ETV Bharat / sports

দেশৰ নামী দামী তাৰকা ক্ৰিকেটাৰৰ সমাৱেশেৰে নুমলীগড় শোধনাগাৰৰ উদ্যোগত ক্ৰিকেট টুৰ্ণামেণ্ট

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 10:13 PM IST

Cricket Tournament
নুমলীগড় শোধনাগাৰৰ উদ্যোগত ক্ৰিকেট টুৰ্ণামেণ্ট

৪২ সংখ্যক স্পৰ্টচ প্ৰমোচন বৰ্ডৰ অধীনত নুমলীগড় শোধনাগাৰৰ উদ্যোগত গোলাঘাটত আজিৰে পৰা আৰম্ভ ক্ৰিকেট টুৰ্ণামেণ্ট । দেশৰ নামী দামী তাৰকা ক্ৰিকেটাৰে অংশ লৈছে এই প্ৰতিযোগিতাত ৷

নুমলীগড় শোধনাগাৰৰ উদ্যোগত ক্ৰিকেট টুৰ্ণামেণ্ট

গোলাঘাট, ১১ মাৰ্চ: দেশৰ নামী দামী তাৰকা ক্ৰিকেটাৰৰ সমাৱেশেৰে ৪২ সংখ্যক স্পৰ্টচ প্ৰমোচন বৰ্ডৰ অধীনত নুমলীগড় শোধনাগাৰৰ উদ্যোগত গোলাঘাটত আজিৰে পৰা আৰম্ভ হৈছে ক্ৰিকেট টুৰ্ণামেণ্ট । নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনৰ বিশেষ ভূমিকাত আয়োজিত প্ৰতিযোগিতাখনি সোমবাৰে গোলাঘাট ক্ৰীড়া সন্থাৰ খেলপথাৰত আনুষ্ঠানিকভাবে উদ্বোধন কৰে নুমলীগড় শোধনাগাৰৰ বিত্ত বিভাগৰ সঞ্চালক সঞ্জয় কুমাৰ চৌধুৰীয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ক্ৰিকেট টুৰ্ণামেণ্টখন উদ্বোধন কৰি দিয়া ভাষণত সঞ্জয় কুমাৰ চৌধুৰী কয় যে, এনে প্ৰতিযোগিতাৰ দ্বাৰা আমাৰ নৱ-প্ৰজন্ম ক্ৰিকেট তথা খেলৰ প্ৰতি প্ৰতি অধিক আকৰ্ষিত হয় ৷ তেওঁ লগতে কয় যে, ক্ৰীড়াৰ এক পৰিৱেশ ৰচনা কৰাৰ অৰ্থে নুমলীগড় শোধনাগাৰে আন্তৰিক প্ৰয়াসৰ ব্ৰতী হৈছে । নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ উপ-মহাপ্ৰৱন্ধক বিশ্বজিৎ বৰাই পৰিচালনা কৰা উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক ড৹ কাজল শইকীয়াই ।

গোলাঘাট আৰু ফৰকাটিং ষ্টেডিয়ামত সমান্তৰালভাবে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত দেশৰ বিভিন্ন ৰাজ্যৰ আগশাৰীৰ খেলুৱৈৰ উপৰি ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় দলত ভাগ লোৱা বহু সংখ্যক খেলুৱৈয়ে অংশ লৈছে । উদ্বোধনী অনুষ্ঠানত পেট্ৰলিয়াম স্পৰ্টচ বৰ্ডৰ যুটীয়া সম্পাদক গৌতম ভাদেৰা, গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডাঃ অজিত বৰুৱা, সাধাৰণ সম্পাদক সঞ্জীৱ সন্দিকৈ, অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপ-সভাপতি পৰিক্ষীত দত্তয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ।

অনুষ্ঠানত নুমলীগড় শোধনাগাৰৰ জ্যেষ্ঠ বিষয়া ক্ৰমে মনজিৎ বৰা, শোভন কোঁৱৰ, হেমন্ত নেওগ আদি উপস্থিত থাকে । অহা ১৫ মাৰ্চত অন্ত পৰিবলগীয়া প্ৰতিযোগিতাত ONGC,NRL,MRPL,IOCL,Oil, EIL,CPCL,BPCL আদি মুঠ ৮ টকা দলে অংশগ্ৰহণ কৰিছে ।

লগতে পঢ়ক: ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ ভাৰতীয় স্পিনাৰ শ্বাহবাজ নাদিমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.