ETV Bharat / sports

দিল্লী কেপিটেলছৰ প্ৰদৰ্শনত লজ্জিত মুখ্য প্ৰশিক্ষক পন্টিং - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 6:02 PM IST

Ricky Ponting
Delhi Capitals

Delhi Capitals: দিল্লী কেপিটেলছৰ মুখ্য প্ৰশিক্ষক ৰিকি পণ্টিঙে নিজৰ দলৰ প্ৰদৰ্শনক সমালোচনা কৰি কয় যে দলটোৱে কৰা ধৰণৰ বলিঙৰ বাবে তেওঁ লাজ পাইছিল । ইয়াৰ উপৰিও তেওঁ লগতে কয় যে বহু কথা সলনি হ’ব লাগিব আৰু ড্ৰেছিং ৰুমত ইয়াক কেন্দ্ৰ কৰি আলোচনা হ’ব ।

নিউজ ডেস্ক, 4 এপ্ৰিল: আই পি এল 2024 ৰ 16 সংখ্যক মেচখনত বুধবাৰে বিশাখাপট্টনমত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ১০৬ ৰাণৰ বৃহৎ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হয় । তাৰ পিচতেই মুখ্য প্ৰশিক্ষক ৰিকি পন্টিঙে দলটোক কঠোৰভাৱে সমালোচনা কৰি কয় যে খেলুৱৈসকলৰ প্ৰদৰ্শনৰ বাবে তেওঁ প্ৰায়ে লজ্জিত হৈছে ।

সুনীল নাৰিন আৰু অংকৃশ ৰঘুবংশীৰ অৰ্ধশতকৰ লগতে আন্দ্ৰে ৰাছেলৰ উৎকৃষ্ট সমাপ্তিৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক টাৰ্গেটৰ অভিলেখ গঢ়ে ।

দিল্লী কেপিটেলছৰ বলাৰসকলে ইনিংছটোত বিপৰ্যয়ৰ সন্মুখীন হৈছিল । ২০ অভাৰৰ নিৰ্ধাৰিত বলতকৈ ২২ টা অতিৰিক্ত বল কৰিছিল । দিল্লী কেপিটেলছৰ মুখ্য প্ৰশিক্ষক ৰিকি পন্টিঙে দলটোৰ প্ৰদৰ্শনক তীব্ৰভাৱে সমালোচনা কৰি কয় যে তেওঁলোকৰ প্ৰদৰ্শনৰ বাবে তেওঁ লাজত পৰিছে ।

"এই মুহূৰ্তত মূল্যাংকন কৰাটো যথেষ্ট কঠিন । মানে আজি আমাৰ খেলৰ প্ৰথমাৰ্ধৰ বাবে মই প্ৰায় লাজ পাইছিলো । আমি 17 টা ৱাইড বল কৰিছিলো আৰু আমাৰ অভাৰবোৰ সম্পূৰ্ণ কৰিবলৈও আমাক দুঘণ্টা সময় লাগিছিল । সেয়েহে আমি পুনৰ দুটা অভাৰ পিছপৰি আছিলো, যাৰ অৰ্থ হৈছে শেষৰ দুটা অভাৰ বলাৰসকলে কেৱল চাৰ্কলৰ বাহিৰত চাৰিজন ফিল্ডমেনৰ সৈতে বলিং কৰিবলগীয়া হৈছিল" পন্টিঙে খেলৰ পিছৰ সংবাদমেলত কয় ।

"এই খেলখনত বহুতো ঘটনা ঘটিছিল যিবোৰ গ্ৰহণযোগ্য নাছিল আৰু বহুতো কথা আমি আজি ৰাতি এটা গোট হিচাপে কথা পাতিম যিবোৰ আমি প্ৰতিযোগিতাত আগবাঢ়ি যাবলৈ লগে লগে ঠিক কৰিব লাগিব । নিশ্চিতভাৱে চেঞ্জিং ৰুমত কিছুমান ভাল মুকলি আলোচনা হ'ব ।" পন্টিঙে ২৭ টা বলত ৫৪ ৰাণৰ সুন্দৰ ইনিংছৰ বাবে যুৱ ক্ৰিকেটা অংকৃশ ৰঘুবংশীকো প্ৰশংসা কৰিছিল ।

"মই ভাবিছিলো যে ৩ নম্বৰত থকা যুৱকজনে (অংকৃশ ৰঘুবংশী) ভাল খেলিছিল আৰু সেইটোৱে ৰাছ (আন্দ্ৰে ৰাছেল) আৰু সেই সকলো খেলুৱৈক তেওঁলোকে সদায় খেলি থকা ধৰণে খেলিবলৈ অনুমতি দিছিল । তেওঁলোকৰ হাতত উইকেট আছিল, যাতে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰি থাকিব পাৰে । তেওঁলোকে বহুতো কাম ভালদৰে কৰিছিল কিন্তু আমি নিজৰ সমালোচনা কৰিব লাগিব, আমাৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত, আৰু আমি পৰৱৰ্তী খেলৰ বাবে উন্নত হোৱাৰ উপায়বোৰ চাব লাগিব," তেওঁ সামৰণি মাৰে ।

লগতে পঢ়ক: চিন্নাস্বামী ষ্টেডিয়ামত লক্ষ্ণৌৰ বিৰুদ্ধে ২৮ ৰানত পৰাস্ত বেংগালুৰু - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.