ETV Bharat / sports

ভাৰত বনাম ইংলেণ্ড চতুৰ্থ টেষ্ট, ৭ উইকেট হেৰুৱাই ৩০২ ৰাণ সংগ্ৰহ ইংলেণ্ডৰ

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 11:00 AM IST

Updated : Feb 23, 2024, 5:13 PM IST

IND vs ENG Test
৭ উইকেট হেৰুৱাই ৩০২ ৰাণ সংগ্ৰহ ইংলেণ্ডৰ

IND vs ENG Test: ৰাঁচীত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত চতুৰ্থ টেষ্টৰ প্ৰথম দিনৰ খেল সমাপ্ত । অভিষেক মেচত আকাশ দীপৰ ৩ টা উইকেট লাভ । ভাৰতৰ বিৰুদ্ধে জো ৰুটৰ আন এক শতক অৰ্জন ।

স্পৰ্টছ ডেস্ক,২৩ ফেব্ৰুৱাৰী : ভাৰত আৰু ইংলেণ্ডৰ মাজত ৰাঁচীত খেলা চতুৰ্থখন টেষ্টৰ প্ৰথম দিনৰ অন্তত ইংলেণ্ডে বেটিং কৰি ৭ টা উইকেট হেৰুৱাই ৩০২ ৰাণ সংগ্ৰহ কৰিছে । প্ৰথম অধিবেশনত ভাৰতীয় দলটোৱে আধিপত্য বিস্তাৰ কৰিছিল যদিও পিচত ইংলেণ্ডৰ দলটোৱে খেলপথাৰত নিজৰ স্থিতি শক্তিশালী কৰিবলৈ সক্ষম হয় ।

ইফালে অভিজ্ঞ জো ৰুটে ভাৰতৰ বিৰুদ্ধে আন এক শতক অৰ্জন কৰি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হয় । ভাৰতৰ বিৰুদ্ধে টেষ্ট ইতিহাসত আটাইতকৈ সৰ্বাধিক শতক কৰা খেলুৱৈৰ তালিকাৰ শীৰ্ষত নিজৰ নাম সন্মিৱিষ্ট কৰিবলৈ সক্ষম হ'ল ৰুট ।

প্ৰথম দিনৰ শেষলৈ ইংলেণ্ডৰ জো ৰুটে ১০৬ আৰু ৰবিনছনে ৩১ ৰাণত বেটিং কৰি আছে । ক্ৰাউলিয়ে ৪২ ৰাণ, ডাকেটে ১১ ৰাণ, পোপয়ে ০ ৰাণ, বেয়াৰস্টোৱে ৩৮ ৰাণ, অধিনায়ক ষ্টকছে ৩ ৰাণ, বেন ফ'কছে ৪৭ ৰাণ, হাৰ্টলিয়ে ১৩ ৰাণ কৰি আউট হয় ।

ইফালে ভাৰতৰ হৈ আত্মপ্ৰকাশ কৰা আকাশ দীপে ইংলেণ্ডৰ শীৰ্ষ অৰ্ডাৰক সম্পূৰ্ণৰূপে ধ্বংস কৰে আৰু অভিষেক মেচত তিনিটা উইকেট ল'বলৈ সক্ষম হয় । প্ৰথম ৬ অভাৰতে আকাশ দ্বীপে ৩ টাকৈ উইকেট দখল কৰে । আকাশে প্ৰথম উইকেট বেন ডাকেট, দ্বিতীয় অলি পোপ আৰু তৃতীয়টো জেক ক্ৰাউলিৰ উইকেট দখল কৰে । পিচত ৰবিচন্দ্ৰন অশ্বিনে ৩৮ ৰাণৰ ব্যক্তিগত স্ক'ৰত জনি বেয়াৰষ্টক আউট কৰে । ইয়াৰ পিচত, ৰবীন্দ্ৰ জাদেজাই মধ্যাহ্নভোজনৰ ঠিক পূৰ্বে ভাৰতক অন্তিম উইকেটটো দিয়ে । তেওঁ অধিনায়ক বেন ষ্টকছক ৩ ৰাণৰ ব্যক্তিগত স্ক'ৰত এলবিডব্লিউ আউট কৰি পেভিলিয়নলৈ পঠিয়ায় ।

একেদৰে মহম্মদ চিৰাজে ২ টা, ৰবীন্দ্ৰ জাদেজাই ১ টা আৰু অশ্বিনেও ১ টা উইকেট লাভ কৰিব । শনিবাৰে দ্বিতীয় দিনা পুনৰ ইংলেণ্ডৰ দুই বেটছমেন জো ৰুট আৰু ৰবিনছনে বেটিং আৰম্ভ কৰিব । ইংলেণ্ড ভাৰতৰ সন্মুখত এক বৃহৎ স্ক'ৰ ৰখাৰ চেষ্টা চলাব । একেদৰে ভাৰতেও দ্বিতীয় দিনা কম সময়ৰ ভিতৰতে ইংলেণ্ডৰ বাকী বেটছমেনক আউট কৰিবলৈ চেষ্টা কৰিব ।

ইফালে ৫ খনীয়া টেষ্ট শৃংখলাত ভাৰতীয় দলটো ২-১ত আগবাঢ়ি আছে । এতিয়া ৰাঁচীত ভাৰতে মেচখন জয়ী হৈ শৃংখলাটো নিজৰ নামত কৰাৰ বাবে চেষ্টা চলাব । এই খেলখনত, ভাৰতীয় দলে ২ গৰাকী ফাষ্ট বলাৰ আৰু ৩ গৰাকী স্পিনাৰৰ সৈতে খেলিছে । একেদৰে ইংলেণ্ডৰ দলটোৱে ২ গৰাকী স্পিনাৰ আৰু ২ গৰাকী ফাষ্ট বলাৰৰ সৈতে খেলিছে । ভাৰতৰ হৈ ৰাজকোট টেষ্টত আত্মপ্ৰকাশ কৰা ছৰফৰাজ খান আৰু ধ্ৰুৱ জুৰেলকো দলটোত পুনৰ স্থান দিয়া হৈছে ।

ভাৰতৰ প্লেয়িং ১১ : ৰোহিত শৰ্মা, যশস্ৱী জয়ছোৱাল, শুভমন গিল, ৰজত পাতিদাৰ, ছৰফৰাজ খান, ৰবীন্দ্ৰ জাদেজা, ধ্ৰুৱ জুৰেল, ৰবিচন্দ্ৰন অশ্বিন, কুলদ্বীপ যাদৱ, মহম্মদ চিৰাজ, আকাশ দীপ ।

ইংলেণ্ডৰ প্লেয়িং ১১ : জেক ক্ৰাউলি, বেন ষ্টকছ, বেন ডাকেট, অলি পোপ, জো ৰুট, জনি বেয়াৰস্টো, বেন ফ'কছ, টম হাৰ্টলি, অলি ৰবিনচন, জেমছ এণ্ডাৰচন, ছোৱেব বছিৰ ।

লগতে পঢ়ক :ৰাঁচীত ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলা জয়ৰ লক্ষ্যৰে ক্ৰীজত নামিব ভাৰত

Last Updated :Feb 23, 2024, 5:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.