ETV Bharat / sports

বিদৰ্ভক পৰাস্ত কৰি 42সংখ্যক বাৰৰ বাবে ৰঞ্জী খিতাপ দখল মুম্বাইৰ

Ranji trophy 2024 : মুম্বাই আৰু বিদৰ্ভৰ মাজত অনুষ্ঠিত হোৱা ৰঞ্জী ট্ৰফীৰ ফাইনেলত মুম্বাই দলে ১৬৯ ৰানত জয়লাভ কৰিছে। খেলখনৰ পঞ্চম দিনা অজিংক্য ৰাহানেৰ অধিনায়কত্বত থকা মুম্বাইয়ে ৪২ সংখ্যক বাৰৰ বাবে ফাইনেলত জয়লাভ কৰি ট্ৰফী লাভ কৰে।

Ranji trophy 2024
ৰঞ্জী খিতাপ দখল মুম্বাইৰ
author img

By ETV Bharat Assamese Team

Published : March 14, 2024 at 7:38 PM IST

3 Min Read
Choose ETV Bharat

স্পৰ্টছ ডেস্ক, 14 মাৰ্চ : বিদৰ্ভক পৰাস্ত কৰি ৰঞ্জি ট্ৰফী দখল মুম্বাইৰ ৷ মুম্বাই আৰু বিদৰ্ভৰ মাজত খেলা চূড়ান্ত খেলখনত মুম্বাই দলটোৱে বিদৰ্ভক 169 ৰানত পৰাস্ত কৰিছে ৷ এই জয়েৰে মুম্বাইয়ে 42 সংখ্যক বাৰৰ বাবে ৰঞ্জী খিতাপ দখল কৰে ৷

568 ৰানৰ লক্ষ্য খেদি বিদৰ্ভ দলে 368 ৰানতে অল আউট হয়, ফলত মুম্বাই দলটোৱে 169 ৰানত জয়লাভ কৰে ৷ অজিংক্য ৰাহানেৰ নেতৃত্বত মুম্বাইয়ে প্ৰথমে বেটিং কৰি প্ৰথম ইনিংছত 224 ৰান সংগ্ৰহ কৰে ৷ শ্বাৰদুল ঠাকুৰৰ বাহিৰে কোনো বেটছমেনেই প্ৰথম ইনিংছত বিশেষ ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে ৷ শ্বাৰদুলৰ 75 ৰানৰ ইনিংছৰ বাবেই মুম্বাইয়ে এই স্ক’ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ 224 ৰানৰ প্ৰতিক্ৰিয়াত বিদৰ্ভ দলে বেটিং কৰিবলৈ আহি 105 ৰানৰত অল আউট হয় ৷ যাৰ বাবেই দ্বিতীয় ইনিংছত মুম্বাইয়ে 119 ৰানৰ অগ্ৰগতি লাভ কৰে ৷

119 ৰানৰ অগ্ৰগতিৰে খেলপথাৰলৈ অহা মুম্বাই দলৰ খেলুৱৈসকলে দ্বিতীয় ইনিংছত শক্তিশালী প্ৰদৰ্শন কৰি 418 ৰান সংগ্ৰহ কৰে ৷ প্ৰথম ইনিংছত ব্যৰ্থ হোৱা অজিংক্য ৰাহানে, শ্ৰেয়াছ আয়াৰ, মুছিৰ খানে উৎকৃষ্ট ইনিংছ খেলিছিল ৷ অধিনায়ক অজিংক্য ৰাহানেই 73 ৰান সংগ্ৰহ কৰে ৷ শ্ৰেয়াছ আয়াৰে 111 টা বলৰ সন্মুখীন হৈ 95 ৰানৰ ইনিংছ খেলে ৷ এই ইনিংছত সৰফৰাজ খানৰ ভাতৃ মুছিৰ খানকো দেখা গৈছিল, তেওঁ দুৰ্দান্ত বেটিঙেৰে 136 ৰান সংগ্ৰহ কৰিছিল য’ত ১০টা চাৰি আছিল৷

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰথম ইনিংছত 36 ৰান সংগ্ৰহ কৰিছিল মুশ্বীৰে ৷ এই বেটছমেনসকলৰ উপৰিও ছামছ মুলানীয়েও 50 ৰানৰ এক উজ্জ্ব ইনিংছ খেলে ৷ মুম্বাইৰ দ্বিতীয় ইনিংছত হৰ্ষ ডুবেই 5 টা উইকেট দখল কৰে ৷ আনহাতে যশ ঠাকুৰে 3 টা, আদিত্য থাকৰে আৰু অমন মোখড়েই এটাকৈ উইকেট দখল কৰে ৷ ভাৰতীয় দলৰ বেগী বলাৰ উমেশ যাদৱ উইকেট দখলত ব্যৰ্থ হয় ৷

দ্বিতীয় ইনিংছত মুম্বাইয়ে 418 ৰান সংগ্ৰহ কৰাৰ পাছত বিদৰ্ভক জয়ী হ’বলৈ প্ৰয়োজন হৈছিল 538 ৰানৰ ৷ যাৰ প্ৰতিক্ৰিয়া স্বৰূপে দলটোৱে 368 ৰানত অল আউট হয় ৷ বিদৰ্ভৰ হৈ অধিনায়ক তথা উইকেটকীপাৰ অক্ষয় ৱাডকাৰে 102 ৰানৰ শতকীয় ইনিংছ খেলে ৷ হৰ্ষ ডুবেই 65 ৰান আৰু কৰুণ নাইৰে 74 ৰান সংগ্ৰহ কৰে ৷ ইয়াৰ বাহিৰে কোনো বেটছমেনে বিশেষ ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে ৷ অথৰভে টাইডে 32, ধ্ৰুৱ শ্বোৰে 28, অমন মোখড়ে 32, যশ ৰাথোড়ে 7, আদিত্যই 3, যশ ঠাকুৰে 6, উমেশ যাদৱে 6 ৰান সংগ্ৰহ কৰি আউট হয় ৷

মুম্বাইৰ হৈ তনুষ কোটিয়ানে 4 টা, মুশ্বীৰ খান আৰু তুষাৰ দেশপাণ্ডে 2 টাকৈ আৰু ছামছ মুলানী আৰু ধৱাল কুলকাৰ্ণীয়ে এটাকৈ উইকেট দখল কৰে ৷

লগতে পঢ়ক : দেশৰ নামী দামী তাৰকা ক্ৰিকেটাৰৰ সমাৱেশেৰে নুমলীগড় শোধনাগাৰৰ উদ্যোগত ক্ৰিকেট টুৰ্ণামেণ্ট