ETV Bharat / sports

ৰাঁচীত ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলা জয়ৰ লক্ষ্যৰে ক্ৰীজত নামিব ভাৰত

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 9:55 PM IST

IND vs ENG test series
IND vs ENG 4th test

IND vs ENG 4th test: ৰাঁচীত শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ’ব ভাৰত আৰু ইংলেণ্ডৰ মাজত শৃংখলাৰ চতুৰ্থখন টেষ্ট ৷ ইতিমধ্যে পাঁচখনীয়া শৃংখলাটোত ২-১ ৰ ব্যৱধানত আগবাঢ়ি আছে ভাৰত ৷

নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰী: ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা পাঁচখনীয়া টেষ্ট শৃংখলাত ইতিমধ্যে ভাৰত ২-১ ৰ ব্যৱধানত আগবাঢ়ি আছে ৷ শুকুৰবাৰৰ পৰা ৰাঁচীত অনুষ্ঠিত হ’ব শৃংখলাৰ চতুৰ্থখন টেষ্ট মেচ ৷ ভাৰতে পাঁচখনীয়া শৃংখলাত আধিপত্য বিস্তাৰ কৰিব বিচাৰিব । কিন্তু ক্ৰিকেট অনুৰাগীৰ মনত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল ভাৰতে তেওঁলোকৰ প্লেয়িং ইলেভেনত চাৰিজন বিশেষজ্ঞ স্পিনাৰক খেলব নেকি ? যদি এনে হয়, ই সঁচাকৈয়ে এক বিৰল ঘটনা হ'ব ।

ভাৰতীয় দল পৰিচালনা সমিতিয়ে দ্ৰুতবেগী বলাৰ যশপ্ৰীত বুমৰাহক বিশ্ৰাম দিয়াৰ সিদ্ধান্ত লৈছে আৰু সেয়েহে সকলো সম্ভাৱনাতে এতিয়া বলিং আক্ৰমণৰ নেতৃত্ব দিয়া হ'ব মহম্মদ চিৰাজৰ দ্বাৰা । জেএছচিএ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সকলোৰে দৃষ্টি ট্ৰেকত থাকিব আৰু ভাৰতে স্পিন কোৱাৰ্টেট খেলিব পাৰে ৷ এই কোৱাৰ্টেটত আছে অভিজ্ঞ অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিন, অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা, যি ৰাজকোটত অনুষ্ঠিত তৃতীয় টেষ্টত প্লেয়াৰ অফ দ্য মেচ আছিল, অক্ষৰ পেটেল আৰু ৱাশ্বিংটন সুন্দৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

কিন্তু এইটো সম্পূৰ্ণৰূপে ট্ৰেকৰ ওপৰত নিৰ্ভৰ কৰে ৷ জেএছচিএ ষ্টেডিয়ামৰ ক্ৰীজ যদি ৰেংক টাৰ্ণাৰ হয়, তেন্তে ৰোহিত শৰ্মা আৰু মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ বাবে চাৰিজন স্পিনাৰৰ সৈতে খেলাটো কোনো ধৰণৰ কথা নহ'ব । শেষবাৰৰ বাবে ভাৰতে মূল একাদশত স্পিন কোৱাৰ্টেট খেলিছিল ২০১২ চনত নাগপুৰত ইংলেণ্ডৰ বিৰুদ্ধে । শৃংখলাটোৰ চতুৰ্থ টেষ্টত ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, প্ৰজ্ঞান ওঝা আৰু পীয়ুষ চাওলাই চূড়ান্ত একাদশত স্থান লাভ কৰে ।

যদি ভাৰতে চাৰিজন স্পিনাৰ লৈ খেলে, তেন্তে মুকেশ কুমাৰ আৰু আকাশ দীপে ৰাঁচীত খেলাৰ সম্ভাৱনা অতি কম । সকলো বেটছমেন ফৰ্মত থকাৰ বাবে ভাৰতৰ বেটিং সম্পূৰ্ণ সন্তোসজনক স্থিতিত আছে ।

ৰাজকোটত দ্বিতীয়টো ডাবল শতক অৰ্জন কৰি নিজৰ নামত কেইবাটাও অভিলেখ পঞ্জীয়ন কৰা যুৱ খেলুৱৈ যশস্বী জয়ছৱালে আৰু কেইটামান অভিলেখ ভংগৰ বাবে লক্ষ্য ৰাখিব । ইংলেণ্ডৰ অলসতাপূৰ্ণ আক্ৰমণৰ সন্মুখীন হ’বলৈ বিচাৰিব এই চাউথপ’গৰাকীয়ে আৰু তৃতীয় টেষ্টত শতক অৰ্জন কৰা ৰোহিত শৰ্মাক ৪ হাজাৰ টেষ্ট ৰাণ সম্পূৰ্ণ কৰিবলৈ মাত্ৰ ২২ ৰানৰ প্ৰয়োজন ।

শুভমন গিলো ৰান গঢ়োতাৰ ভিতৰত আছে আৰু যদি ভাৰতৰ টপ অৰ্ডাৰে একেলগে আক্ৰমণ চলায় তেন্তে ইংলেণ্ডৰ বাবে সেয়া হ’ব এক দুঃস্বপ্ন । ‘মুম্বাইকাৰ’ চৰফৰাজ খানৰ টেষ্ট কেৰিয়াৰত সপোনৰ অভিষেক ঘটিছে কাৰণ তেওঁ দুটা অৰ্ধশতক অৰ্জন কৰিছিল আৰু তেওঁ য’ৰ পৰা ওলাই গৈছিল তাৰ পৰাই আগবাঢ়ি যাব বিচাৰিব । কে এল ৰাহুল বাদ পৰাৰ লগে লগে চৰফৰাজে পুনৰবাৰ সুযোগ পাব । কেৰিয়াৰৰ প্ৰথম দুখন টেষ্ট দুৰ্ভাগ্যজনক হৈ পৰা ৰজত পাটিদাৰকো দল পৰিচালনা সমিতিয়ে দিব পাৰে সুযোগ ।

ৰাজকোট অভিষেক ঘটোৱা যুৱ ষ্টাম্পাৰ ধ্ৰুৱ জুৰেলক অধিনায়ক ৰোহিত শৰ্মাই প্ৰশংসা কৰাৰ লগে লগে তেওঁৰ স্থান মূল একাদশতো নিশ্চিত যেন লাগে আৰু কে এছ ভাৰতে বেঞ্চ গৰম কৰি থাকিব ।

আনহাতে ইংলেণ্ডে ৰাজকোটত পোৱা পৰাজয়ৰ আঘাত পাহৰি ৰাঁচীত নতুনকৈ আৰম্ভ কৰিবলৈ আগ্ৰহী হ’ব । ইংলেণ্ডৰ বেটছমেনসকলে তেওঁলোকক বাৰুকৈয়ে নিৰাশ কৰিছে আৰু তেওঁলোকে সকলোৱে ভাৰতীয় আক্ৰমণৰ সন্মুখীন হ’ব লাগিব । হায়দৰাবাদত কৰা ন’কৰ পৰা প্ৰেৰণা ল’ব লাগিব অ’ পোপে আৰু আকৌ এবাৰ ৰান গঢ়াৰ উদ্দেশ্যৰে ক্ৰীজত নামিব লাগিব ৷

অভিজ্ঞ জো ৰুটেও নিজৰ যোগ্যতা প্ৰমাণ কৰিব লাগিব আৰু অধিনায়ক বেন ষ্ট’কছেও একেই কাম কৰিব লাগিব । ইংলেণ্ডে যদি শৃংখলাত সমতা স্থাপন কৰিবলগীয়া হয় তেন্তে তেওঁলোকৰ বেটছমেনসকলে উপযুক্ত ৰাণ কৰিব লাগিব ।

ইংলেণ্ডৰ স্পিনাৰসকলেও ভাৰতীয় বেটছমেনক ধৰি ৰাখিবলৈ বিধ্বংসী বলিং কৰিব লাগিব । অধিনায়ক বেন ষ্ট’কছৰ ১০০ সংখ্যক টেষ্ট নিজৰ মতে নহ’ল, তেওঁ কেনেকৈ দলত নতুন শক্তিৰ যোগান ধৰে সেয়া হ’ব লক্ষ্যণীয় । ধৰমশালালৈ যোৱাৰ পূৰ্বে ভাৰতে শৃংখলাটো জয় কৰিবলৈ বিচাৰিব যদিও ইংলেণ্ডে ২-২ ত অগ্ৰগতি লাভ কৰিবলৈ অধিক আগ্ৰহী হ’ব ।

ইংলেণ্ডৰ প্লেয়িং ইলেভেন: জাক ক্ৰাউলি, বেন ডাকেট, অলি পোপ, জো ৰুট, জনি বেয়াৰ্ষ্ট’, বেন ষ্টোকছ (C), বেন ফ'কেছ, টম হাৰ্টলি, অলি ৰবিনচন, জেমছ এণ্ডাৰচন, ছোৱেব বছিৰ ৷

ভাৰতৰ আপডেটেড স্কোয়াড: ৰোহিত শৰ্মা (C), যশস্বী জয়ছোৱাল, শুভমন গিল, ৰজত পাটিদাৰ, চৰফৰাজ খান, ধ্ৰুৱ জুৰেল (Wk), কে এছ ভাৰত (Wk), দেৱদত্ত পাড়িকল, আৰ অশ্বিন, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, মঃ ছিৰাজ, মুকেশ কুমাৰ, আকাশ দীপ ।

লগতে পঢ়ক: ২২ মাৰ্চৰ পৰা আৰম্ভ ক্ৰিকেটৰ মহাৰণ আই পি এল; উদ্বোধনী মেচত CSK বনাম RCB

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.