ETV Bharat / sports

চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে 6 উইকেটত জয়লাভ ছান ৰাইজাৰ্ছ হায়দৰাবাদৰ - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 9:40 AM IST

CSK VS SRH: সুন্দৰ প্ৰদৰ্শনেৰে আই পি এল 2024ৰ 18 সংখ্যক মেচখনত CSK ক 6 উইকেটত পৰাস্ত কৰে SRH এ ।

CSK VS SRH IPL MATCH
CSK VS SRH

নিউজ ডেস্ক, 6 এপ্ৰিল: আই পি এ 2024 ৰ 18 সংখ্যক মেচখনত হায়দৰাবাদৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত ছান ৰাইজাৰ্ছ হায়দৰাবাদে 6 উইকেটত পৰাস্ত কৰে চেন্নাই ছুপাৰ কিংছক । টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰা ছান ৰাইজাৰ্ছ হায়দৰাবাদক নিৰ্ধাৰিত 20 অভাৰত 166 ৰাণৰ লক্ষ্য বান্ধি দিছিল চেন্নাই ছুপাৰ কিংছে । কিন্তু 18.1 অভাৰতে 4 উইকেটৰ বিনিময়ত বিজয় সাব্যস্ত কৰে পেট কামিনছ নেতৃত্বাধীন ছান ৰাইজাৰ্ছ হায়দৰাবাদ দলে ।

SRH ৰ আমন্ত্ৰণ মৰ্মে বেটিং কৰিবলৈ অহা CSK য়ে 3.1 অভাৰত 25 ৰাণত ৰাচিন ৰবিন্দ্ৰৰ উইকেট হেৰুৱাই । 7.1 অভাৰত দলৰ স্ক'ৰ 54 হৈ থকা সময়তে 26 ৰাণ কৰি পেভিলিয়নমুখী হয় অধিনায়ক ঋতুৰাজ গাইকোৱাড ।

আজিংক্য ৰাহানে আৰু শিৱম দুবেয়ে দলৰ স্ক'ৰ আগুৱাই নিয়ে যদিও 13.4 অভাৰত দুবে 45 ৰাণ কৰি আউট হয় । তাৰ পিচতেই 14.6 অভাৰত 35 ৰাণ কৰি আউট হয় ৰাহানে । ৰবীন্দ্ৰ জাদেজাই অপৰাজিতভাৱে 31 ৰাণ কৰে । 20 অভাৰত 5 উইকেটৰ বিনিময়ত 165 ৰাণ সংগ্ৰহ কৰে CSK-এ ।

166 ৰাণৰ লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰা SRH ৰ দুই অপেনাৰ ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাই সুন্দৰ আৰম্ভণি কৰে । হেডে 31 ৰাণ আৰু অভিষেকে 37 ৰাণ কৰি আউট হয় । এইডেন মাৰ্ক্ৰামে 50 ৰাণৰ অনবদ্য বৰঙণি যোগায় । 18.1 অভাৰত 4 উইকেট হেৰুৱাই SRH দলে CSK ৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে ।

আই পি এল 2024 ৰ পইন্ট তালিকাত বৰ্তমান CSK তৃতীয় স্থানত থকাৰ বিপৰীতে পঞ্চম স্থানত আছে SRH ।

লগতে পঢ়ক: গুজৰাটত টাইটানছৰ বিৰুদ্ধে 3 উইকেটত ৰোমাঞ্চকৰ জয় পঞ্জাব কিংছৰ - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.