত ছিজনত শোচনীয় প্ৰদৰ্শন অব্যাহত 5 বাৰৰ আই পি এল চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ ৷ সোমবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত মেচত আলহী দল ৰাজস্থান ৰয়েলছৰ হাতত 6 উইকেটত পৰাজিত মুম্বাই ইণ্ডিয়ানছ ৷ ৰাজস্থানৰ জাৰ্ছীত দুৰন্ত প্ৰদৰ্শন অব্যাহত ৰিয়ান পৰাগ ৷ দলৰ জয়ত মুখ্য ভূমিকা লোৱা ৰিয়ানে এই পৰ্যন্ত 3খন খেলত 181 ৰাণ সংগ্ৰহ কৰি বিৰাট কোহলীৰ সৈতে যুটীয়াভাৱে ৰ্বোচ্চ ৰাণ সংগ্ৰহকাৰী হিচাপে অৰেঞ্জ কেপো লাভ কৰে ৷

স্পৰ্টছ ডেস্ক, 1 এপ্ৰিল : সোমবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) একপক্ষীয় প্ৰতিযোগিতাত এক অলৰাউণ্ড প্ৰদৰ্শনৰে ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক ছয় উইকেটত পৰাস্ত কৰে ৷ আকৌ এবাৰ ৰাজস্থানৰ জয়ৰ নায়ক, এই মূহুৰ্তত দুধৰ্ষ ফৰ্মত থকা অসম সন্তান ৰিয়ান পৰাগ ৷

ইয়াৰ লগে লগে চলিত বৰ্ষৰ প্ৰতিযোগিতাখনত নিজৰ জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখি পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে ৰাজস্থান ৷ কিন্তু তাৰ বিপৰীতে ক্ৰমাগত তিনিখন খেলত পৰাজিত হৈ তালিকাৰ একেবাৰে শেষত স্থান লাভ আই পি এল ইতিহাসৰ অন্যতম সফল দল মুম্বাই ইণ্ডিয়ানছৰ ৷

টছত জিকি বলাৰসকলৰ শৃংখলাবদ্ধ প্ৰদৰ্শনৰ ফলত সঞ্জু ছেমছনৰ ৰাজস্থান ৰয়েলছে হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বাধীন দলটোক 9 উইকেটত 125 ৰাণত সীমাবদ্ধ ৰাখিবলৈ সক্ষম হয় ৷ তাৰ পিছত মাত্ৰ 39 টা বলত অপৰাজিত 54 ৰাণ কৰি যুৱ খেলুৱৈ ৰিয়ান পৰাগে 4.3 অভাৰ বাকী থকা অৱস্থাতে আলহী দলটোক বিজয় লক্ষ্য উপনীত কৰোৱায় । ৰিয়ানৰ দৰ্শনীয় ইনিংছটোত আছিল 5 টা বাউণ্ডেৰীৰ ওপৰি 3 টা ছয় ৷

ৰিয়ান পৰাগে কেৱল খেলখনৰ নাটকীয় সমাপ্তিয়ে কৰা নহয়, দলৰ জয়ত মুখ্য ভূমিকা লোৱা ৰিয়ানে এই পৰ্যন্ত 3 খন খেলত 181 ৰাণ সংগ্ৰহ কৰি বিৰাট কোহলীৰ সৈতে প্ৰতিযোগিতাখনৰ যুটীয়া সৰ্বোচ্চ ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈ অৰেঞ্জ কেপো লাভ কৰে।

আজিৰ মেচত ৰাজস্থান ৰয়েলছ দলটোৱে টছত জিকি প্ৰথম ফিল্ডিঙৰ সিদ্ধান্ত লয় ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি মুম্বাই ইণ্ডিয়ানছ দলে নিৰ্ধাৰিত 20 অভাৰত 9 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 125 ৰাণ ৷ ৰাজস্থানৰ তীক্ষ্ণ বলিঙৰ সমুখত অধিক সময় তিষ্ঠিব নোৱাৰি মুম্বাইৰ দলটোৱে বৃহৎ স্কৰ সংগ্ৰহৰ পৰা বঞ্চিত হয় ৷ মুম্বাইৰ হৈ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই সৰ্বাধিক 34 ৰাণ সংগ্ৰহ কৰে ৷ তিলক বাৰ্মাই সংগ্ৰহ কৰে 32 ৰাণ ৷ আজিৰ মেচত ষ্টাৰ বেটছমেন তথা মুম্বাইৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা ৰাণ সংগ্ৰহত ব্যৰ্থ হয় ৷ ৰোহিত শৰ্মাই 1 টা বলত কোনো ৰাণ সংগ্ৰহ নকৰাকৈ বল্টৰ বলত পেভিলিয়নমুখী হয় ৷ ৰাজস্থানৰ হৈ ট্ৰেণ্ট ব’ল্টে সাৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ নান্দ্ৰে বাৰ্গাৰে দুটা উইকেট দখল কৰাৰ বিপৰীতে আৱেশ খানে দখল কৰে 1টা উইকেট ৷

মুম্বাইৰ ইণ্ডিয়ানছৰ মূল একাদশ-

ঈশান কিষাণ (উইকেট কীপাৰ), ৰোহিত শৰ্মা, নমন ধীৰ, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), টিম ডাভিদ, গেৰাল্ড কোয়েট্জী, পীযুষ চাওলা, আকাশ মাধৱাল, যশপ্ৰীত বুমৰাহ, ক্ৱেনা মাফকা ৷

ৰাজস্থান ৰয়েলছৰ মূল একাদশ-

যশস্বী জয়ছোৱাল, জছ বাটলাৰ, সঞ্জু চেমছন (অধিনায়ক আৰু উইকেট কীপাৰ), ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল, ছিমৰন হেটমায়াৰ, ৰবিচন্দ্ৰন অশ্বিন, ট্ৰেণ্ট ব’ল্ট, আবেশ খান, নান্দ্ৰে বাৰ্গাৰ, য়ুজবেন্দ্ৰ চাহাল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক : ধোনীৰ আগ্ৰাসী ইনিংছেও প্ৰতিহত কৰিব নোৱাৰিলে IPL ৰ চলিত ছিজনত চেন্নাইৰ প্ৰথমটো পৰাজয় - DC Vs CSK IPL 2024

Last Updated :Apr 2, 2024, 6:53 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.