ETV Bharat / sports

ভাৰত বনাম ইংলেণ্ড চতুৰ্থ টেষ্ট, প্ৰথম ইনিংছত ইংলেণ্ডৰ ৩৫৩ ৰাণ সংগ্ৰহ

author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 12:34 PM IST

IND vs ENG 4th Test
প্ৰথম ইনিংছত ইংলেণ্ডৰ ৩৫৩ ৰাণ সংগ্ৰহ

IND vs ENG 4th Test: চতুৰ্থ টেষ্টৰ দ্বিতীয় দিনা ইংলেণ্ডৰ দলটো ৩৫৩ ৰাণত অলআউট হয় । জো ৰুটে ১২২ ৰাণ কৰি অপৰাজিত হৈ থাকে । ভাৰতে প্ৰথম ইনিংছত ১২ অভাৰৰ অন্তত ৩৯ ৰাণ সংগ্ৰহ কৰে ।

স্পৰ্টছ ডেস্ক,২৪ ফেব্ৰুৱাৰী : ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চতুৰ্থ টেষ্ট মেচখন ৰাঁচীত অনুষ্ঠিত হৈছে । এই খেলখনত ইংলেণ্ডে টছত জয়ী হৈ প্ৰথমে বেটিং কৰি ৩৫৩ ৰাণ সংগ্ৰহ কৰে । জো ৰুটে শক্তিশালী প্ৰদৰ্শনেৰে অপৰাজিত হৈ থাকি ১২২ ৰাণ সংগ্ৰহ কৰিছে । তেওঁৰ এই আকৰ্ষণীয় ইনিংছৰ বাবে ইংলেণ্ডৰ দলটোৱে ৩৫৩ ৰাণৰ স্ক'ৰত উপনীত হৈছে । প্ৰথম দিনাৰ প্ৰথম অধিবেশনত ইংলেণ্ডৰ স্ক'ৰ আছিল ১১২ ৰাণত ৫ টা উইকেট ।

প্ৰথম দিনা ইংলেণ্ডে ৩০২ ৰাণ সংগ্ৰহ কৰি ৭ টা উইকেট হেৰুৱাইছিল । তাৰ পিচত, দ্বিতীয় দিনা দলটোৱে স্ক'ৰত মাত্ৰ ৫০ ৰাণ যোগ কৰিবলৈ সক্ষম হয় । দ্বিতীয় দিনা এই শৃংখলাত প্ৰথমবাৰৰ বাবে খেলা ৰবিনছনে দ্বিতীয় দিনা অৰ্ধশতক কৰে । প্ৰথম দিনাৰ খেলৰ শেষলৈ, জো ৰুটে ১০৬ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ উভতি যায় । প্ৰথম দিনাৰ প্ৰথম অধিবেশনৰ আৰম্ভণিতে ইংলেণ্ডে তেওঁলোকৰ ৫ টা উইকেট হেৰুৱাইছিল ।

অভিষেক মেচত আকাশ দীপে প্ৰথমে ডাকেটৰ উইকেট লয় । তাৰ পিচত আকাশে কম সময়ৰ ভিতৰতে আন ২ টা উইকেট লাভ কৰে । ভাৰতৰ হৈ আকাশ দীপে ৩ টা, মহম্মদ চিৰাজে ২ টা, ৰবীন্দ্ৰ জাদেজাই ৪ টা আৰু অশ্বিনে এটা উইকেট দখল কৰে ।

দ্বিতীয় দিনা ভাৰতে প্ৰথম ইনিংছৰ বেটিং আৰম্ভ কৰে যদিও কম সময়ৰ ভিতৰতে ৰোহিত শৰ্মা আউট হয় । ৰোহিতে মাত্ৰ ২ ৰাণ কৰিয়ে আউট হয় । প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ ১২ অভাৰৰ অন্তত ক্ৰীজত শুভমন গিলে ৯ ৰাণ আৰু অপেনাৰ জয়ছোৱালে ২৭ ৰাণত বেটিং কৰি আছে ।

লগতে পঢ়ক :ভাৰত বনাম ইংলেণ্ড চতুৰ্থ টেষ্ট, ৭ উইকেট হেৰুৱাই ৩০২ ৰাণ সংগ্ৰহ ইংলেণ্ডৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.