ETV Bharat / sports

টেষ্ট ক্ৰিকেটত 4000 ৰাণ সম্পূৰ্ণ কৰিলে হিটমেন ৰোহিত শৰ্মাই

author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 7:52 PM IST

Rohit Sharma 4000 test runs
IND vs ENG

IND vs ENG: টেষ্ট ক্ৰিকেটত আন এক মাইলৰ খুঁটি স্থাপন কৰিলে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই । টেষ্টত চাৰি হাজাৰ ৰান সম্পূৰ্ণ কৰি তেওঁ মহান খেলুৱৈসকলৰ তালিকাত স্থান লাভ কৰিছে । সম্পূৰ্ণ খবৰ পঢ়ক...

নিউজ ডেস্ক, 25 ফেব্ৰুৱাৰী: ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই নিজৰ কেৰিয়াৰত অৰ্জন কৰিছে আন এক বৃহৎ সাফল্য। টেষ্ট ক্ৰিকেটত ৪০০০ ৰান সম্পূৰ্ণ কৰিছে ৰোহিতে । ইংলেণ্ডৰ বিৰুদ্ধে ৰাঁচীত চলি থকা শৃংখলাৰ চতুৰ্থখন টেষ্ট মেচত হিটমেনে এই অভিলেখ অৰ্জন কৰিছে । ইংলেণ্ডৰ বিৰুদ্ধে খেলা মেচখনৰ তৃতীয় দিনাৰ অন্তত ২০ ৰান সংগ্ৰহ কৰাৰ লগে লগেই ৪০০০ ৰান সম্পূৰ্ণ হয় ভাৰতীয় অধিনায়কগৰাকীৰ । এই মেচখনৰ দ্বিতীয় ইনিংছত তৃতীয় দিনৰ খেলৰ শেষলৈকে ৰোহিত শৰ্মাই অপৰাজিত ২৪ ৰান সংগ্ৰহ কৰিছে ।

ৰোহিতে ৪০০০ টেষ্ট ৰাণ সম্পূৰ্ণ কৰে

এই মেচখনৰ পূৰ্বে ৰোহিত শৰ্মাক ৪০০০ ৰান সম্পূৰ্ণ কৰিবলৈ ২২ ৰানৰ প্ৰয়োজন হৈছিল । এই মেচখনৰ প্ৰথম ইনিংছত মাত্ৰ ২ ৰানতে আউট হৈছিল ৰোহিত । এনে পৰিস্থিতিত যদি তেওঁৰ ৪০০০ হাজাৰ ৰান সম্পূৰ্ণ কৰিবলৈ তেওঁক আৰু ২০ ৰানৰ প্ৰয়োজন হৈছিল । টেষ্ট মেচখনত তেওঁ দ্বিতীয় ইনিংছত ২০ ৰান সংগ্ৰহ কৰি ৪০০০ ৰান সম্পূৰ্ণ কৰে । ভাৰতৰ হৈ ৫৮ খন টেষ্ট মেচৰ ১০০ ইনিংছত ৪০০৪ ৰান সংগ্ৰহ কৰিছে ৰোহিতে । ৰোহিতৰ নামত আছে ১১টা শতক আৰু ১৬ টা অৰ্ধশতক ।

টেষ্ট ক্ৰিকেটত ৪০০০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰা ভাৰতৰ ১৭ সংখ্যক খেলুৱৈ হিচাপে পৰিগণিত হৈছে ৰোহিত । ইয়াৰ লগে লগে ৰোহিত শৰ্মা ভাৰতৰ হৈ আটাইতকৈ কম ইনিংছত দ্ৰুতভাৱে ৪০০০ ৰান সংগ্ৰহ কৰা অষ্টমগৰাকী ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে ।

ভাৰতৰ হৈ আটাইতকৈ কম ইনিংছত ৪০০০ ৰান সংগ্ৰহ কৰা বেটছমেন

  1. বীৰেন্দ্ৰ সেহৱাগ – ইনিংছ ৭৯
  2. সুনীল গাভাস্কাৰ – ইনিংছ ৮১
  3. চেটেশ্বৰ পূজাৰা – ইনিংছ ৮৪
  4. শচীন তেণ্ডুলকাৰ - ইনিংছ ৮৬
  5. মহম্মদ আজহাৰুদ্দিন – ইনিংছ ৮৮
  6. বিৰাট কোহলী – ইনিংছ ৮৯
  7. গৌতম গম্ভীৰ - ইনিংছ ৬৯
  8. ৰোহিত শৰ্মা - ইনিংছ ১০০

এতিয়ালৈকে মেচখনৰ সম্পূৰ্ণ স্থিতি

এই খেলখনৰ তৃতীয় দিনা জয়ৰ দুৱাৰমুখত থিয় দিছে ভাৰত । ইংলেণ্ডে প্ৰথম ইনিংছত ৩৫৩ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ভাৰতে প্ৰথম ইনিংছত ৩০৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় । এই ক্ষেত্ৰত ইংলেণ্ডে ভাৰতৰ ওপৰত ৪৭ ৰানৰ অগ্ৰগতি লাভ কৰে । দ্বিতীয় ইনিংছত ১৪৫ ৰানত অল আউট হয় ইংলেণ্ড দল ।

ইয়াৰ পিছত ভাৰতে জয়ৰ লক্ষ্য লাভ কৰিছিল ১৯২ ৰানৰ । এই লক্ষ্য অনুসৰণ কৰি ভাৰতে দিনটোৰ খেলৰ শেষলৈকে কোনো উইকেট নেহেৰুওৱাকৈ দ্বিতীয় ইনিংছত ৪০ ৰান সংগ্ৰহ কৰিছে । এতিয়া খেলখনৰ চতুৰ্থ দিনটোত ভাৰতক ১৫২ ৰানৰ প্ৰয়োজন আৰু ইংলেণ্ডক জয়ী হ’বলৈ ১০টা উইকেটৰ প্ৰয়োজন ।

লগতে পঢ়ক: ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলা জয়ৰ বাবে ভাৰতক প্ৰয়োজন 152 ৰাণৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.