ETV Bharat / sports

পঞ্জাব কিংছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ 28 ৰাণত জয়লাভ - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 8:19 PM IST

TODAY IPL MATCH
চেন্নাই ছুপাৰ কিংছৰ জয়লাভ (ETV BHARAT ENGLISH DESK)

TODAY IPL MATCH : চেন্নাই ছুপাৰ কিংছে পঞ্জাব কিংছৰ বিৰুদ্ধে 28 ৰাণত বিজয় সাব্যস্ত কৰিছে ৷ ৰাহুল চহৰ আৰু হৰ্শাল পেটেলে তিনিটাকৈ উইকেট দখল কৰে। পঞ্জাৱক চেন্নাই দলে ১৩৯/৯ত সীমাবদ্ধ কৰি ৰাখে ৷

স্পৰ্টছ ডেস্ক, 5 মে’ : দেওবাৰে ধৰ্মশালাত অনুষ্ঠিত হোৱা আই পি এল 2024ৰ 53 সংখ্যক মেচখনত চেন্নাই চুপাৰ কিংছে পঞ্জাৱ কিংছক 28 ৰাণত পৰাস্ত কৰে ৷ 168 ৰাণৰ লক্ষ্য আগত লৈ খেলা পঞ্জাৱ দলে 20 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 139 ৰাণহে কৰিবলৈ সক্ষম হয় ৷ দলটোৱে 14.4 অভাৰত 90 ৰাণতে 8 টা উইকেট হেৰুৱাই বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় ৷ হৰপ্ৰীত ব্ৰাৰ, হৰ্ষাল পেটেল, ৰাহুল চাহাৰ আৰু কেছিগ’ ৰাবাডাই শেষৰ ফালে দলক উদ্ধাৰৰ চেষ্টা চলায় যদিও ব্যৰ্থ হয় ৷ ফলত 139 ৰাণৰ দলীয় স্ক’ৰত থমকি ৰ’বলগীয়া হয় পঞ্জাৱ কিংছ ৷

দলটোৰ হৈ প্ৰভসিমৰন সিঙে সৰ্বাধিক 30 ৰাণৰ বৰঙণি আগবঢ়োৱাৰ বিপৰীতে শশাংক সিঙে 27 ৰাণ সংগ্ৰহ কৰে ৷ ইফালে 4 জনকৈ বেটছমেন দহকৰ ঘৰ স্পৰ্শ নকৰাকৈ পেভিলিয়নমুখী হয় ৷ চেন্নাইৰ হৈ ৰবীন্দ্ৰ জাডেজাই সৰ্বাধিক 3টা উইকেট দখল কৰে ৷ তুষাৰ দেশপাণ্ডে, চিমাৰজীৎ সিঙে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে মিচেল চেন্টনাৰ, শ্বাৰ্দুল ঠাকুৰে দখল কৰে 1টাকৈ উইকেট ৷

আজিৰ মেচত টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় পঞ্জাৱ দলে ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি চেন্নাই দলে নিৰ্ধাৰিত 20 অভাৰত 9 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 167 ৰাণ ৷ ৰবীন্দ্ৰ জাডেজাই 26 টা বলত 43 ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে ৷ অধিনায়ক ৰুতুৰাজ গাইকোৱাডে 32 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ডাৰেল মিচেলে সংগ্ৰহ কৰে 30 ৰাণ ৷ পঞ্জাৱৰ হৈ পৰ্ষাল পেটেল আৰু ৰাহুল চাহাৰে 3 টাকৈ উইকেট দখল কৰে ৷ অৰশদ্বীপ সিঙে 2 টা উইকেট দখল কৰাৰ বিপৰীতে চেম কাৰাণে দখল কৰে 1টা উইকেট ৷

উল্লেখ্য আজিৰ মেচত জয়ৰে চলিত চিজনৰ আই পি এলত চেন্নাই চুপাৰ কিংছে 12 পইন্টেৰে তালিকাৰ তৃতীয় স্থানত অৱস্থান কৰিছে ৷ ইফালে পঞ্জাৱ কিংছে চলিত ছিজনত এতিয়ালৈকে খেলা 11খন মেচৰ মাত্ৰ 4 খনত জয়ৰে 8 পইন্টেৰে তালিকাৰ অষ্টম স্থানত অৱস্থান কৰিছে ৷ আনহাতে এই পৰ্যন্ত দুয়োটা দলৰ মাজত 30 খন মেচ অনুষ্ঠিত হৈছে, য’ত চেন্নাইয়ে 16 খন মেচত জয়লাভ কৰিছে আৰু পঞ্জাবে 14 খন মেচত জয়লাভ কৰিছে ৷ দুয়োটা দলৰ মাজত খেলা অন্তিমখন খেলত পঞ্জাবে চেন্নাইক পৰাস্ত কৰিছিল ৷

লগতে পঢ়ক : মহিলা T-২০ বিশ্বকাপ ২০২৪ৰ সূচী প্ৰকাশ আই চি চিৰ - WOMENS T20 WC

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.