ETV Bharat / sports

লক্ষ্ণৌক ৯৮ ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত কলকাতা - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 2:20 PM IST

IPL 2024
লক্ষ্ণৌক ৯৮ ৰাণত পৰাস্ত, পইণ্ট তালিকাৰ শীৰ্ষত কলকাতা (IANS)

IPL 2024 : আইপিএল ২০২৪ ৰ ৫৪ নম্বৰ খেলখন কলকাতা নাইট ৰাইডাৰ্ছ আৰু লক্ষ্ণৌ চুপাৰ জায়াণ্টছৰ মাজত অনুষ্ঠিত হয় । খেলখনত কলকাতাই লক্ষ্ণৌক পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হয় ।

স্পৰ্টছ ডেস্ক, ৬ মে' : আইপিএল ২০২৪-ত দেওবাৰে সন্ধিয়া কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত শোচনীয়ভাৱে পৰাজিত লক্ষ্ণৌ চুপাৰ জায়াণ্টছ । কেকেআৰয়ে এলএছজিক তেওঁলোকৰ ঘৰুৱা খেলপথাৰতে পৰাস্ত কৰে । প্ৰথমে বেটিং কৰি কেকেআৰয়ে লক্ষ্ণৌৰ বলাৰসকলক তীব্ৰ আক্ৰমণ কৰে আৰু পিচত বলিংত সমগ্ৰ লক্ষ্ণৌ দলটোক কম সময়ৰ ভিতৰতে অলআউট কৰে । যাৰ বাবে কেকেআৰ দলটো মেচখন ৯৮ ৰাণত জয়ী হয় ।

কলকাতাৰ অলৰাউণ্ডাৰ সুনীল নাৰিন পুনৰ এবাৰ জিলিকি উঠে । প্ৰথম ইনিংছত লক্ষ্ণৌৰ বিৰুদ্ধে নাৰিনে ৩৮ টা বলত ৮১ ৰাণৰ এক আকৰ্ষণীয় ইনিংছ খেলে । নাৰিনে ইনিংছত ৭ টা ছিক্সাৰ আৰু ৬ টা চাৰি কোবাবলৈ সক্ষম হয় । ইয়াৰ লগে লগে নাৰিন অৰেঞ্জ কেপ দৌৰত তৃতীয় স্থানত উপনীত হৈছে ।

ইয়াৰ উপৰিও, ফিল চল্টে প্ৰথমতে ১৪ টা বলত ৩২ ৰাণৰ ইনিংছ খেলি কলকাতাক সুন্দৰ আৰম্ভণি দিয়ে । আনহাতে ৰমনদীপ সিঙে শেষৰ ৬ টা বলত ২৫ ৰাণ সংগ্ৰহ কৰে । অৱশ্যে আক্ৰমণাত্মক চৰিত্ৰৰ বাবে জনাজাত ৰিংকু সিঙে এই খেলখনত কলকাতাৰ বাবে বিশেষ অৱদান আগবঢ়াব নোৱাৰিলে । ১১ টা বলত মাত্ৰ ১৬ ৰাণ কৰিয়ে আউট হয় ৰিংকু ।

ইফালে লক্ষ্ণৌৰ দলটো তেওঁলোকৰ ঘৰুৱা খেলপথাৰতে বিমুখ হ'বলগীয়া হয় । দলটোৰ কোনো বেটছমেনে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নহ'ল । একমাত্ৰ মাৰ্কাছ ষ্টইনিছে লক্ষ্ণৌৰ হৈ সৰ্বাধিক ৩৬ ৰাণ সংগ্ৰহ কৰে । অধিনায়ক কে এল ৰাহুলে ২৫ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ বাহিৰে, কোনো বেটছমেনে ২০ ৰাণতকৈ অধিক ৰাণ সংগ্ৰহ কৰিব নোৱাৰিলে ।

কলকাতাৰ দুজন বলাৰ ক্ৰমে হৰ্ষিত ৰাণা আৰু বৰুণ চক্ৰৱৰ্তীয়ে সুন্দৰ প্ৰদৰ্শন কৰে । বৰুণে লক্ষ্ণৌৰ ৩ টা উইকেট দখল কৰে । হৰ্ষিত ৰাণাইও তিনিটা উইকেট দখল কৰিবলৈ সক্ষম হয় । মিচেল ষ্টাৰ্কেও এটা উইকেট লয় ।

এই খেলখনত কেকেআৰয়ে লক্ষ্ণৌক কেৱল ৯৮ ৰাণত পৰাস্ত কৰাই নহয়, লগতে ২৩ টা বল বাকী থকা অৱস্থাতে দলটোক অলআউট কৰে । এই জয়ৰ লগে লগে কেকেআৰ দলটো পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হয় । ৰাজস্থান আৰু কলকাতাই এতিয়ালৈ ৮ খনকৈ মেচত জয়লাভ কৰিছে ।

লগতে পঢ়ক :পঞ্জাব কিংছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ 28 ৰাণত জয়লাভ - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.