ETV Bharat / sports

প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৯০০০ ৰান সম্পূৰ্ণ ৰোহিত শৰ্মাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 2:00 PM IST

Rohit Sharma milestone
Rohit Sharma 9000 runs

Rohit Sharma milestone: ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা চতুৰ্থখন টেষ্ট মেচত ৰোহিত শৰ্মাই বৃহৎ সফলতা অৰ্জন কৰিছে । দ্বিতীয় ইনিংছত ৰোহিতে দৰ্শনীয় বেটিং কৰাৰ লগতে অৰ্ধশতকো অৰ্জন কৰে । লগে লগে দুটাকৈ অভিলেখো ৰচনা কৰে ৰোহিতে ৷

নিউজ ডেস্ক, 26 ফেব্ৰুৱাৰী: ভাৰত আৰু ইংলেণ্ডৰ মাজত পাঁচখনীয়া শৃংখলাৰ চতুৰ্থখন টেষ্ট ৰাঁচীত অনুষ্ঠিত হৈছে ৷ এই মেচখনৰ চতুৰ্থটো দিনত সুন্দৰ বেটিঙেৰে অৰ্ধশতক অৰ্জন কৰে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই ৷ ইয়াৰ লগে লগে ৰোহিত শৰ্মাৰ নামত সংযোজন হৈছে আন এক কৃতিত্ব । এই খেলখনত ৰোহিত শৰ্মাই ৩৭ ৰান সংগ্ৰহ কৰাৰ লগে লগে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৯০০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয় ।

৬৯ টা বল খেলি ৰোহিতে পঞ্চাশ ৰান সম্পূৰ্ণ কৰে । য’ত আছিল পাঁচটা চাৰি আৰু এটা ছয় । ইয়াৰ পিছতে ৫৫ ৰান সংগ্ৰহ কৰা অৱস্থাত তেওঁ পেভিলিয়নমুখী হয় । ৰোহিত শৰ্মাই ১৯০ টা ইনিংছত ৯০০০ ৰান সম্পূৰ্ণ কৰে । খেলখনৰ তৃতীয় দিনা একেটা ইনিংছতে ২৩ ৰান সংগ্ৰহ কৰি ৰোহিত শৰ্মাই আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত ৪০০০ ৰান সংগ্ৰহৰ কৃতিত্ব অৰ্জন কৰিছিল ।

ৰোহিতে পূৰ্বতে ১১৮ খন খেলৰ ১৮৯ ইনিংছত ৮৯৬৩ ৰান সংগ্ৰহ কৰিছিল , ইয়াৰে ৩৯৭৭ ৰান আছিল আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচত । ঘৰুৱা ক্ৰিকেটত ৰোহিতৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ৩০৯ নট আউট আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২১২ ৰান । প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৰোহিতৰ নামত ২৮ টা শতক আৰু ৩৬ টা অৰ্ধশতক আছে । য’ত তেওঁ ১১ টা আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত অৰ্জন কৰিছে ।

উল্লেখ্য যে ইংলেণ্ড আৰু ভাৰতৰ মাজত পাঁচখন খেলৰ টেষ্ট শৃংখলাত ভাৰতে দুখন মেচত জয়লাভ কৰিছে আৰু ইংলেণ্ডে এখন মেচত জয়লাভ কৰিছে । যদিহে ৰাঁচীত অনুষ্ঠিত হৈ থকা চতুৰ্থখন টেষ্টত ভাৰতীয় দলে জয়লাভ কৰে, তেন্তে শৃংখলা দখল কৰিব । পঞ্চম আৰু অন্তিমখন টেষ্ট মেচ ধৰ্মশালাত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক: টেষ্ট ক্ৰিকেটত 4000 ৰাণ সম্পূৰ্ণ কৰিলে হিটমেন ৰোহিত শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.