ETV Bharat / sports

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ নিমন্ত্ৰিত অশ্বিন

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 1:39 AM IST

ram temple Pran Pratishtha
Ravichandran Ashwin

Ravichandran Ashwin: অহা ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে বলিউড তাৰকাৰ লগতে ভাৰতীয় তাৰকা ক্ৰিকেটাৰক । বিৰাট কোহলী, প্ৰাক্তন অধিনায়ক এম এছ ধোনী, প্ৰাক্তন পেচাৰ ভেংকটেশ প্ৰসাদ আৰু লিটল মাষ্টাৰ শচীন তেণ্ডুলকাৰক জনোৱা হৈছে নিমন্ত্ৰণ অযোধ্যালৈ ৷ লগতে নিমন্ত্ৰণ জনোৱা হৈছে ৰবিচন্দ্ৰন অশ্বিনকো ৷

নেশ্যনেল ডেস্ক, ১৯ জানুৱাৰী: ভাৰতৰ তাৰকা স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনক অহা ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ জনোৱা হৈছে । শুকুৰবাৰে বিজেপিৰ তামিলনাডুৰ ৰাজ্যিক উপ-সভাপতি ভেংকটৰমন চিয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত থাকিবলৈ তেওঁক নিমন্ত্ৰণী পত্ৰ প্ৰদান কৰে । ভাৰতীয় দলৰ অন্য়তম তাৰকা বেটাৰ বিৰাট কোহলী, প্ৰাক্তন অধিনায়ক এম এছ ধোনী, প্ৰাক্তন পেচাৰ ভেংকটেশ প্ৰসাদ আৰু লিটল মাষ্টাৰ শচীন তেণ্ডুলকাৰৰ পিছত অশ্বিন হৈছে এই মেগা ইভেণ্টৰ বাবে আমন্ত্ৰণ জনোৱা পঞ্চমগৰাকী তাৰকা ক্ৰিকেটাৰ ।

বিজেপি তামিলনাডুৰ ৰাজ্যিক উপ-সভাপতি ভেংকটৰমন চিয়ে পূৰ্বতে টুইটাৰ নামেৰে জনাজাত 'এক্স'ত অশ্বিনৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি এই সন্দৰ্ভত কয়, "বিজেপিৰ ৰাজ্যিক সম্পাদক শ্ৰীৰ সৈতে ক্ৰিকেটাৰ গৰাকীক দেখিবলৈ পাই উল্লাসিত হৈছো ।"

ইয়াৰ পূৰ্বে ভাৰতৰ প্ৰাক্তন পেচাৰ ভেংকটেশ প্ৰসাদেও ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ নিমন্ত্ৰণী পত্ৰৰ সৈতে তেওঁৰ ফটো 'এক্স'ত শ্বেয়াৰ কৰি কয়, "মোৰ জীৱন কালত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ আশা আৰু আকাংক্ষা আছিল । কেৱল ২২ জানুৱাৰীৰ দিনটোৱেই নহয়, মোৰ জীৱনকালৰ সৰ্বশ্ৰেষ্ঠ মুহূৰ্তত উপস্থিত থাকিবলৈ সক্ষম হোৱা বাবে পৰম সৌভাগ্য ঘটিছে । এই নিমন্ত্ৰণৰ বাবে ধন্যবাদ । জয় শ্ৰীৰাম।"

ইপিনে, তাৰকা বেটাৰ বিৰাট কোহলী আৰু তেওঁৰ পত্নী অনুষ্কা শৰ্মাকো অহা ২২ জানুৱাৰীত আয়োজন কৰা এই বিশাল অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে । আনহাতে, কিংবদন্তি শচীন তেণ্ডুলকাৰ, ভাৰতৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনী আৰু ভেংকটেশ প্ৰসাদেও পবিত্ৰ চহৰত ৰাম মন্দিৰৰ বিশাল অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে । এই ক্ৰিকেটাৰসকলৰ উপৰি বলিউডৰ তাৰকা অক্ষয় কুমাৰ, টাইগাৰ শ্ৰফ, জেকি শ্ৰফ, হৰিহৰণ, ৰজনীকান্ত, অমিতাভ বচ্চন, ৰণবীৰ কাপুৰ, আলিয়া ভাট আৰু ৰণদীপ হুডাকে ধৰি বহুতো বলিউড চেলিব্ৰেটিক এই অনুষ্ঠানটোৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে ।

উল্লেখ্য় যে অযোধ্যাত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বৈদিক ৰীতি-নীতি মঙলবাৰে আৰম্ভ হ'ব । শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে কয় যে আহা ২৩ জানুৱাৰীৰ পৰা ৰাম মন্দিৰ জনসাধাৰণৰ দৰ্শনৰ বাবে মুকলি কৰা হ'ব । প্ৰাণ প্ৰতিষ্ঠা দিনৰ ১ বজাৰ ভিতৰত সমাপ্ত হ'ব বুলি আশা কৰা হৈছে ৷ এই অনুষ্ঠানটোত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । পৰম্পৰা অনুসৰি নেপালৰ জনকপুৰ আৰু মিথিলা অঞ্চলৰ পৰা ১০০০ টা বাস্কেটত উপহাৰ আহিছে ৰাম মন্দিৰলৈ ।

লগতে পঢ়ক: চতুৰ্থ টি-২০ত নিউজীলেণ্ডৰ হাতত পৰাস্ত পাকিস্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.